--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ মোহময়ী অভিনেত্ৰী তথা সাংসদ নুছৰত জাহান মাতৃ হ’ল। পিতৃৰ অনুপস্থিতিত মাতৃত্বৰ স্বীকৃতিক লৈ স্বাভাৱিকতে গ্লানিৰ ছিটিকনি পৰিছে নুছৰতৰ ওপৰত। একাংশৰ কুৎসিত আক্ৰমণৰ সমান্তৰালকৈ মাতৃ নুছৰতক শুভেচ্ছাৰ বন্যাৰে উপচাই পেলাইছে তেওঁৰ অনুৰাগীসকলে। কিন্তু পিতৃৰ পৰিচয় বিচাৰি ৰাইজৰ দৰবাৰত থিয় কৰোৱা হৈছে তাৰকা সাংসদগৰাকীক। একবিংশ শতিকাৰ সমাজখনে নুছৰতৰ মাতৃত্বক সহজভাৱে ল’ব পৰা নাই! এই প্ৰসংগক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে নুছৰত জাহান। ছ’চিয়েল মিডিয়া সৰব হৈ থাকোতেই নুছৰত বিতৰ্কৰ আঁত ধৰি এইবাৰ সৰৱ হৈ পৰিছে খ্যাতনামা সাহিত্যিক তছলিমা নাছৰিন। জনপ্ৰিয় লেখিকাগৰাকীয়ে নুছৰতক শুভেচ্ছা জনাইছে।

ফেচবুক পোষ্টটোত তেওঁ সমাজৰ কেইবাটাও স্পৰ্শকাতৰ প্ৰসংগ আলোকপাত কৰিছে। আধুনিক সমাজে এতিয়াও 'ছিংগল মাডাৰ্ছ'ৰ বিষয়টো গ্ৰহণ নকৰা আৰু সন্তান জন্ম দিয়াৰ বিষয়ে কিছুমান ধাৰণাও স্পষ্ট ৰূপত দাঙি ধৰিছে তেওঁ। প্ৰসংগক্ৰমে তেওঁ কৈছিল, ‘ নুছৰত এগৰাকী প্ৰতিষ্ঠিত ছোৱালী। তেওঁ কাৰো দাসী নহয়। তেওঁ তেওঁৰ সন্তানৰ দ্বায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰিব বুলি মোৰ বিশ্বাস। হাজাৰ বিতৰ্কক নেওচি নুছৰতে পিতৃৰ পৰিচয় অবিহনে নিজসন্তানক পৃথিৱীলৈ অনাৰ দুঃসাহসিক কাৰ্য সাধন কৰিছে।’

নুছৰতক প্ৰশংসা কৰি তেওঁ পুনৰ কয় যে, ‘নুছৰতে স্বামীৰ শুক্ৰাণু অবিহনেই সন্তান জন্ম দিছে। এয়া তেওঁৰ ইচ্ছা। শুক্ৰাণুটো কাৰ সেইটো ডাঙৰ কথা নহয়। কেঁচুৱাটো মূলতঃ তেওঁৰ যিয়ে গৰ্ভধাৰণ কৰে।’ বৰ্তমান সময়ত সন্তান জন্ম দিবলৈ প্ৰয়োজনীয় শুক্ৰাণুৰ বাবে পুৰুষৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। ছোৱালীৰ ষ্টেম কোষৰ পৰা শুক্ৰাণু তৈয়াৰ কৰিব পাৰি বুলিও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদানৰ উপৰি পুৰুষতান্ত্ৰিক সমাজত এগৰাকী 'ছিংগল মাডাৰ্ছ'ৰ অভিজ্ঞতা প্ৰকৃততে কেনেকুৱা হ'ব পাৰে বাংলাদেশৰ জনপ্ৰিয় লেখিকাগৰাকীয়ে তাৰো যুক্তিপূৰ্ণ বাখ্যা দাঙি ধৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু