--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়ে আমাৰ স্বাস্থ্য বিশেষজ্ঞসকলে ব্ৰেকফাষ্টত স্বাস্থ্যসন্মত আৰু সোৱাদযুক্ত কিবা এটা খাবলৈ পৰামৰ্শ দিয়ে। যাতে শৰীৰে গোটেই দিনটো কাম কৰিবলৈ শক্তি পায় আৰু পেটটোও ভৰি থাকে। বেছিভাগ মানুহেই ব্ৰেকফাষ্টত যা-তা খায়। অৱশ্যে কিছুমান মানুহে ব্ৰেকফাষ্টৰ বাবে স্বাস্থ্যসন্মত খাদ্য বাছি লয়। ইয়াৰ বাবে অংকুৰিত বুট, মগু, গাখীৰ-ৰুটি বা চিলা খাব লাগে। 

আজি আমি আপোনালোকক ক'ম বাদাম খোৱাৰ বিষয়ে। ব্ৰেকফাষ্টত ইয়াক অন্তৰ্ভুক্ত কৰিলে আপোনাৰ শৰীৰত আচৰিত ধৰণৰ উপকাৰ পোৱা যাব। বহুতো ব্যঞ্জন আছে য’ত বাদাম মিহলাই দিয়া হয় আৰু ইয়াৰ সোৱাদো সুস্বাদু হয়। কিন্তু আপুনি ভিজাই থোৱা বাদাম খাইছেনে? যদি নাই খোৱা, তেন্তে আজিৰ পৰা ব্ৰেকফাষ্টত ভিজা বাদাম অন্তৰ্ভুক্ত কৰক আৰু চাওক, ইয়াৰ পৰা আপুনি অগণন লাভ পাব পাৰে। 


১) হজম শক্তি ভাল হ’বঃ সকলোৱে জানে যে বাদামত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ই আঁহযুক্ত খাদ্য হজমৰ বাবে ভাল বুলি বিবেচিত হয়। গতিকে শুকান বাদামৰ সলনি তিয়াই থোৱা বাদাম খালে হজম শক্তি ভাল হয়।
  
২) মগজু আৰু চকুৰ বাবে স্বাস্থ্যকৰঃ ব্ৰেকফাষ্টত তিয়াই থোৱা বাদাম সেৱন কৰিলে মগজু চোকা হৈ থাকিব। এইখিনি খালে আপোনাৰ স্মৃতিশক্তিও বৃদ্ধি পাব। ইয়াৰ লগতে যদি আপুনি দৃষ্টিত অসুবিধা পাইছে তেন্তে চকুৰ দুৰ্বলতাও নাইকিয়া হৈ যাব। চকুৰ ওপৰত থকা চাপ দূৰ হয়। সেইবাবেই তিয়াই থোৱা বাদাম ভাল পৰিমাণত খাব লাগে।

৩) ছালৰ বাবে উপকাৰীঃ তিয়াই থোৱা বাদাম সেৱন কৰিলে আপোনাৰ ছালৰ জিলিকনি বৃদ্ধি পাব। যদি আপোনাৰ মুখত ব্ৰণৰ সমস্যা আছে তেন্তে দৈনিক সেৱন কৰক। কেইদিনমানৰ ভিতৰতে আপুনি আপোনাৰ ছালখন সম্পূৰ্ণ পৰিষ্কাৰ আৰু জিলিকি থকা দেখিব। ইচ্ছা কৰিলে তিয়াই থোৱা বাদামৰ লগতে ২টা আলমণ্ড আৰু মগু দালিও তিয়াই দিব পাৰে। ই পুষ্টিকৰ গুণেৰে ভৰপূৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু