--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অব্যাহত আছে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা৷ ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খোলাৰ অংগীকাৰ লোৱা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই পুনৰ মুখামুখি হ’ল সুতীব্ৰ ঘৃণাৰ! 

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শনিবাৰে তেওঁৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সৈতে বাৰাণসীত উপস্থিত হৈছিল। তাত তেওঁ প্ৰায় ১২ কিলোমিটাৰ ৰোড শ্ব’ কৰিছিল৷ শোভাযাত্ৰাটোত জনসমাগম হৈছিল অভূতপূৰ্ব৷ ৰাহুল গান্ধীক ওচৰৰ পৰা চাবলৈ হেতাওপৰা লগাইছিল কংগ্ৰেছ কৰ্মী আৰু ৰাহুল গান্ধীৰ অনুৰাগীসকলে৷

সেইখিনিলৈ ঠিকেই আছিল৷ কিন্তু, যেতিয়া যাত্ৰাটো পাৰ হৈ গৈছিল, তাৰ পাছতেই কিছুমান বিজেপি কৰ্মীয়ে ৫১ লিটাৰ গংগা পানীৰে সেই ঠাই ধুই কংগ্ৰেছ আৰু ৰাহুল গান্ধী বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তুলিছিল৷

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ পাছত বিজেপি কৰ্মীসকলে গোদাউলিয়াৰ নন্দী চাৰিআলিৰ ৰাজপথ ৫১ লিটাৰ গংগা পানীৰে ধুইছিল। বিজেপি কৰ্মীসকলে কয় যে ৰাহুল গান্ধীয়ে চাৰিআলিটো দূষিত কৰিছে। সনাতন ধৰ্মৰ ওপৰত কোনো বিশ্বাস নথকা মাংস খোৱা ব্যক্তি এজন ইয়ালৈ আহিছে আৰু ঠাইখিনি দূষিত কৰিছে, সেয়ে আমি ৫১ লিটাৰ গংগা পানীৰে পবিত্ৰ কৰিছোঁ৷

আনহাতে, আমেঠি, ৰায়বৰেলী আৰু লক্ষ্ণৌপথত যাত্ৰাৰ প্ৰস্তুতি চূড়ান্ত কৰা হৈছে। যাত্ৰাটো ২১ ফেব্ৰুৱাৰীত কানপুৰত উপস্থিত হ'ব৷ যাত্ৰাটো ২৪ ফেব্ৰুৱাৰীত মোৰাদাবাদৰ পৰা পুনৰ আৰম্ভ হ'ব আৰু ৰাজস্থান পাবলৈ আমৰোহা, সম্ভাল, আলিগড়, হাতৰাছ, আগ্ৰাৰ মাজেৰে পাৰ হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ