--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন ৰাষ্ট্ৰীয় পেন্সন নীতি চমুকৈ এন পি এছ ব্যৱস্থা প্ৰত্যাহাৰ কৰি পুৰণি পেন্সন নীতি চমুকৈ অ’ পি এছ ব্যৱস্থা পুনৰবাহাল কৰিবলৈ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদে৷ জাতীয়তাবাদী আঞ্চলিক দলটোৰ মতে, চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰকালীন পেন্সনৰ সমগ্ৰ ব্যৱস্থাটোত সংস্কাৰ সাধনৰ নামত বাজপেয়ী চৰকাৰৰ দিনত এন পি এছ ব্যৱস্থা প্ৰৱৰ্তনৰ জৰিয়তে কৰ্মচাৰীসকলৰ অধিকাৰ হৰণ কৰা হৈছে৷ বিজেপি দলৰ কৰ্পোৰেটমুখী নীতিৰ অংশ স্বৰূপে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল বুলি উল্লেখ কৰি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি কয় যে অ’ পি এছ ব্যৱস্থা প্ৰৱৰ্তনৰ সম্পূৰ্ণ এক্তিয়াৰ ৰাজ্য চৰকাৰৰ৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ে ইতিমধ্যে এই দিশত ৰাজ্য চৰকাৰক সেউজ সংকেত দি থৈছে৷ ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে কোনো বাধা অৱিহনে যিকোনো মুহূৰ্তত অ’ পি এছ ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰে৷

উল্লেখযোগ্য যে সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বানত দুদিন পূৰ্বে অৰ্থাৎ যোৱা ২২ আৰু ২৩ আগষ্টত অসমৰ ৩.৭৫ লাখ কৰ্মচাৰীয়ে অ’ পি এছ ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত দুদিনজোৰা কৰ্মবিৰতি পালন কৰিছিল৷ অসম জাতীয় পৰিষদে কৰ্মচাৰীসকলৰ উক্ত আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল৷ সেই প্ৰসংগতে আজি দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত দলৰ সভাপতি লুৰীজ্যোতি গগৈয়ে কয় যে ভাৰতৰ সংবিধানৰ ৩৬৬ নং দফাৰ ১৭ নং অনুচ্ছেদত পেন্সনক কৰ্মচাৰীসকলৰ এটা অধিকাৰ বুলি কোৱা হৈছে৷ ডি এছ নাকাৰা বনাম ভাৰত চৰকাৰ গোচৰত ভাৰতৰ উচ্চতম ন্যায়ালয়য়ে পেন্সনক সামাজিক নিৰাপত্তাৰ এটা আৰ্হি বুলি কৈছে৷ এনে প্ৰেক্ষাপটত এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে ভাৰত বা অসমত কৰ্মচাৰীসকলক অৱসৰোত্তৰ পেন্সন প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব৷

পৃথিৱীৰ কেইবাখনো দেশ যেনে ছুইডেন, চিলি, অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদিত ভাৰতৰ দৰেই নতুন ৰাষ্ট্ৰীয় পেন্সন নীতি (এন পি এছ) প্ৰৱৰ্তন কৰা হৈছিল যদিও সেই দেশবোৰতো তাৰ বিৰোধ হোৱাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইবাখনো দেশে সেয়া সংশোধনেৰে বিকল্প পেন্সন ব্যৱস্থাও প্ৰৱৰ্তন কৰিবলগীয়া হৈছে৷

গগৈৰ মতে,  যিবোৰ দেশত এন পি এছ ব্যৱস্থা সক্ৰিয়, সেইবোৰ মূলতঃ কর্পোৰেট নিয়ন্ত্ৰিত, পুঁজিবাদ-সক্ৰিয় দেশ৷ কিন্তু ভাৰত যিহেতু কল্যাণকামী ৰাষ্ট্ৰ (Welfare State), আৰু আমাৰ দেশৰ জনসাধাৰণ মূলতঃ চৰকাৰ-মুখাপেক্ষী, সেয়ে ভাৰতত (বা  অসমত) জনসাধাৰণৰ (লগতে কর্মচাৰীসকলৰ) আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব চৰকাৰে লবই লাগিব৷ 

এন পি এছ ব্যৱস্থাত কৰ্মচাৰীৰ দৰমহাৰ পৰা সংগৃহীত ধনৰ অংশ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ ব্যৱস্থাটো ব্যক্তিৰ স্বাধীনতা হৰণৰ নামান্তৰ বুলি উল্লেখ কৰি গগৈয়ে কয় যে অ’ পি এছ ব্যৱস্থাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে চৰকাৰক সেৱা আগনবঢ়াই থকা স্বত্বেও তেওঁলোকক মাহিলী বৃহৎ পৰিমাণৰ ধন আদায় দিবলগীয়া হোৱাটোক একাংশ আধুনিক আৰ্থনীতিবিদে অনুৎপাদনশীল (unproductive) বুলি কৈ সেয়া ৰাষ্ট্ৰৰ ওপৰত এক বোজা হিচাপে বিবেচনা কৰে যদিও এই চিন্তা কল্যাণকামী ৰাষ্ট্ৰ চেতনাৰ বিপৰীত৷ কিয়নো আমাৰ দেশৰ কল্যাণকামী ৰাষ্ট্ৰ নীতিৰ সুবাদতে ভাৰত চৰকাৰে কমেও ১২ খন ফ্লেগশ্বিপ আঁচনি আৰু আন প্ৰায় ৬৫খন আঁচনি ৰূপায়ন কৰি আছে৷ হিতাধিকাৰী আঁচনিসমূহৰ অংশস্বৰূপে প্ৰত্যাক্ষ লাভ হস্তান্তৰ (ডি বি টি) ব্যৱস্থাৰ অধীনত ২০১৯ চনৰ পৰা এতিয়ালৈ ৩১,২৪,৩৪৯ কোটি টকা বিতৰণ কৰিছে৷ অকল চলিত ২০২৩-২৪ বিত্ত বৰ্ষত এতিয়ালৈ বিতৰণ কৰিছে ১,৩৯,৯৩৬ কোটি টকা৷ অসম চৰকাৰে কেৱল হিতাধিকাৰী আঁচনিৰ নামত কেইবা হেজাৰ কোটি টকা খৰচ কৰে৷ অকল অৰুণোদয় আঁচনিত বছৰি প্ৰায় ৩,৬০০ কোটি টকা খৰচ হয়৷ ক্ষুদ্ৰ ঋণ ৰেহাই আঁচনিত প্ৰায় ১,৭০০ কোটি টকা ব্যয় কৰা হৈছে৷ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ঋণৰ কিস্তি পৰিষোধত বছৰি প্ৰায় ছহেজাৰ কোটি টকা খৰছ হয়৷ এনে প্ৰেক্ষাপটত সমগ্ৰ কৰ্মজীৱন চৰকাৰী সেৱাত নিজকে নিয়োজিত কৰা কৰ্মচাৰীসকলৰ অৱসৰোত্তৰ জীৱনৰ আৰ্থিক নিৰাপত্তাৰ দায়িত্বও চৰকাৰে গ্ৰহণ কৰা উচিত৷ 

গগৈয়ে লগতে কয় যে কৰ্মচাৰীসকলে কর্মজীৱনত চৰকাৰৰ প্ৰতি আনুগত্য (Loyalty) আৰু গোপনীয়তা (Secrecy) বজায় ৰাখি ৰাষ্ট্ৰৰ প্ৰতি এক মহান সেৱা আগবঢ়ায়৷ তেওঁলোকৰ অৱসৰকালীন জীৱনৰ আৰ্থিক নিৰাপত্তা চৰকাৰৰ দ্বাৰাই বিঘ্নিত হ’লে কৰ্মচাৰীসকলৰ মাজত সেৱাৰ মানসিকতা হ্ৰাস হ’ব৷  

জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে সাধাৰণতে এন পি এছক কেন্দ্ৰীয় চৰকাৰৰ নীতি বুলি কৈ ৰাজ্য চৰকাৰৰ মুখীয়ালসকলে দায়িত্ব কেন্দ্ৰলৈ ঠেলি আহিছে৷ কিন্তু প্ৰকৃতপক্ষে পেন্সন সম্পৰ্কীয় নীতি ৰূপায়নৰ একচেটিয়া কৰ্তৃত্ব ৰাজ্য চৰকাৰৰহে৷ এই সংক্ৰান্তত ২০০৮ চনৰ ২ ফেব্ৰুৱাৰীৰ দিনা সচিবালয় সেৱা সন্থাই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হাতত অৰ্পন কৰা স্মাৰকপত্ৰৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে কয় যে  প্ৰধান মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে, ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ে উক্ত স্মাৰকপত্ৰৰ প্ৰসংগত অসমৰ মুখ্য সচিবলৈ পত্ৰ লিখি এন পি এছ প্ৰত্যাহাৰ আৰু অ’ পি এছ প্ৰৱৰ্তনৰ সমুদায় দায়িত্ব ৰাজ্য চৰকাৰৰ বুলি উল্লেখ কৰি এই দিশত পদক্ষেপ লবলৈ অসম চৰকাৰক অনুৰোধ কৰিছিল৷ গতিকে যিহেতু এই বিষয়ত ভাৰত চৰকাৰৰ সেউজ সংকেত আছেই, গতিকে ৰাজ্য চৰকাৰে নিজৰ দায়িত্ব পালন কৰি শীঘ্ৰে অসমত অ’ পি এছ ব্যৱস্থা প্ৰৱৰ্তন কৰাটো সহজ হৈ আছে৷

আজিৰ সংবাদ মেলত দলৰ উপ-সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব চন্দ্ৰকান্ত দাস, দলৰ দুই সম্পাদক ৰাজু ফুকন আৰু অমৃৎ খাটনীয়াৰ উপস্থিত থাকে ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement