--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাহ এনেকুৱা এক পানীয়, যাক ভাৰতীয় লোকসকলে বহুত ভালপায়। আমাৰ দেশত বৃহৎ সংখ্যক চাহপ্ৰেমী আছে। কিন্তু আপুনি জানেনে যে বজাৰত বিশুদ্ধ আৰু ভেজাল দুয়োটা চাহপাতেই বিক্ৰী হৈ থাকে। দেখাত দুয়োটাৰে মাজত বিশেষ পাৰ্থক্য দেখা নাযায়। ভেজাল চাহপাতৰ চাহ খালে  শৰীৰৰ ক্ষতি হয়। মানুহে চাহক মূৰৰ বিষৰ পৰা মুক্তিৰ বাবে ঔষধ বুলি গণ্য কৰে, কিন্তু যদি চাহপাতেই ভেজাল হয় তেন্তে ই মানুহৰ স্বাস্থ্যৰ বাবে কেনেকৈ কাম কৰিব? ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই(FSSAI) এটা কৌশলৰ কথা কৈছে যাৰ সহায়ত চাহপাত বিশুদ্ধ নে ভেজাল সেয়া জানিবলৈ সক্ষম হ'ব।

ভেজাল চাহপাত কেনেকৈ চিনাক্ত কৰিব পাৰি?

FSSAI ৰ মতে যদি আপুনি বিশুদ্ধ বা ভেজাল চাহপাত চিনাক্ত কৰিব বিচাৰে, তেন্তে ইয়াৰ বাবে পাকঘৰত ৰখা কিছুমান চাহপাত লওক আৰু তাৰপাছত চাহপাতবোৰ ফিল্টাৰ পেপাৰত ৰাখক। তাৰপাছত তাৰ ওপৰত কেইটোপালমান পানী ঢালি দিয়ক আৰু অলপ পাছত চাহপাত আঁতৰাই পেলাওক। এতিয়া পোহৰত ফিল্টাৰ পেপাৰখন পৰীক্ষা কৰক।

যদি ফিল্টাৰ পেপাৰত চাহৰ দাগ দেখা নাযায় তেন্তে তাৰ অৰ্থ হ’ল আপোনাৰ চাহপাত বিশুদ্ধ। আৰু ইয়াৰ বিপৰীতে যদি ফিল্টাৰ পেপাৰত ক’লা-ৰঙা, বাদামী দাগ দেখা যায়, তেন্তে বুজিব যে আপোনাৰ চাহপাতত ভেজাল আছে। আপুনি এই সহজ পদ্ধতি গ্ৰহণ কৰি আপোনাৰ পাকঘৰত ৰখা চাহপাতৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে।

ভেজাল সামগ্ৰীৰ বিৰুদ্ধে সজাগতা

তাৎপৰ্যপূৰ্ণভাৱে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে মানুহৰ মাজত ভেজাল বস্তুৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰি থাকে। এফ এছ এছ এ আইয়ে ছ’চিয়েল মিডিয়াত নিজৰ হেণ্ডেলৰ জৰিয়তে এনে বহু ভিডিঅ’ শ্বেয়াৰ কৰি থাকে, য’ত ভেজাল বস্তু চিনাক্ত কৰাৰ পদ্ধতি কোৱা হয়। এই কৌশলসমূহ আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক