--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষ এৰিলে ফৰাচী সাংবাদিক ভেনেছা ডুনাকে। শুকুৰবাৰে যোৱাৰ পূৰ্বে তেওঁ এটা পোষ্ট সামাজিক মাধ্যমত দিয়ে য’ত লিখা হৈছিল, "মই এই কথাবোৰ চকুলোৰে লিখিছোঁ৷আজি মই ভাৰত এৰি যাম, পঁচিশ বছৰ আগতে মই ছাত্ৰ হিচাপে অহা দেশ এইখন। য'ত মই ২৩ বছৰ সাংবাদিকতা কৰিছিলো। বিয়া হোৱা ঠাইখন। মই শিশুটিক ডাঙৰ-দীঘল কৰিলোঁ। যিখন দেশত মই মোৰ ঘৰ বুলি গণ্য কৰোঁ।ভাৰত চৰকাৰে মোক দেশ এৰি যাবলৈ বাধ্য কৰাইছে।"

উল্লেখ্য যে,ভেনেছা ফ্ৰান্স, ছুইডেন আৰু বেলজিয়ামৰ বিভিন্ন বাতৰি কাকতৰ দক্ষিণ এছিয়াৰ সংবাদদাতা।ভেনেছাই দিল্লীৰ পৰা কাম কৰিছিল। বিবাহৰ দ্বাৰা ভাৰতীয় বহিঃৰাষ্ট্ৰৰ নাগৰিক (অ’চিআই) কাৰ্ড থকা ভেনেছাই লিখিছে, “যোৱা মাহত মোক এখন জাননী দিয়া হৈছিল যে মই আৰু মোৰ প্ৰতিবেদনসমূহ ভাৰতৰ ঐক্য আৰু সাৰ্বভৌমত্ব’ৰ বাবে ক্ষতিকাৰক।’’ ইয়াক কিয় OCI কাৰ্ড বাতিল কৰিব নালাগে তাৰ কাৰণ দেখুৱাবলৈ কোৱা হৈছে। মোৰ প্ৰতিবেদনসমূহ দাখিলৰ কাৰ্যই শান্তি-শৃংখলা ভংগৰ সৃষ্টি কৰিব পাৰে বুলি দাবী কৰা হৈছে।

দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱস উদ্‌যাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। সেই সময়ত দুয়োখন দেশৰ প্ৰতিনিধিত্বমূলক পৰ্যায়ত আলোচনাত ভেনেছাক দিয়া জাননীৰ বিষয়টো আহিছিল। বৈঠকৰ পিছত সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক সচিব বিনয় কোৱাট্ৰাই দাবী কৰে যে ভাৰতে আইনী দৃষ্টিকোণৰ পৰা বিষয়টোক যিদৰে ফ্ৰেমৱৰ্ক কৰিছে তাৰ শলাগ ফ্ৰান্সে লৈছে।

স্মৰ্তব্য যে, সংবাদ মাধ্যম আৰু সাংবাদিকৰ স্বাধীনতা সম্পৰ্কীয় ২০২৩ চনৰ ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছৰ প্ৰতিবেদনত ভাৰতৰ ১৮০খন দেশৰ ভিতৰত ১৬১ নম্বৰ স্থান লাভ কৰিছিল। যিটো স্বাধীন ভাৰতৰ ইতিহাসত সৰ্বনিম্ন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ