--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ আইনী জটিলতাৰ মাজত সোমাই পৰিছে ‘আদিপুৰুষ’। ওম ৰাউতৰ ছবিখনৰ নতুন পোষ্টাৰ মুক্তি পোৱাৰ পিছত পুনৰ বিপদত পৰিছে। সনাতন হিন্দুৰ আৱেগক আঘাত দিয়াৰ অভিযোগ তুলি বোম্বাই আদালতত গোচৰ ৰুজু কৰা হৈছে।

কিছুদিন পূৰ্বে মুক্তি পালে ‘আদিপুৰুষ’ চিনেমাখনৰ নতুন পোষ্টাৰ। নতুন পোষ্টাৰখনত ৰামচন্দ্ৰৰ দুয়োফালে আছে ভাতৃ লক্ষ্মণ আৰু পত্নী সীতা। ৰামচন্দ্ৰৰ চৰণত বহি আছে হনুমান।

ওম ৰাউত পৰিচালিত ছবিখনত দক্ষিণৰ তাৰকা অভিনেতা প্ৰভাছে ৰামচন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে বলীউডৰ অভিনেত্ৰী কৃতি শ্বেননে সীতাৰ চৰিত্ৰত অভিনয় কৰিছে। 'পেয়াৰ কা পঞ্চনামা'ৰ ফেম অভিনেতা ছানী সিঙক লক্ষ্মণৰ চৰিত্ৰত দেখা যাব। বলীউডৰ তাৰকা ছাইফ আলী খানে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছে। কিন্তু ছবিখনৰ নতুন পোষ্টাৰত নাই ৰাৱণৰ ছৱি৷

যোৱা বছৰ ‘আদিপুৰুষ’ৰ টিজাৰ মুক্তি পোৱাৰ পাছত ৰাৱণৰ চৰিত্ৰত চৈফ আলী খানৰ সাজ-পোছাক আৰু সজ্জাই এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছিল। সেয়ে ইচ্ছাকৃতভাৱে পোষ্টাৰখনৰ পৰা ৰাৱণক বাদ দিয়া হৈছে। ইয়াৰ পিছতো ‘আদিপুৰুষ’-এ পুনৰ আইনী জটিলতাৰ সন্মুখীন হ’বলগীয়া হ’ল।

সঞ্জয় দীননাথ তিৱাৰী নামৰ এজন লোকে অভিযোগ কৰিছে যে ‘আদিপুৰুষ’ৰ পোষ্টাৰ ইমেজত ৰাম বা লক্ষ্মণে লগুণ পিন্ধা নাই। সঞ্জয়ে অভিযোগ কৰে যে হিন্দু ধৰ্মত লগুণৰ গুৰুত্ব অপৰিসীম।

কেৱল সেয়াই নহয়, নিজকে পৰম্পৰাগত হিন্দু বুলি দাবী কৰা সঞ্জয়ে অভিযোগ কৰিছে যে ‘আদিপুৰুষ’ৰ পোষ্টাৰখনত সীতাৰ কপালতো সেন্দূৰৰ ৰং নাই। এনে অভিযোগ লৈ তেওঁ অধিবক্তা আশীষ ৰায় আৰু পংকজ মিশ্ৰৰ জৰিয়তে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু