--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৭সংখ্যক দিনত ভৰি দিলে কৃষক আন্দোলনে৷ কৃষকৰ প্ৰতিবাদৰ ২৭ সংখ্যক দিনত আজি সমগ্ৰ দেশজুৰি ‘ৰে’ল ৰোক’ কাৰ্যসূচী পালন কৰে প্ৰতিবাদী কৃষকসকলে৷ 

হাৰিয়ানা, পঞ্জাব, ৰাজস্থানত ৰে’ল অৱৰোধ কৰে প্ৰতিবাদী কৃষকে৷ পঞ্জাবৰ ২২খন জিলাৰ ৫২টাকৈ স্থানত ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিবাদকাৰী কৃষকসকলে৷ ৰে’ল লাইনত বহি শ শ কৃষকে সাব্যস্ত কৰে প্ৰতিবাদ৷ হাৰিয়ানাতো তিনিটাকৈ স্থানত ৰে’ল অৱৰোধ কৰে প্ৰতিবাদী কৃষকে৷ 

আনহাতে ৰাজস্থানৰ বিভিন্ন স্থানত ৰে’ল অৱৰোধ কৰিলে আন্দোলকাৰীসকলে৷ একদৰে পঞ্জাব, হাৰিয়ানাৰ শম্ভু সীমান্ততো হাজাৰ হাজাৰ কৃষকে ৰে’লপথত বহি সাব্যস্ত কৰিলে প্ৰতিবাদ৷ দেওবাৰে দুপৰীয়া ১২ বজাৰ পৰা ৪ বজালৈ প্ৰায় ৪ ঘণ্টাজোৰা ৰে’ল ৰোক’ কাৰ্যসূচী পালন কৰিলে প্ৰতিবাদকাৰীসকলে৷ 

উত্তৰ ভাৰতৰ ৩০খন জিলাত ৰে’ল অৱৰোধ কৰাৰ আহ্বান জনাইছিল কৃষক নেতৃত্বই৷ ইপিনে হাৰিয়ানাৰ চিৰ্চাত ৪৫ গৰাকী প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ৷ আনহাতে ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে কৃষকৰ ৰে’ল অৱৰোধত বাধাগ্ৰস্ত ১০০ ৰে’লৰ যাত্ৰা৷ কৃষকৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানত আবদ্ধ বহুসংখ্যক ৰে’লযাত্ৰী৷ 

যাৰফলত প্ৰতিবাদী কৃষকৰে বাকযুদ্ধত লিপ্ত হোৱা দেখা গ’ল একাংশ ক্ষুব্ধ যাত্ৰীক৷ প্ৰতিবাদকাৰী কৃষকক ৰাষ্ট্রবিৰোধী আখ্যা দিলে একাংশ ৰে’লযাত্ৰীয়ে৷ ইপিনে ৰে’লপথ অৱৰোধকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাগ্ৰহণৰ হুংকাৰ ৰে’ল সুৰক্ষা বাহিনী৷ আম্বালাত বহুসংখ্যক কৃষক নেতাক জাননী জাৰি আৰক্ষীৰ৷ 

কৃষক নেতাসকলক জাননীৰ জৰিয়তে থানাৰ হাজিৰৰ নিৰ্দেশ আম্বালা আৰক্ষীৰ৷ আজি ৰে’ল ৰোক’ কাৰ্যসূচীৰ পাছত ১৪ মাৰ্চত দিল্লীত মহা পঞ্চায়তৰ আহ্বান কৰিছে কৃষক সংগঠনসমূহে৷ দিল্লীৰ ৰামলীলা মৈদানত মহা পঞ্চায়তৰ আহ্বান জনাইছে সংযুক্ত কৃষক মৰ্চাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু