--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উচ্চ ৰক্তচাপ এনে এক বিপজ্জনক ৰোগ, য’ত ধমনীত ৰক্তচাপ যথেষ্ট বৃদ্ধি পায়। যেতিয়া ৰক্তচাপ বৃদ্ধি পায় তেতিয়া ধমনীত তেজৰ স্বাভাৱিক প্ৰবাহ অটুট ৰাখিবলৈ হৃদযন্ত্ৰই স্বাভাৱিকতকৈ অধিক কাম কৰিবলগীয়া হয়। উচ্চ ৰক্তচাপৰ বহু কাৰণ থাকিব পাৰে। কিন্তু ইয়াৰে এটা কাৰণ হ’ল অধিক মোবাইল ব্যৱহাৰ কৰা। শেহতীয়াকৈ ইউৰোপিয়ান হাৰ্ট জাৰ্নেল-ডিজিটেল হেল্থত প্ৰকাশিত এক নতুন গৱেষণাৰ মতে এসপ্তাহত যদি আপুনি মোবাইল ফোনত ৩০ মিনিট বা তাতকৈ অধিক সময় কথা পাতে তেন্তে উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

গৱেষকসকলে এই অধ্যয়নত প্ৰকাশ কৰিছে যে প্ৰতি সপ্তাহত আধা ঘণ্টা বা তাতকৈ অধিক সময় ফোনত কথা পতা লোকৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা ৩০ মিনিটতকৈ কম সময় ফোনত কথা পতা লোকতকৈ ১২ শতাংশ বেছি। চীনৰ গুৱাংঝোৰ চাউদাৰ্ন মেডিকেল ইউনিভাৰ্চিটিৰ অধ্যাপক তথা এই গৱেষণাৰ লেখক জিয়ানহুই কিনে কয় যে মানুহে যিমানেই বেছি সময় মোবাইল ফোনত কথা পাতে সিমানেই হৃদযন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰে। যদি আপুনি ফোনত বহু সময় কথা পাতে তেন্তে আপোনাৰ মাজত উচ্চ ৰক্তচাপৰ আশংকা বেছি হ’ব।

২৫ শতাংশ পৰ্যন্ত বিপদ বৃদ্ধি পাব পাৰে!

দিনটোত এঘণ্টাৰো অধিক সময় মোবাইল ফোন ব্যৱহাৰ কৰিলে উচ্চ ৰক্তচাপৰ সম্ভাৱনা ২৫ শতাংশ বৃদ্ধি পাব পাৰে। হাইপাৰটেনচন হৃদৰোগ আৰু ষ্ট্ৰোকৰ বাবে এটা প্ৰধান বিপদজনক কাৰক। চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)ৰ মতে আমেৰিকাত প্ৰায় আধা প্ৰাপ্তবয়স্ক অৰ্থাৎ ৪৭ শতাংশ বা প্ৰায় ১১.৬ কোটি লোক উচ্চ ৰক্তচাপৰ সমস্যাত আক্ৰান্ত। গৱেষণাৰ লেখকসকলৰ মতে মোবাইল ফোনত ৰেডিঅ’ফ্ৰিকুৱেন্সি শক্তি নিৰ্গত হয়, যাৰ সৈতে ৰক্তচাপ বৃদ্ধিৰ সম্পৰ্ক আছে।

 যদি আপুনি অধিক মোবাইল ব্যৱহাৰ কৰে তেন্তে বিপদ বৃদ্ধি পাব পাৰে,

২০২২ চনৰ ছেপ্টেম্বৰ মাহত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে ম’বাইলৰ অত্যধিক ব্যৱহাৰে শিশু আৰু কিশোৰ-কিশোৰীৰো উচ্চ ৰক্তচাপৰ সৃষ্টি কৰিছে। যদিও এই গৱেষণাত মেছেজ আৰু গেমিঙৰ দৰে কামো অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু ২০২২ চনৰ নৱেম্বৰ মাহত বিএমচি পাব্লিক হেল্থত প্ৰকাশিত এক গৱেষণাত ইয়াৰ বিপৰীত ফলাফল দেখা গৈছে, য’ত ফোনটোৰ অত্যধিক ব্যৱহাৰৰ সৈতে নিম্ন ৰক্তচাপৰ সম্পৰ্ক আছে। এই সন্দৰ্ভত নতুন গৱেষণাৰ মতে, মোবাইল ফোন ব্যৱহাৰ নকৰাসকলতকৈ মোবাইল ফোন ব্যৱহাৰ কৰাসকলৰ মাজত উচ্চ ৰক্তচাপৰ সম্ভাৱনা ৭ শতাংশ বেছি দেখা যায়।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস