--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অগ্নিপথ প্ৰকল্পৰ জৰিয়তে নিযুক্তিৰ প্ৰথম দলত প্ৰায় ৩৪১ গৰাকী মহিলাই ভাৰতীয় নৌসেনাত যোগদান কৰিছে। নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰে শনিবাৰে এইকথা স্পষ্ট কৰিছিল। প্ৰথম দলটোত, নৌসেনাই মুঠ ৩০০০ অগ্নিবীৰ নিয়োগ কৰিছে। পৰৱৰ্তী পৰ্যায়ত অগ্নিবীৰ প্ৰকল্পৰ জৰিয়তে ভাৰতীয় নৌসেনাত নিযুক্তি আৰু বৃদ্ধি পাব বুলিও জানিব পৰা গৈছে৷ 

কেইমাহমান আগতে, ভাৰতীয় নৌসেনাই কয় যে, অগ্নিবীৰৰ প্ৰথম দলৰ কমেও ১০ শতাংশ মহিলা  নিয়োগ কৰিব। মহিলাসকলক অৰ্ডনেন্স, বৈদ্যুতিক আৰু নৌ-বায়ু যান্ত্ৰিকতা, যোগাযোগ (অপাৰেচন) আৰু যোগাযোগ (ইলেক্ট্ৰনিক্স যুদ্ধ)ত নিয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, মহিলাসকলক নৌ সেনাৰ আৰ্টিলাৰীতো নিয়োগ কৰা হৈছে।

এক জুলাইত, নৌসেনাই অগ্নিবীৰৰ প্ৰথম দলত মহিলা নিযুক্তিৰ বাবে আৱেদন গ্ৰহণ কৰা আৰম্ভ কৰিছিল। তাৰ আধাৰতিই এই নিযুক্তি দিয়া হৈছিল। 

নৌসেনাই পূৰ্বতে কৈছিল যে,তেওঁলোকে অগ্নিবীৰসকলৰ মাজত কমেও ১০ শতাংশ মহিলাক নিযুক্তি দিয়াৰ লক্ষ্য ৰাখিছে। এডমিৰেল হৰি কুমাৰে শনিবাৰে কৈছিল যে ২০৪৭ চনৰ ভিতৰত নৌসেনা স্বাৱলম্বী হ'ব। প্ৰয়োজনীয় অস্ত্ৰ, জাহাজ আৰু সঁজুলি উৎপাদনত আত্মনিৰ্ভৰশীলতা প্ৰাপ্ত কৰা সম্ভৱ হ'ব। তেওঁ লগতে কয় যে ভাৰতীয় নৌসেনাই ভাৰত মহাসাগৰ অঞ্চলত চীনা চাৰ জাহাজৰ চলাচলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক