--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ আইনী জটিলতাৰ মাজত সোমাই পৰিছে ‘আদিপুৰুষ’। ওম ৰাউতৰ ছবিখনৰ নতুন পোষ্টাৰ মুক্তি পোৱাৰ পিছত পুনৰ বিপদত পৰিছে। সনাতন হিন্দুৰ আৱেগক আঘাত দিয়াৰ অভিযোগ তুলি বোম্বাই আদালতত গোচৰ ৰুজু কৰা হৈছে।

কিছুদিন পূৰ্বে মুক্তি পালে ‘আদিপুৰুষ’ চিনেমাখনৰ নতুন পোষ্টাৰ। নতুন পোষ্টাৰখনত ৰামচন্দ্ৰৰ দুয়োফালে আছে ভাতৃ লক্ষ্মণ আৰু পত্নী সীতা। ৰামচন্দ্ৰৰ চৰণত বহি আছে হনুমান।

ওম ৰাউত পৰিচালিত ছবিখনত দক্ষিণৰ তাৰকা অভিনেতা প্ৰভাছে ৰামচন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে বলীউডৰ অভিনেত্ৰী কৃতি শ্বেননে সীতাৰ চৰিত্ৰত অভিনয় কৰিছে। 'পেয়াৰ কা পঞ্চনামা'ৰ ফেম অভিনেতা ছানী সিঙক লক্ষ্মণৰ চৰিত্ৰত দেখা যাব। বলীউডৰ তাৰকা ছাইফ আলী খানে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছে। কিন্তু ছবিখনৰ নতুন পোষ্টাৰত নাই ৰাৱণৰ ছৱি৷

যোৱা বছৰ ‘আদিপুৰুষ’ৰ টিজাৰ মুক্তি পোৱাৰ পাছত ৰাৱণৰ চৰিত্ৰত চৈফ আলী খানৰ সাজ-পোছাক আৰু সজ্জাই এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছিল। সেয়ে ইচ্ছাকৃতভাৱে পোষ্টাৰখনৰ পৰা ৰাৱণক বাদ দিয়া হৈছে। ইয়াৰ পিছতো ‘আদিপুৰুষ’-এ পুনৰ আইনী জটিলতাৰ সন্মুখীন হ’বলগীয়া হ’ল।

সঞ্জয় দীননাথ তিৱাৰী নামৰ এজন লোকে অভিযোগ কৰিছে যে ‘আদিপুৰুষ’ৰ পোষ্টাৰ ইমেজত ৰাম বা লক্ষ্মণে লগুণ পিন্ধা নাই। সঞ্জয়ে অভিযোগ কৰে যে হিন্দু ধৰ্মত লগুণৰ গুৰুত্ব অপৰিসীম।

কেৱল সেয়াই নহয়, নিজকে পৰম্পৰাগত হিন্দু বুলি দাবী কৰা সঞ্জয়ে অভিযোগ কৰিছে যে ‘আদিপুৰুষ’ৰ পোষ্টাৰখনত সীতাৰ কপালতো সেন্দূৰৰ ৰং নাই। এনে অভিযোগ লৈ তেওঁ অধিবক্তা আশীষ ৰায় আৰু পংকজ মিশ্ৰৰ জৰিয়তে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ