--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ মোহময়ী অভিনেত্ৰী তথা সাংসদ নুছৰত জাহান মাতৃ হ’ল। পিতৃৰ অনুপস্থিতিত মাতৃত্বৰ স্বীকৃতিক লৈ স্বাভাৱিকতে গ্লানিৰ ছিটিকনি পৰিছে নুছৰতৰ ওপৰত। একাংশৰ কুৎসিত আক্ৰমণৰ সমান্তৰালকৈ মাতৃ নুছৰতক শুভেচ্ছাৰ বন্যাৰে উপচাই পেলাইছে তেওঁৰ অনুৰাগীসকলে। কিন্তু পিতৃৰ পৰিচয় বিচাৰি ৰাইজৰ দৰবাৰত থিয় কৰোৱা হৈছে তাৰকা সাংসদগৰাকীক। একবিংশ শতিকাৰ সমাজখনে নুছৰতৰ মাতৃত্বক সহজভাৱে ল’ব পৰা নাই! এই প্ৰসংগক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে নুছৰত জাহান। ছ’চিয়েল মিডিয়া সৰব হৈ থাকোতেই নুছৰত বিতৰ্কৰ আঁত ধৰি এইবাৰ সৰৱ হৈ পৰিছে খ্যাতনামা সাহিত্যিক তছলিমা নাছৰিন। জনপ্ৰিয় লেখিকাগৰাকীয়ে নুছৰতক শুভেচ্ছা জনাইছে।

ফেচবুক পোষ্টটোত তেওঁ সমাজৰ কেইবাটাও স্পৰ্শকাতৰ প্ৰসংগ আলোকপাত কৰিছে। আধুনিক সমাজে এতিয়াও 'ছিংগল মাডাৰ্ছ'ৰ বিষয়টো গ্ৰহণ নকৰা আৰু সন্তান জন্ম দিয়াৰ বিষয়ে কিছুমান ধাৰণাও স্পষ্ট ৰূপত দাঙি ধৰিছে তেওঁ। প্ৰসংগক্ৰমে তেওঁ কৈছিল, ‘ নুছৰত এগৰাকী প্ৰতিষ্ঠিত ছোৱালী। তেওঁ কাৰো দাসী নহয়। তেওঁ তেওঁৰ সন্তানৰ দ্বায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰিব বুলি মোৰ বিশ্বাস। হাজাৰ বিতৰ্কক নেওচি নুছৰতে পিতৃৰ পৰিচয় অবিহনে নিজসন্তানক পৃথিৱীলৈ অনাৰ দুঃসাহসিক কাৰ্য সাধন কৰিছে।’

নুছৰতক প্ৰশংসা কৰি তেওঁ পুনৰ কয় যে, ‘নুছৰতে স্বামীৰ শুক্ৰাণু অবিহনেই সন্তান জন্ম দিছে। এয়া তেওঁৰ ইচ্ছা। শুক্ৰাণুটো কাৰ সেইটো ডাঙৰ কথা নহয়। কেঁচুৱাটো মূলতঃ তেওঁৰ যিয়ে গৰ্ভধাৰণ কৰে।’ বৰ্তমান সময়ত সন্তান জন্ম দিবলৈ প্ৰয়োজনীয় শুক্ৰাণুৰ বাবে পুৰুষৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। ছোৱালীৰ ষ্টেম কোষৰ পৰা শুক্ৰাণু তৈয়াৰ কৰিব পাৰি বুলিও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদানৰ উপৰি পুৰুষতান্ত্ৰিক সমাজত এগৰাকী 'ছিংগল মাডাৰ্ছ'ৰ অভিজ্ঞতা প্ৰকৃততে কেনেকুৱা হ'ব পাৰে বাংলাদেশৰ জনপ্ৰিয় লেখিকাগৰাকীয়ে তাৰো যুক্তিপূৰ্ণ বাখ্যা দাঙি ধৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ