--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামী বিবেকানন্দৰই নতুন ৰূপত নৰেন্দ্ৰ মোডী হিচাপে জন্মগ্ৰহণ কৰিছে! পশ্চিমবংগৰ বিজেপি সাংসদ সৌমিত্ৰ খানে এইদৰে কৈছে। স্বামীজীৰ ১৬০ তম জন্ম জয়ন্তীত শ্ৰদ্ধা জনাই বিজেপি সাংসদগৰাকীয়ে কৰাম এই মন্তব্যই বিভিন্ন মহলত বিতৰ্কৰ সৃষ্টি কৰিছে।

বিজেপি নেতাসকলৰ 'দুই নৰেন্দ্ৰ'ৰ 'প্ৰচাৰ' অৱশ্যে নতুন কথা নহয়। পূৰ্বেও কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবেয়ে দাবী কৰিছিল- ‘‘আমাৰ গৌৰৱ, নৰেন্দ্ৰ দত্তই (স্বামী বিবেকানন্দ) নৰেন্দ্ৰ মোদীৰ আত্মাত প্ৰৱেশ কৰিছে। ভাৰত একবিংশ শতিকাৰ আগশাৰীৰ দেশ হিচাপে শিখৰত আছে।’’ আন এজন কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে কৈছিল, "এজন নৰেন্দ্ৰ (দত্ত)য়ে একবিংশ শতিকাৰ ভাৰতৰ সপোন পূৰণ কৰিছিল, এতিয়া আন এজন নৰেন্দ্ৰই (মোডী) এই কাম কৰি আছে।’’ সৌমিত্ৰ মোডী-বন্দনাৰ তালিকাত এয়া এক নতুন সংযোজন।

বৃহস্পতিবাৰে বংগৰ বিষ্ণুপুৰ সমষ্টিৰ বিজেপি সাংসদজনে স্বামীজীৰ প্ৰতিমূৰ্তিত মাল্যদান কৰে। তাৰ পিছত তেওঁ কয়- "স্বামীজী আমাৰ বাবে ঈশ্বৰৰ দৰে। তেওঁ যৌৱনৰ ৰত্ন। আনহাতে, নৰেন্দ্ৰ মোদীয়ে যিদৰে মাতৃৰ মৃত্যুৰ পাছতো দেশৰ জনসাধাৰণৰ সেৱাত নিজকে সমৰ্পিত কৰিছে, মই ভাবো স্বামীজীৰ জন্ম আধুনিক ভাৰতত এক নতুন ৰূপত নৰেন্দ্ৰ মোডী হিচাপে হৈছে।''

সাংসদগৰাকীৰ এই মন্তব্যক তীব্ৰ সমালোচনা কৰিছে বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছে। দলটোৱে কটাক্ষ কৰি কয়- ‘‘যিসকলে নৰেন্দ্ৰ নাথ দত্তক নৰেন্দ্ৰ মোদীত দেখে, তেওঁলোকৰ মগজু মানৱ সভ্যতাৰ ইতিহাসত এক বিৰল মগজু। ইয়াৰ ওপৰত গৱেষণা হোৱা উচিত।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক