--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অসমৰ গ্ৰাম্য সমাজত ঢেঁকীক এক মান্যতা দিয়া হয়৷ কৃষিপ্ৰধান অসমীয়া সমাজখনত ঢেঁকীয়ে লৈ আহিছে গুৰুত্বপূৰ্ণ স্থান৷ লোকজীৱনৰ প্ৰাচীনতম এই উপাদানটোক এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত জিলিকাই তুলিবলৈ সক্ষম হৈছে অসমৰ দুই ছাত্ৰই৷ পৰম্পৰাগত ঢেঁকীক আধুনিকীকৰণৰ নতুন সম্পৰীক্ষাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ নাহৰকটীয়াৰ চৰকাৰী মাধ্যমৰ দুই ছাত্ৰৰ।

নাহৰকটীয়াৰ চাচনীৰ চেঁচা সত্ৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ মৌচুম হাজৰিকা আৰু প্ৰীতম সোণোৱালে ২৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ‘বহনক্ষম জীৱনৰ বাবে বিজ্ঞান’, এই মূল বিষয়ৰ আধাৰত ‘অসমৰ পৰম্পৰাগত ঢেঁকী কাৰ্যক্ষমতা আৰু উন্নতি সাধন’- শীৰ্ষক এক প্ৰকল্প প্ৰস্তুত কৰি ঢেঁকীক আধুনিকীকৰণ কৰি প্ৰথমে ৰাজ্যিক আৰু তাৰ পাছত ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱা মুঠ ২৬টা দলৰ ভিতৰত নিজৰ স্থান দখল কৰিবলৈ কৰিবলৈ সক্ষম হৈছে৷

ছাত্ৰদুগৰাকীয়ে ঢেঁকীত দুখন ছ’লাৰ প্লেট, বেটেৰী আৰু মটৰ ব্যৱহাৰ কৰি ঢেঁকীক আধুনিকীকৰণ কৰিবলৈ সযত্ন প্ৰয়াস কৰিছে। পৰম্পৰাগত ঢেঁকীক একেই ৰূপত ৰাখি কেৱল মানুহৰ ঠাইত মটৰ ব্যৱহাৰ কৰি এই আধুনিক ঢেঁকীটোৰ আৰ্হি নিৰ্মাণ কৰি উলিয়াইছে তেওঁলোকে। প্ৰতীকৰূপত উপস্থাপন কৰা ছাত্ৰদুগৰাকীৰ এই আৰ্হিয়ে সফল ৰূপ পালে, এই ঢেঁকীৰ দ্বাৰা প্ৰতিঘণ্টাত পাঁচৰ পৰা দহ কিলোগ্ৰাম পৰ্যন্ত চাউল, চিৰা আৰু হালধি খুন্দিব পৰা যাব৷

গুজৰাটৰ আহমেদাবাদৰ চাইনছ চিটীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত স্থান দখল কৰি অসম আৰু নিজৰ বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিব বুলি আত্মবিশ্বাসী দুই ছাত্ৰৰ লগতে বিদ্যালয়দুখনৰ শিক্ষক-শিক্ষয়িত্ৰী। যিসময়ত অসমৰ একাংশ লোকৰ অসমীয়া মাধ্যমৰ লগতে চৰকাৰী বিদ্যালয়ৰ প্ৰতি মোহভংগ ঘটিছে, সেই সময়তে চৰকাৰী বিদ্যালয়ত অসমীয়া মাধ্যমত অধ্যয়ন কৰা এই দুই ছাত্ৰৰ সফলতাই সুখী কৰি তুলিছে নাহৰকটীয়াৰ ছাত্ৰদুগৰাকীৰ অভিভাৱকৰ লগতে শিক্ষক-কৰ্মচাৰী আৰু শুভাকাংক্ষীসকলক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান