--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে (১৪ আগষ্ট) উচ্চতম ন্যায়ালয়ে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি মুখ্য ন্যায়াধীশৰ নামত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈ থকা এটা পোষ্ট খণ্ডন কৰে। এই পোষ্টটোত মুখ্য ন্যায়াধীশৰ উদ্ধৃতি দি লিখা হৈছে যে সংবিধান ৰক্ষাৰ বাবে ৰাইজে চৰকাৰৰ বিৰোধিতা কৰিব লাগে।

আদালতে জাৰি কৰা বিবৃতিটোত আৰক্ষীৰ জৰিয়তে বিষয়টোত বিহিত ব্যৱস্থা গ্ৰহণ কৰা বুলি কোৱা হৈছে। এই ভুৱা পোষ্টটোত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ ফটোৰ উদ্ধৃতি দি ৰাইজক চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনোৱা হৈছিল।উচ্চতম ন্যায়ালয়ে এক বিবৃতিত কয় যে আদালতৰ দৃষ্টিগোচৰ হৈছে যে ছ’চিয়েল মিডিয়াত এটা পোষ্টত ফাইল ফটো ব্যৱহাৰ কৰি দেশৰ মুখ্য ন্যায়াধীশৰ উদ্ধৃতি দি ভুৱাকৈ লিখা হৈছে।ইয়াত আৰু কোৱা হৈছে যে এই পোষ্টটো ভুৱা, ভুল উদ্দেশ্যেৰে কৰা আৰু এনে কাৰ্য গৰিহণাযোগ্য। এনে কোনো পোষ্ট মুখ্য ন্যায়াধীশে জাৰি কৰা নাই, এনে কোনো কথাও কোৱা হোৱা নাই। এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে।

বিবৃতিটো নিজেই পঢ়িলেই এটা ধাৰণা কৰিব পাৰি যে ই ভুৱা আৰু সম্পূৰ্ণ ৰচনা কৰা হৈছে কাৰণ ভাৰতীয় সংসদীয় গণতন্ত্ৰত সংবিধানে ক্ষমতা বিচ্ছেদৰ নীতি প্ৰতিষ্ঠা কৰিছে৷ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ ব্যৱস্থাত ন্যায়পালিকা আৰু কাৰ্যবাহীৰ মাজত ক্ষমতা বিভাজনৰ কথা স্পষ্টকৈ উল্লেখ আছে। সংবিধানৰ ৫০ নং দফাত এই কথা স্পষ্টকৈ উল্লেখ আছে। এই কথাটো উচ্চতম ন্যায়ালয়ে ১৯৭৩ চনৰ ল্যাণ্ডমাৰ্ক গোচৰ কেশৱানন্দ ভাৰতী বনাম কেৰালা ৰাজ্যৰ গোচৰতো পুনৰ প্ৰতিষ্ঠা কৰিছিল।

একে সময়তে সংবিধানৰ ১০৫ নং অনুচ্ছেদত সাংসদসকলক বিশেষাধিকাৰ দিয়া হৈছে, যাৰ অধীনত সংসদৰ সদস্যৰ হৈ সংসদত কোৱা কথাৰ বিৰুদ্ধে যিকোনো আদালতত কাৰ্যবিধিৰ পৰা ৰেহাই দিয়া হৈছে।কিন্তু এই বিশেষাধিকাৰও সীমাহীন নহয়, কিয়নো ১২১ নং অনুচ্ছেদত স্পষ্টকৈ কোৱা হৈছে যে ই উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ সন্দৰ্ভত সংসদত আলোচনাত বাধা আৰোপ কৰি ন্যায়পালিকাৰ স্বাধীনতা আৰু কৰ্তৃত্ব সুৰক্ষিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস