--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উজবেকিস্তানৰ শিশুৰ বাবে নয়ডাস্থিত কোম্পানী মেৰিয়ান বায়’টেকে নিৰ্মাণ কৰা দুটা কাহৰ চিৰাপ ব্যৱহাৰ কৰিব নালাগে বুলি বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ আগবঢ়াইছে। বুধবাৰে চিকিৎসা সামগ্ৰীৰ সতৰ্কবাণীত বিশ্ব স্বাস্থ্য সংস্থাই কয় যে মেৰিয়ান বায়’টেকে নিৰ্মাণ কৰা ‘অমান্য চিকিৎসা সামগ্ৰী’ এনে সামগ্ৰী যিবোৰে গুণগত মান পূৰণত ব্যৰ্থ হৈছে।

 ডব্লিউ এইচ অ’ই নিজৰ ৱেবছাইটত প্ৰকাশ কৰা এক সতৰ্কবাণীত কয় যে এই ‘ডব্লিউ এইচ অ’ মেডিকেল প্ৰডাক্ট এলাৰ্টে দুটা অমান্য (দূষিত) সামগ্ৰীক বুজায়, যিবোৰ উজবেকিস্তানত চিনাক্ত কৰা হৈছিল আৰু ২০২২ চনৰ ২২ ডিচেম্বৰত ডব্লিউ এইচ অ’ক প্ৰতিবেদন কৰা হৈছিল। অমান্য চিকিৎসা সামগ্ৰী হ’ল এনে সামগ্ৰী যিবোৰে গুণগত মানদ পূৰণ কৰিব নোৱাৰে আৰু সেয়েহে নিৰ্দিষ্টকৰণৰ বাহিৰত থাকে।

 'উৎপাদনসমূহৰ সুৰক্ষা আৰু গুণগত মানৰ নিশ্চয়তা প্ৰদান কৰা নাছিল প্ৰস্তুতকাৰীয়ে'। এই সতৰ্কবাণীত কোৱা হৈছে যে, ‘এই সামগ্ৰী দুটা হৈছে AMBRONOL Syrup আৰু DOK-1 Max Syrup। দুয়োটা সামগ্ৰীৰ ঘোষিত নিৰ্মাতা হৈছে MARION BIOTECH PVT. আজিলৈকে উক্ত নিৰ্মাতাই এই সামগ্ৰীসমূহৰ সুৰক্ষা আৰু গুণগত মানৰ ওপৰত WHOক কোনো নিশ্চয়তা দিয়া নাই।

 উজবেকিস্তানৰ কাহৰ চিৰাপ সেৱন কৰি শিশুৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে বিপদত পৰিছে নয়ডাস্থিত ফাৰ্মা মেৰিয়ান বায়’টেক। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে উজবেকিস্তান ৰিপাব্লিকৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় গুণগত নিয়ন্ত্ৰণ পৰীক্ষাগাৰে কৰা কাহৰ চিৰাপৰ নমুনা পৰীক্ষাগাৰত বিশ্লেষণ কৰি দেখা গৈছে যে দুয়োটা সামগ্ৰীতে দূষক হিচাপে অগ্ৰাহ্যযোগ্য পৰিমাণৰ ডাইথাইলিন গ্লাইকল আৰু ইথিলিন গ্লাইকল থাকে।

 ডব্লিউ এইচ অ’ৰ সতৰ্কবাণীত কোৱা হৈছে যে ‘এই দুয়োটা সামগ্ৰীৰ ক্ষেত্ৰত আন দেশত বিপণনৰ অনুমোদন থাকিব পাৰে। ইয়াৰ উপৰি অনানুষ্ঠানিক বজাৰৰ জৰিয়তে অন্য দেশ বা অঞ্চললৈও বিতৰণ কৰিব পাৰি।' ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাই কয় যে এই সতৰ্কবাণীত উল্লেখ কৰা অমান্য সামগ্ৰীসমূহ অসুৰক্ষিত আৰু বিশেষকৈ শিশুৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰে গুৰুতৰ আঘাতৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত মৃত্যুপৰ্যন্ত হ’ব পাৰে।

 উল্লেখ্য যে ২২ ডিচেম্বৰত উজবেকিস্তানে অভিযোগ কৰিছিল যে মেৰিয়ান বায়’টেক কোম্পানীয়ে নিৰ্মিত ঔষধ সেৱন কৰি ১৮টা শিশুৰ মৃত্যু হৈছে। মঙলবাৰে উত্তৰ প্ৰদেশৰ খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন বিভাগে মেৰিয়ান বায়’টেক কোম্পানীৰ উৎপাদন অনুজ্ঞাপত্ৰ বন্ধ কৰি দিয়ে।

 যোৱা মাহত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবিয়াই কৈছিল যে কাহৰ চিৰাপ Dok1 Maxত দূষিত হোৱাৰ খবৰ পোৱাৰ পাছতে নয়ডাস্থিত ফাৰ্মা কোম্পানীটোৰ সকলো উৎপাদন ইতিমধ্যে বন্ধ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু