--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুনকৈ সংসাৰ তৰিবলৈ উলাইছে জনপ্ৰিয় ৰেপাৰ বাদশ্বাহে। প্ৰথমবাৰৰ বাবে সংসাৰ তৰাৰ পাছতে বিবাহ বিচ্ছেদৰ খবৰ হঠাতে আহিছিল। লকডাউনত  পত্নী জেচমিনৰ পৰা পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিছিল ৰেপাৰগৰাকীয়ে। তেতিয়াৰ পৰাই গুজৱ চলে যে গায়িকা বা পাঞ্জাবী অভিনেত্ৰী ঈশা ৰিখীৰ প্ৰেমত পৰিছে বাদশ্বাহ।

প্ৰায় দুবছৰমান হ'ল দুয়োৰে সম্পৰ্ক। এইবাৰ বাদশা আৰু ৰিখীৰ সম্পৰ্কই আৰু এখোজ ল’বলৈ গৈ আছে। শুনা যায় যে দুয়োৱে বিবাহপাশত আৱদ্ধ হ’ব।

অৱশ্যে দুয়োগৰাকীয়ে এই বিষয়ত কোনো মন্তব্য দিব নিবিচাৰে বুলি জনা গৈছে। দুয়োগৰাকী তাৰকাই প্ৰথম লগ পাইছিল এটা ফিল্মি পাৰ্টিত। প্ৰথম দৃষ্টিতে আকৰ্ষণ অনুভৱ কৰে। বাদশ্বাহৰ ঘনিষ্ঠ ব্যক্তি এজনে কৈছিল যে দুয়োৰে মাজত বহুত মিল আছে। একেধৰণৰ গীত আৰু চিনেমা চাই ভাল পায়।

মন কৰিবলগীয়া যে বাদশ্বাহৰ এগৰাকী কন্যাও আছে। বৰ্তমান কন্যা সন্তান মাতৃৰ সৈতে লণ্ডনত আছে। এইবাৰ কণ্ঠশিল্পীগৰাকীৰ দ্বিতীয় বিবাহক লৈ মায়ানগৰীত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ