--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অসমৰ গ্ৰাম্য সমাজত ঢেঁকীক এক মান্যতা দিয়া হয়৷ কৃষিপ্ৰধান অসমীয়া সমাজখনত ঢেঁকীয়ে লৈ আহিছে গুৰুত্বপূৰ্ণ স্থান৷ লোকজীৱনৰ প্ৰাচীনতম এই উপাদানটোক এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত জিলিকাই তুলিবলৈ সক্ষম হৈছে অসমৰ দুই ছাত্ৰই৷ পৰম্পৰাগত ঢেঁকীক আধুনিকীকৰণৰ নতুন সম্পৰীক্ষাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ নাহৰকটীয়াৰ চৰকাৰী মাধ্যমৰ দুই ছাত্ৰৰ।

নাহৰকটীয়াৰ চাচনীৰ চেঁচা সত্ৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ মৌচুম হাজৰিকা আৰু প্ৰীতম সোণোৱালে ২৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ‘বহনক্ষম জীৱনৰ বাবে বিজ্ঞান’, এই মূল বিষয়ৰ আধাৰত ‘অসমৰ পৰম্পৰাগত ঢেঁকী কাৰ্যক্ষমতা আৰু উন্নতি সাধন’- শীৰ্ষক এক প্ৰকল্প প্ৰস্তুত কৰি ঢেঁকীক আধুনিকীকৰণ কৰি প্ৰথমে ৰাজ্যিক আৰু তাৰ পাছত ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱা মুঠ ২৬টা দলৰ ভিতৰত নিজৰ স্থান দখল কৰিবলৈ কৰিবলৈ সক্ষম হৈছে৷

ছাত্ৰদুগৰাকীয়ে ঢেঁকীত দুখন ছ’লাৰ প্লেট, বেটেৰী আৰু মটৰ ব্যৱহাৰ কৰি ঢেঁকীক আধুনিকীকৰণ কৰিবলৈ সযত্ন প্ৰয়াস কৰিছে। পৰম্পৰাগত ঢেঁকীক একেই ৰূপত ৰাখি কেৱল মানুহৰ ঠাইত মটৰ ব্যৱহাৰ কৰি এই আধুনিক ঢেঁকীটোৰ আৰ্হি নিৰ্মাণ কৰি উলিয়াইছে তেওঁলোকে। প্ৰতীকৰূপত উপস্থাপন কৰা ছাত্ৰদুগৰাকীৰ এই আৰ্হিয়ে সফল ৰূপ পালে, এই ঢেঁকীৰ দ্বাৰা প্ৰতিঘণ্টাত পাঁচৰ পৰা দহ কিলোগ্ৰাম পৰ্যন্ত চাউল, চিৰা আৰু হালধি খুন্দিব পৰা যাব৷

গুজৰাটৰ আহমেদাবাদৰ চাইনছ চিটীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত স্থান দখল কৰি অসম আৰু নিজৰ বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিব বুলি আত্মবিশ্বাসী দুই ছাত্ৰৰ লগতে বিদ্যালয়দুখনৰ শিক্ষক-শিক্ষয়িত্ৰী। যিসময়ত অসমৰ একাংশ লোকৰ অসমীয়া মাধ্যমৰ লগতে চৰকাৰী বিদ্যালয়ৰ প্ৰতি মোহভংগ ঘটিছে, সেই সময়তে চৰকাৰী বিদ্যালয়ত অসমীয়া মাধ্যমত অধ্যয়ন কৰা এই দুই ছাত্ৰৰ সফলতাই সুখী কৰি তুলিছে নাহৰকটীয়াৰ ছাত্ৰদুগৰাকীৰ অভিভাৱকৰ লগতে শিক্ষক-কৰ্মচাৰী আৰু শুভাকাংক্ষীসকলক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক