--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'মেৰা পেহলা ভোট দেশ কে লিয়ে' অভিযানে সমগ্ৰ দেশতে গতি লাভ কৰিছে আৰু ইয়াক আগুৱাই নি বিখ্যাত বলুকা শিল্পী সুদৰ্শন পাটনায়কে ওড়িশাৰ পুৰী সমুদ্ৰ তীৰত বালিৰ এটা ভাস্কৰ্য্য নিৰ্মাণ কৰিছে। নিজৰ শিল্পকৰ্মৰ জৰিয়তে, তেওঁ যুৱক-যুৱতী আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলক বৃহৎ সংখ্যাত ভোটদান কৰাৰ লগতে আমাৰ গণতন্ত্ৰক সমৃদ্ধ আৰু শক্তিশালী কৰিবলৈ আহ্বান জনাইছে।

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে পাটনায়কৰ শিল্পকৰ্মক প্ৰশংসা কৰি কয়, ‘এই শিল্পকৰ্ম বালিত নিৰ্মিত, কিন্তু ইয়াৰ ছাপ প্ৰতিজন ভাৰতীয়ৰ মনত আছে।’ মন্ত্ৰীগৰাকীয়ে নিজৰ এক্স পোষ্টত আৰু কয়, "#MeraPehlaVoteDeshKeliye হিচাপে, অভিযান দেশৰ প্ৰতিটো কোণলৈ গৈছে, যিয়ে প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলৰ মাজত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হ’বলৈ এক অতুলনীয় উৎসাহৰ সৃষ্টি কৰিছে, বালিত খোদিত এই অভিযানৰ আমি এক সুন্দৰ অভিব্যক্তি দেখি আছোঁ।"

'মেৰা পেহলা ভোট দেশ কে লিয়ে' অভিযান দেশৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানতো চলি আছে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে যুৱ ভোটাৰসকলক ওলাই আহি ভোটদান কৰিবলৈ উৎসাহিত কৰা আৰু ৰাষ্ট্ৰৰ বৃহত্তৰ মংগলৰ বাবে ভোটদানৰ গুৰুত্বৰ কথা প্ৰকাশ কৰা। এই পদক্ষেপ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত নিৰ্বাচনৰ গুৰুত্ব আৰু ভোটদানৰ গৌৰৱৰ প্ৰতীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু