--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উচ্চ ৰক্তচাপ এনে এক বিপজ্জনক ৰোগ, য’ত ধমনীত ৰক্তচাপ যথেষ্ট বৃদ্ধি পায়। যেতিয়া ৰক্তচাপ বৃদ্ধি পায় তেতিয়া ধমনীত তেজৰ স্বাভাৱিক প্ৰবাহ অটুট ৰাখিবলৈ হৃদযন্ত্ৰই স্বাভাৱিকতকৈ অধিক কাম কৰিবলগীয়া হয়। উচ্চ ৰক্তচাপৰ বহু কাৰণ থাকিব পাৰে। কিন্তু ইয়াৰে এটা কাৰণ হ’ল অধিক মোবাইল ব্যৱহাৰ কৰা। শেহতীয়াকৈ ইউৰোপিয়ান হাৰ্ট জাৰ্নেল-ডিজিটেল হেল্থত প্ৰকাশিত এক নতুন গৱেষণাৰ মতে এসপ্তাহত যদি আপুনি মোবাইল ফোনত ৩০ মিনিট বা তাতকৈ অধিক সময় কথা পাতে তেন্তে উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

গৱেষকসকলে এই অধ্যয়নত প্ৰকাশ কৰিছে যে প্ৰতি সপ্তাহত আধা ঘণ্টা বা তাতকৈ অধিক সময় ফোনত কথা পতা লোকৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা ৩০ মিনিটতকৈ কম সময় ফোনত কথা পতা লোকতকৈ ১২ শতাংশ বেছি। চীনৰ গুৱাংঝোৰ চাউদাৰ্ন মেডিকেল ইউনিভাৰ্চিটিৰ অধ্যাপক তথা এই গৱেষণাৰ লেখক জিয়ানহুই কিনে কয় যে মানুহে যিমানেই বেছি সময় মোবাইল ফোনত কথা পাতে সিমানেই হৃদযন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰে। যদি আপুনি ফোনত বহু সময় কথা পাতে তেন্তে আপোনাৰ মাজত উচ্চ ৰক্তচাপৰ আশংকা বেছি হ’ব।

২৫ শতাংশ পৰ্যন্ত বিপদ বৃদ্ধি পাব পাৰে!

দিনটোত এঘণ্টাৰো অধিক সময় মোবাইল ফোন ব্যৱহাৰ কৰিলে উচ্চ ৰক্তচাপৰ সম্ভাৱনা ২৫ শতাংশ বৃদ্ধি পাব পাৰে। হাইপাৰটেনচন হৃদৰোগ আৰু ষ্ট্ৰোকৰ বাবে এটা প্ৰধান বিপদজনক কাৰক। চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)ৰ মতে আমেৰিকাত প্ৰায় আধা প্ৰাপ্তবয়স্ক অৰ্থাৎ ৪৭ শতাংশ বা প্ৰায় ১১.৬ কোটি লোক উচ্চ ৰক্তচাপৰ সমস্যাত আক্ৰান্ত। গৱেষণাৰ লেখকসকলৰ মতে মোবাইল ফোনত ৰেডিঅ’ফ্ৰিকুৱেন্সি শক্তি নিৰ্গত হয়, যাৰ সৈতে ৰক্তচাপ বৃদ্ধিৰ সম্পৰ্ক আছে।

 যদি আপুনি অধিক মোবাইল ব্যৱহাৰ কৰে তেন্তে বিপদ বৃদ্ধি পাব পাৰে,

২০২২ চনৰ ছেপ্টেম্বৰ মাহত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে ম’বাইলৰ অত্যধিক ব্যৱহাৰে শিশু আৰু কিশোৰ-কিশোৰীৰো উচ্চ ৰক্তচাপৰ সৃষ্টি কৰিছে। যদিও এই গৱেষণাত মেছেজ আৰু গেমিঙৰ দৰে কামো অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু ২০২২ চনৰ নৱেম্বৰ মাহত বিএমচি পাব্লিক হেল্থত প্ৰকাশিত এক গৱেষণাত ইয়াৰ বিপৰীত ফলাফল দেখা গৈছে, য’ত ফোনটোৰ অত্যধিক ব্যৱহাৰৰ সৈতে নিম্ন ৰক্তচাপৰ সম্পৰ্ক আছে। এই সন্দৰ্ভত নতুন গৱেষণাৰ মতে, মোবাইল ফোন ব্যৱহাৰ নকৰাসকলতকৈ মোবাইল ফোন ব্যৱহাৰ কৰাসকলৰ মাজত উচ্চ ৰক্তচাপৰ সম্ভাৱনা ৭ শতাংশ বেছি দেখা যায়।












FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি