--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ্বি আংলঙৰ সদৰ ডিফুত ভয়ংকৰ ৰূপ লোৱা ডেংগি ৰোগৰ প্ৰাদুৰ্ভাৱ দূৰ কৰিবলৈ স্বাস্থ্য বিভাগক দাবী জনাইছে আম আদমি পাৰ্টীয়ে। চহৰখনত এতিয়ালৈকে মুঠ ৩,৩৩২ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰে চাৰিজন লোকৰ মৃত্যু হৈছে। আম আদমি পাৰ্টীয়ে লক্ষ্য কৰিছে যে এই ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই ধৰণে ব্যৱস্থা লোৱা নাই। এক বিবৃতিযোগে দলটোৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াই কয় যে এই ৰোগৰ বাহক মহ। গতিকে মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে যুদ্ধকালীন তৎপৰতা গ্ৰহণ কৰিব লাগে। 

কেইবাসপ্তাহ ধৰি অঞ্চলটোত এই ৰোগৰ সংক্ৰমণ হৈ আছে যদিও চৰকাৰে ইয়াক ৰোধ কৰিব পৰা নাই। যোৱা বুধবাৰৰ দিনটোতে ৮০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে।

 উল্লেখ্য যে কিছু বছৰৰ আগলৈকে দিল্লীত প্ৰতি বছৰে শতাধিক লোক এই ৰোগত আক্ৰান্ত হৈছিল আৰু বহু লোক মৃত্যুৰ মুখত পৰিছিল। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত ঘৰৰ ভিতৰে-বাহিৰে জমা হৈ থকা বন্ধ পানী নিষ্কাষনৰ বাবে এক অভিযান আৰম্ভ কৰি মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান দিল্লীত এই ৰোগৰ সংক্ৰমণ নিয়ন্ত্ৰনাধীন। আসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনে ব্যৱস্থা ল'ব লাগে বুলি দলটোৱে আঙুলীয়াই দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক