--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
তেলেংগানা চৰকাৰে দুগৰাকী তৃতীয় লিংগৰ ব্যক্তিক চৰকাৰী চিকিৎসালয়ত চিকিৎসক হিচাপে নিযুক্তি দিছে। দেশত এইটো প্ৰথমবাৰৰ বাবে এখন ৰাজ্য চৰকাৰে এনে সিদ্ধান্ত লৈছে। পুৰুষ আৰু মহিলাৰ উপৰিও  তৃতীয় লিংগৰ ব্যক্তিৰ অধিকাৰক অগ্ৰাধিকাৰ দিয়াৰ বাবে সকলোৱে একমুখে শলাগিছে তেলেংগানা চৰকাৰক৷  

এই ব্যক্তি দুগৰাকী হৈছে- প্ৰাচী ৰাঠৌৰ আৰু ৰুথ জন পল ৷ দুয়োকে বৰ্তমান  ৰাজ্য চৰকাৰৰ অধীনত ওচমানিয়া সাধাৰণ চিকিৎসালয়ত চিকিৎসা বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।প্ৰাচীয়ে ২০১৫ চনত এলাহাবাদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ পৰীক্ষা সম্পূৰ্ণ কৰিছিল। 

ৰূথে এখন চৰকাৰী চিকিৎসালয়ত চাকৰি পাই উৎফুল্লিত  হৈছে। তেওঁ কয়, "মই সৰুৰে পৰা উপহাস আৰু শ্লেষৰ বলি হৈ আহিছো, মোৰ লিংগ পৰিচয়ৰ বাবে। কিন্তু মই সকলো পাহৰি গ'লোহেঁতেন, কেৱল চিকিৎসক হোৱাৰ সপোন দেখি। বন্ধুবৰ্গ, পৰিয়াল আৰু সমাজক প্ৰতিদিনে আক্ৰমণ কৰিব লাগিব। আজি এই পৰ্যায়ত উপস্থিত হ’বলৈ  সক্ষম হোৱাৰ বাবে মই শিক্ষকসকলৰ ওচৰত কৃতজ্ঞ। "

কেৱল সমাজ বা পৰিয়ালেই নহয়, ৰূথে এই বিষয়ে অধ্যয়ন কৰোঁতে বহুতো প্ৰতিকূলতাৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁ কৈছিল, "মই মোৰ লক্ষ্যত স্থিৰ আছিলোঁ। তৃতীয় লিংগৰ বন্ধুসকলেও মোক বহুত সহায় কৰিছে। মানসিকভাৱে, তেওঁলোক সদায় মোৰ কাষত আছিল। "

সমগ্ৰ দেশতে তেলেংগানা চৰকাৰ আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও (কেচিআৰ) আৰু স্বাস্থ্য মন্ত্ৰী হৰিশ ৰাওৰ এই পদক্ষেপৰ বিষয়ে আলোচনা কৰা হৈছে৷ তেলেংগানা চৰকাৰৰ এনে পদক্ষেপে যুগান্তৰকাৰী বাৰ্তা কঢ়িয়াই নিব সমগ্ৰ দেশলৈ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক