--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হাওঁফাওঁ আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। হাওঁফাওঁৰ পৰা অক্সিজেন ফিল্টাৰ হৈ আমাৰ শৰীৰে লাভ কৰে। কিন্তু আজিৰ অস্বাস্থ্যকৰ জীৱনশৈলী, বায়ু প্ৰদূষণ আৰু চিগাৰেট খোৱা অভ্যাসৰ বাবে বহু লোকৰ হাওঁফাওঁ দুৰ্বল হৈ পৰে। ইয়াৰ বাবে এজন ব্যক্তিয়ে উশাহ-নিশাহৰ লগত জড়িত মাৰাত্মক বেমাৰ যেনে-হাঁপানী, ব্ৰংকাইটিছ, নিউমোনিয়া বা টিবি আদি ৰোগত আক্ৰান্ত হয়। সেয়েহে সকলো লোকৰে হাওঁফাওঁৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে দৈনিক ব্যায়াম কৰা আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাস পালন কৰা উচিত।

 হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য-

১. আপেলঃ-দৈনিক আপেল খালে হাওঁফাওঁ সুস্থ থাকে। আপেলত পোৱা ভিটামিনে হাওঁফাওঁক সুস্থ কৰি ৰখাত সহায় কৰে। সেয়েহে চিকিৎসকে দৈনিক আপেল খাবলৈও পৰামৰ্শ দিয়ে।

২. আদাঃ-আদাত প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায়, যিয়ে হাওঁফাওঁৰ পৰা প্ৰদূষণ আঁতৰোৱাত সহায় কৰে। ইয়াৰ ব্যৱহাৰে হাওঁফাওঁৰ বায়ুপথ মুকলি কৰে, যাৰ ফলত অক্সিজেনৰ পৰিসঞ্চালন ভাল হয়।

৩. শণৰ গুটিঃ-লিনচিড গুটি খালে হাওঁফাওঁ ক্ষতিৰ পৰা ৰক্ষা পৰে। কেৱল এয়াই নহয়, লিনচিড গুটিৰে হাওঁফাওঁৰ ক্ষতিগ্ৰস্ত অংশ সুস্থ কৰাত সহায় কৰে।

৪. আখৰোটঃ-এই শুকান ফলত ওমেগা-২ ফেটি এচিড প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে হাওঁফাওঁৰ সমস্যা দূৰ কৰাত সহায় কৰে। এক গৱেষণাৰ মতে দৈনিক এমুঠি আখৰোট খালে শ্বাস-প্ৰশ্বাসজনিত সমস্যা নিৰাময় হয়।

৫. চৰ্বিযুক্ত মাছঃ-চৰ্বিযুক্ত মাছ হাওঁফাওঁৰ বাবে উপকাৰী, কাৰণ ইয়াত ওমেগা-৩ ফেটি এচিড পৰ্যাপ্ত পৰিমাণে পোৱা যায়।

 ৫. ব্ৰকলিঃ-হাওঁফাওঁ সুস্থ কৰি ৰখাত ব্ৰকলি ফলপ্ৰসূ। ইয়াৰ উপৰি ব্ৰকলি সেৱনে শৰীৰৰ ষ্টেমিনাও বৃদ্ধি কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু