--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষ এৰিলে ফৰাচী সাংবাদিক ভেনেছা ডুনাকে। শুকুৰবাৰে যোৱাৰ পূৰ্বে তেওঁ এটা পোষ্ট সামাজিক মাধ্যমত দিয়ে য’ত লিখা হৈছিল, "মই এই কথাবোৰ চকুলোৰে লিখিছোঁ৷আজি মই ভাৰত এৰি যাম, পঁচিশ বছৰ আগতে মই ছাত্ৰ হিচাপে অহা দেশ এইখন। য'ত মই ২৩ বছৰ সাংবাদিকতা কৰিছিলো। বিয়া হোৱা ঠাইখন। মই শিশুটিক ডাঙৰ-দীঘল কৰিলোঁ। যিখন দেশত মই মোৰ ঘৰ বুলি গণ্য কৰোঁ।ভাৰত চৰকাৰে মোক দেশ এৰি যাবলৈ বাধ্য কৰাইছে।"

উল্লেখ্য যে,ভেনেছা ফ্ৰান্স, ছুইডেন আৰু বেলজিয়ামৰ বিভিন্ন বাতৰি কাকতৰ দক্ষিণ এছিয়াৰ সংবাদদাতা।ভেনেছাই দিল্লীৰ পৰা কাম কৰিছিল। বিবাহৰ দ্বাৰা ভাৰতীয় বহিঃৰাষ্ট্ৰৰ নাগৰিক (অ’চিআই) কাৰ্ড থকা ভেনেছাই লিখিছে, “যোৱা মাহত মোক এখন জাননী দিয়া হৈছিল যে মই আৰু মোৰ প্ৰতিবেদনসমূহ ভাৰতৰ ঐক্য আৰু সাৰ্বভৌমত্ব’ৰ বাবে ক্ষতিকাৰক।’’ ইয়াক কিয় OCI কাৰ্ড বাতিল কৰিব নালাগে তাৰ কাৰণ দেখুৱাবলৈ কোৱা হৈছে। মোৰ প্ৰতিবেদনসমূহ দাখিলৰ কাৰ্যই শান্তি-শৃংখলা ভংগৰ সৃষ্টি কৰিব পাৰে বুলি দাবী কৰা হৈছে।

দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱস উদ্‌যাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। সেই সময়ত দুয়োখন দেশৰ প্ৰতিনিধিত্বমূলক পৰ্যায়ত আলোচনাত ভেনেছাক দিয়া জাননীৰ বিষয়টো আহিছিল। বৈঠকৰ পিছত সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক সচিব বিনয় কোৱাট্ৰাই দাবী কৰে যে ভাৰতে আইনী দৃষ্টিকোণৰ পৰা বিষয়টোক যিদৰে ফ্ৰেমৱৰ্ক কৰিছে তাৰ শলাগ ফ্ৰান্সে লৈছে।

স্মৰ্তব্য যে, সংবাদ মাধ্যম আৰু সাংবাদিকৰ স্বাধীনতা সম্পৰ্কীয় ২০২৩ চনৰ ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছৰ প্ৰতিবেদনত ভাৰতৰ ১৮০খন দেশৰ ভিতৰত ১৬১ নম্বৰ স্থান লাভ কৰিছিল। যিটো স্বাধীন ভাৰতৰ ইতিহাসত সৰ্বনিম্ন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু