--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৭সংখ্যক দিনত ভৰি দিলে কৃষক আন্দোলনে৷ কৃষকৰ প্ৰতিবাদৰ ২৭ সংখ্যক দিনত আজি সমগ্ৰ দেশজুৰি ‘ৰে’ল ৰোক’ কাৰ্যসূচী পালন কৰে প্ৰতিবাদী কৃষকসকলে৷ 

হাৰিয়ানা, পঞ্জাব, ৰাজস্থানত ৰে’ল অৱৰোধ কৰে প্ৰতিবাদী কৃষকে৷ পঞ্জাবৰ ২২খন জিলাৰ ৫২টাকৈ স্থানত ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিবাদকাৰী কৃষকসকলে৷ ৰে’ল লাইনত বহি শ শ কৃষকে সাব্যস্ত কৰে প্ৰতিবাদ৷ হাৰিয়ানাতো তিনিটাকৈ স্থানত ৰে’ল অৱৰোধ কৰে প্ৰতিবাদী কৃষকে৷ 

আনহাতে ৰাজস্থানৰ বিভিন্ন স্থানত ৰে’ল অৱৰোধ কৰিলে আন্দোলকাৰীসকলে৷ একদৰে পঞ্জাব, হাৰিয়ানাৰ শম্ভু সীমান্ততো হাজাৰ হাজাৰ কৃষকে ৰে’লপথত বহি সাব্যস্ত কৰিলে প্ৰতিবাদ৷ দেওবাৰে দুপৰীয়া ১২ বজাৰ পৰা ৪ বজালৈ প্ৰায় ৪ ঘণ্টাজোৰা ৰে’ল ৰোক’ কাৰ্যসূচী পালন কৰিলে প্ৰতিবাদকাৰীসকলে৷ 

উত্তৰ ভাৰতৰ ৩০খন জিলাত ৰে’ল অৱৰোধ কৰাৰ আহ্বান জনাইছিল কৃষক নেতৃত্বই৷ ইপিনে হাৰিয়ানাৰ চিৰ্চাত ৪৫ গৰাকী প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ৷ আনহাতে ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে কৃষকৰ ৰে’ল অৱৰোধত বাধাগ্ৰস্ত ১০০ ৰে’লৰ যাত্ৰা৷ কৃষকৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানত আবদ্ধ বহুসংখ্যক ৰে’লযাত্ৰী৷ 

যাৰফলত প্ৰতিবাদী কৃষকৰে বাকযুদ্ধত লিপ্ত হোৱা দেখা গ’ল একাংশ ক্ষুব্ধ যাত্ৰীক৷ প্ৰতিবাদকাৰী কৃষকক ৰাষ্ট্রবিৰোধী আখ্যা দিলে একাংশ ৰে’লযাত্ৰীয়ে৷ ইপিনে ৰে’লপথ অৱৰোধকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাগ্ৰহণৰ হুংকাৰ ৰে’ল সুৰক্ষা বাহিনী৷ আম্বালাত বহুসংখ্যক কৃষক নেতাক জাননী জাৰি আৰক্ষীৰ৷ 

কৃষক নেতাসকলক জাননীৰ জৰিয়তে থানাৰ হাজিৰৰ নিৰ্দেশ আম্বালা আৰক্ষীৰ৷ আজি ৰে’ল ৰোক’ কাৰ্যসূচীৰ পাছত ১৪ মাৰ্চত দিল্লীত মহা পঞ্চায়তৰ আহ্বান কৰিছে কৃষক সংগঠনসমূহে৷ দিল্লীৰ ৰামলীলা মৈদানত মহা পঞ্চায়তৰ আহ্বান জনাইছে সংযুক্ত কৃষক মৰ্চাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ