--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ্বি আংলঙৰ সদৰ ডিফুত ভয়ংকৰ ৰূপ লোৱা ডেংগি ৰোগৰ প্ৰাদুৰ্ভাৱ দূৰ কৰিবলৈ স্বাস্থ্য বিভাগক দাবী জনাইছে আম আদমি পাৰ্টীয়ে। চহৰখনত এতিয়ালৈকে মুঠ ৩,৩৩২ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰে চাৰিজন লোকৰ মৃত্যু হৈছে। আম আদমি পাৰ্টীয়ে লক্ষ্য কৰিছে যে এই ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই ধৰণে ব্যৱস্থা লোৱা নাই। এক বিবৃতিযোগে দলটোৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াই কয় যে এই ৰোগৰ বাহক মহ। গতিকে মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে যুদ্ধকালীন তৎপৰতা গ্ৰহণ কৰিব লাগে। 

কেইবাসপ্তাহ ধৰি অঞ্চলটোত এই ৰোগৰ সংক্ৰমণ হৈ আছে যদিও চৰকাৰে ইয়াক ৰোধ কৰিব পৰা নাই। যোৱা বুধবাৰৰ দিনটোতে ৮০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে।

 উল্লেখ্য যে কিছু বছৰৰ আগলৈকে দিল্লীত প্ৰতি বছৰে শতাধিক লোক এই ৰোগত আক্ৰান্ত হৈছিল আৰু বহু লোক মৃত্যুৰ মুখত পৰিছিল। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত ঘৰৰ ভিতৰে-বাহিৰে জমা হৈ থকা বন্ধ পানী নিষ্কাষনৰ বাবে এক অভিযান আৰম্ভ কৰি মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান দিল্লীত এই ৰোগৰ সংক্ৰমণ নিয়ন্ত্ৰনাধীন। আসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনে ব্যৱস্থা ল'ব লাগে বুলি দলটোৱে আঙুলীয়াই দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু