--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাহ এনেকুৱা এক পানীয়, যাক ভাৰতীয় লোকসকলে বহুত ভালপায়। আমাৰ দেশত বৃহৎ সংখ্যক চাহপ্ৰেমী আছে। কিন্তু আপুনি জানেনে যে বজাৰত বিশুদ্ধ আৰু ভেজাল দুয়োটা চাহপাতেই বিক্ৰী হৈ থাকে। দেখাত দুয়োটাৰে মাজত বিশেষ পাৰ্থক্য দেখা নাযায়। ভেজাল চাহপাতৰ চাহ খালে  শৰীৰৰ ক্ষতি হয়। মানুহে চাহক মূৰৰ বিষৰ পৰা মুক্তিৰ বাবে ঔষধ বুলি গণ্য কৰে, কিন্তু যদি চাহপাতেই ভেজাল হয় তেন্তে ই মানুহৰ স্বাস্থ্যৰ বাবে কেনেকৈ কাম কৰিব? ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই(FSSAI) এটা কৌশলৰ কথা কৈছে যাৰ সহায়ত চাহপাত বিশুদ্ধ নে ভেজাল সেয়া জানিবলৈ সক্ষম হ'ব।

ভেজাল চাহপাত কেনেকৈ চিনাক্ত কৰিব পাৰি?

FSSAI ৰ মতে যদি আপুনি বিশুদ্ধ বা ভেজাল চাহপাত চিনাক্ত কৰিব বিচাৰে, তেন্তে ইয়াৰ বাবে পাকঘৰত ৰখা কিছুমান চাহপাত লওক আৰু তাৰপাছত চাহপাতবোৰ ফিল্টাৰ পেপাৰত ৰাখক। তাৰপাছত তাৰ ওপৰত কেইটোপালমান পানী ঢালি দিয়ক আৰু অলপ পাছত চাহপাত আঁতৰাই পেলাওক। এতিয়া পোহৰত ফিল্টাৰ পেপাৰখন পৰীক্ষা কৰক।

যদি ফিল্টাৰ পেপাৰত চাহৰ দাগ দেখা নাযায় তেন্তে তাৰ অৰ্থ হ’ল আপোনাৰ চাহপাত বিশুদ্ধ। আৰু ইয়াৰ বিপৰীতে যদি ফিল্টাৰ পেপাৰত ক’লা-ৰঙা, বাদামী দাগ দেখা যায়, তেন্তে বুজিব যে আপোনাৰ চাহপাতত ভেজাল আছে। আপুনি এই সহজ পদ্ধতি গ্ৰহণ কৰি আপোনাৰ পাকঘৰত ৰখা চাহপাতৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে।

ভেজাল সামগ্ৰীৰ বিৰুদ্ধে সজাগতা

তাৎপৰ্যপূৰ্ণভাৱে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে মানুহৰ মাজত ভেজাল বস্তুৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰি থাকে। এফ এছ এছ এ আইয়ে ছ’চিয়েল মিডিয়াত নিজৰ হেণ্ডেলৰ জৰিয়তে এনে বহু ভিডিঅ’ শ্বেয়াৰ কৰি থাকে, য’ত ভেজাল বস্তু চিনাক্ত কৰাৰ পদ্ধতি কোৱা হয়। এই কৌশলসমূহ আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু