--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হাওঁফাওঁ আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। হাওঁফাওঁৰ পৰা অক্সিজেন ফিল্টাৰ হৈ আমাৰ শৰীৰে লাভ কৰে। কিন্তু আজিৰ অস্বাস্থ্যকৰ জীৱনশৈলী, বায়ু প্ৰদূষণ আৰু চিগাৰেট খোৱা অভ্যাসৰ বাবে বহু লোকৰ হাওঁফাওঁ দুৰ্বল হৈ পৰে। ইয়াৰ বাবে এজন ব্যক্তিয়ে উশাহ-নিশাহৰ লগত জড়িত মাৰাত্মক বেমাৰ যেনে-হাঁপানী, ব্ৰংকাইটিছ, নিউমোনিয়া বা টিবি আদি ৰোগত আক্ৰান্ত হয়। সেয়েহে সকলো লোকৰে হাওঁফাওঁৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে দৈনিক ব্যায়াম কৰা আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাস পালন কৰা উচিত।

 হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য-

১. আপেলঃ-দৈনিক আপেল খালে হাওঁফাওঁ সুস্থ থাকে। আপেলত পোৱা ভিটামিনে হাওঁফাওঁক সুস্থ কৰি ৰখাত সহায় কৰে। সেয়েহে চিকিৎসকে দৈনিক আপেল খাবলৈও পৰামৰ্শ দিয়ে।

২. আদাঃ-আদাত প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায়, যিয়ে হাওঁফাওঁৰ পৰা প্ৰদূষণ আঁতৰোৱাত সহায় কৰে। ইয়াৰ ব্যৱহাৰে হাওঁফাওঁৰ বায়ুপথ মুকলি কৰে, যাৰ ফলত অক্সিজেনৰ পৰিসঞ্চালন ভাল হয়।

৩. শণৰ গুটিঃ-লিনচিড গুটি খালে হাওঁফাওঁ ক্ষতিৰ পৰা ৰক্ষা পৰে। কেৱল এয়াই নহয়, লিনচিড গুটিৰে হাওঁফাওঁৰ ক্ষতিগ্ৰস্ত অংশ সুস্থ কৰাত সহায় কৰে।

৪. আখৰোটঃ-এই শুকান ফলত ওমেগা-২ ফেটি এচিড প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে হাওঁফাওঁৰ সমস্যা দূৰ কৰাত সহায় কৰে। এক গৱেষণাৰ মতে দৈনিক এমুঠি আখৰোট খালে শ্বাস-প্ৰশ্বাসজনিত সমস্যা নিৰাময় হয়।

৫. চৰ্বিযুক্ত মাছঃ-চৰ্বিযুক্ত মাছ হাওঁফাওঁৰ বাবে উপকাৰী, কাৰণ ইয়াত ওমেগা-৩ ফেটি এচিড পৰ্যাপ্ত পৰিমাণে পোৱা যায়।

 ৫. ব্ৰকলিঃ-হাওঁফাওঁ সুস্থ কৰি ৰখাত ব্ৰকলি ফলপ্ৰসূ। ইয়াৰ উপৰি ব্ৰকলি সেৱনে শৰীৰৰ ষ্টেমিনাও বৃদ্ধি কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক