--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ছিজনৰ প্ৰথমটো জয়ৰ বাবে চেষ্টা কৰিছিল যদিও দিল্লী কেপিটেলছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হাতত পৰাস্ত হয়। বেংগালুৰুৱে প্ৰথম ইনিংছত বান্ধি দিয়া  ১৭৫ ৰানৰ লক্ষ্য লৈ সুন্দৰ আৰম্ভণি কৰিছিল দিল্লীয়ে। কিন্তু দলটো পৰাস্ত হয় এম চিন্নাস্বামী ষ্টেডিয়ামত। পৰাস্ত হয় ২৩ ৰানত।

এই পৰাজয়ৰ ফলত দিল্লীয়ে একেৰাহে পঞ্চমটো পৰাজয়ৰ সন্মুখীন হৈ টেবুলৰ নিম্নস্থানত আছে। ইফালে আৰ চি বিয়ে দুটা পইণ্টেৰে সপ্তম স্থানলৈ উন্নীত কৰে৷

বেংগালুৰুৰ হৈ মহম্মদ চিৰাজ, ৱেইন পাৰ্নেল আৰু আই পি এলৰ অভিষেককাৰী বিজয়কুমাৰ ব্যশাকে দুৰ্দান্ত বলিং কৰে। দিল্লীৰ  হৈ মনীষ পাণ্ডেই ৩৭ বলত কৰা অৰ্ধশতকটোৰ বাদে আন কোনো বেটাৰ উজ্বলি উঠিবলৈ সক্ষম নহ’ল। ডেভিড ৱাৰ্ণাৰে মাত্ৰ ১৯ ৰাণহে কৰে।

ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে বিৰাট কোহলী আৰু ফাফ ডু প্লেছিছৰ সৌজন্যত শক্তিশালী আৰম্ভণি কৰিছিল। পঞ্চম অভাৰত অমন হাকিম খানৰ কেচৰ বেল্টৰত পৰিল ফাফ। কিন্তু কোহলীয়ে বাংগালুৰুৰ ঘৰুৱা পিটছত ক্ৰমাগতভাৱে তৃতীয়টো পঞ্চাশ ৰান কৰে। মুঠ ৩৪ টা বলৰ সন্মুখিন হয় তেওঁ।

মহিপাল লমৰ’ৰ (২৬) আৰু গ্লেন মেক্সৱেলে (২৪)ও বৰঙণি আগবঢ়ায়। মাজভাগত বেটিং বিপৰ্যয় হয় যদিও শ্বাহবাজ আহমেদ আৰু অনুজ ৰাৱটে শেষৰ পাঁচ অভাৰত ৪০ ৰান সংগ্ৰহ কৰি নিৰ্দিষ্ট অভাৰত ১৭৪ ৰান  সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে