--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়ে আমাৰ স্বাস্থ্য বিশেষজ্ঞসকলে ব্ৰেকফাষ্টত স্বাস্থ্যসন্মত আৰু সোৱাদযুক্ত কিবা এটা খাবলৈ পৰামৰ্শ দিয়ে। যাতে শৰীৰে গোটেই দিনটো কাম কৰিবলৈ শক্তি পায় আৰু পেটটোও ভৰি থাকে। বেছিভাগ মানুহেই ব্ৰেকফাষ্টত যা-তা খায়। অৱশ্যে কিছুমান মানুহে ব্ৰেকফাষ্টৰ বাবে স্বাস্থ্যসন্মত খাদ্য বাছি লয়। ইয়াৰ বাবে অংকুৰিত বুট, মগু, গাখীৰ-ৰুটি বা চিলা খাব লাগে। 

আজি আমি আপোনালোকক ক'ম বাদাম খোৱাৰ বিষয়ে। ব্ৰেকফাষ্টত ইয়াক অন্তৰ্ভুক্ত কৰিলে আপোনাৰ শৰীৰত আচৰিত ধৰণৰ উপকাৰ পোৱা যাব। বহুতো ব্যঞ্জন আছে য’ত বাদাম মিহলাই দিয়া হয় আৰু ইয়াৰ সোৱাদো সুস্বাদু হয়। কিন্তু আপুনি ভিজাই থোৱা বাদাম খাইছেনে? যদি নাই খোৱা, তেন্তে আজিৰ পৰা ব্ৰেকফাষ্টত ভিজা বাদাম অন্তৰ্ভুক্ত কৰক আৰু চাওক, ইয়াৰ পৰা আপুনি অগণন লাভ পাব পাৰে। 


১) হজম শক্তি ভাল হ’বঃ সকলোৱে জানে যে বাদামত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ই আঁহযুক্ত খাদ্য হজমৰ বাবে ভাল বুলি বিবেচিত হয়। গতিকে শুকান বাদামৰ সলনি তিয়াই থোৱা বাদাম খালে হজম শক্তি ভাল হয়।
  
২) মগজু আৰু চকুৰ বাবে স্বাস্থ্যকৰঃ ব্ৰেকফাষ্টত তিয়াই থোৱা বাদাম সেৱন কৰিলে মগজু চোকা হৈ থাকিব। এইখিনি খালে আপোনাৰ স্মৃতিশক্তিও বৃদ্ধি পাব। ইয়াৰ লগতে যদি আপুনি দৃষ্টিত অসুবিধা পাইছে তেন্তে চকুৰ দুৰ্বলতাও নাইকিয়া হৈ যাব। চকুৰ ওপৰত থকা চাপ দূৰ হয়। সেইবাবেই তিয়াই থোৱা বাদাম ভাল পৰিমাণত খাব লাগে।

৩) ছালৰ বাবে উপকাৰীঃ তিয়াই থোৱা বাদাম সেৱন কৰিলে আপোনাৰ ছালৰ জিলিকনি বৃদ্ধি পাব। যদি আপোনাৰ মুখত ব্ৰণৰ সমস্যা আছে তেন্তে দৈনিক সেৱন কৰক। কেইদিনমানৰ ভিতৰতে আপুনি আপোনাৰ ছালখন সম্পূৰ্ণ পৰিষ্কাৰ আৰু জিলিকি থকা দেখিব। ইচ্ছা কৰিলে তিয়াই থোৱা বাদামৰ লগতে ২টা আলমণ্ড আৰু মগু দালিও তিয়াই দিব পাৰে। ই পুষ্টিকৰ গুণেৰে ভৰপূৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু