--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অগ্নিপথ প্ৰকল্পৰ জৰিয়তে নিযুক্তিৰ প্ৰথম দলত প্ৰায় ৩৪১ গৰাকী মহিলাই ভাৰতীয় নৌসেনাত যোগদান কৰিছে। নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰে শনিবাৰে এইকথা স্পষ্ট কৰিছিল। প্ৰথম দলটোত, নৌসেনাই মুঠ ৩০০০ অগ্নিবীৰ নিয়োগ কৰিছে। পৰৱৰ্তী পৰ্যায়ত অগ্নিবীৰ প্ৰকল্পৰ জৰিয়তে ভাৰতীয় নৌসেনাত নিযুক্তি আৰু বৃদ্ধি পাব বুলিও জানিব পৰা গৈছে৷ 

কেইমাহমান আগতে, ভাৰতীয় নৌসেনাই কয় যে, অগ্নিবীৰৰ প্ৰথম দলৰ কমেও ১০ শতাংশ মহিলা  নিয়োগ কৰিব। মহিলাসকলক অৰ্ডনেন্স, বৈদ্যুতিক আৰু নৌ-বায়ু যান্ত্ৰিকতা, যোগাযোগ (অপাৰেচন) আৰু যোগাযোগ (ইলেক্ট্ৰনিক্স যুদ্ধ)ত নিয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, মহিলাসকলক নৌ সেনাৰ আৰ্টিলাৰীতো নিয়োগ কৰা হৈছে।

এক জুলাইত, নৌসেনাই অগ্নিবীৰৰ প্ৰথম দলত মহিলা নিযুক্তিৰ বাবে আৱেদন গ্ৰহণ কৰা আৰম্ভ কৰিছিল। তাৰ আধাৰতিই এই নিযুক্তি দিয়া হৈছিল। 

নৌসেনাই পূৰ্বতে কৈছিল যে,তেওঁলোকে অগ্নিবীৰসকলৰ মাজত কমেও ১০ শতাংশ মহিলাক নিযুক্তি দিয়াৰ লক্ষ্য ৰাখিছে। এডমিৰেল হৰি কুমাৰে শনিবাৰে কৈছিল যে ২০৪৭ চনৰ ভিতৰত নৌসেনা স্বাৱলম্বী হ'ব। প্ৰয়োজনীয় অস্ত্ৰ, জাহাজ আৰু সঁজুলি উৎপাদনত আত্মনিৰ্ভৰশীলতা প্ৰাপ্ত কৰা সম্ভৱ হ'ব। তেওঁ লগতে কয় যে ভাৰতীয় নৌসেনাই ভাৰত মহাসাগৰ অঞ্চলত চীনা চাৰ জাহাজৰ চলাচলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক