--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে শাক-পাচলি বুলি ক’লেই নাক কোঁচাই দিয়ে। কিন্তু শাক-পাচলি আমাৰ দেহৰ বাবে অতি প্ৰয়োজনীয়। শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। 

দেহৰ পুষ্টি বৰ্ধন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ নিতৌ শাক-পাচলি খাব লাগে। দৰাচলতে শৰীৰৰ অতিৰিক্ত ওজন হৈছে বিভিন্ন ৰোগৰ কাৰণ। সেয়েহে ওজন কমোৱাতো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ বাবে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত কিছু নিয়ম মানি চলাটো প্ৰয়োজন।

স্বাস্থ্য বিধি মানি চলিবলৈ প্ৰতিদিনৰ খাদ্য তালিকাত পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰাটো জৰুৰী। সেইদৰে, স্বাস্থ্য অটুট ৰাখি শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ শাক-পাচলিৰ ওপৰত গুৰুত্ব দিব লাগে।

শৰীৰৰ অতিৰিক্ত ওজন কমোৱাৰ ক্ষেত্ৰত অত্যন্ত কাৰ্যকৰী কেইবিধমান পাচলিৰ বিষয়ে জানো আহক।
ব্ৰুকলিঃ  ব্ৰুকলি হৈছে পুষ্টিৰ অফুৰন্ত শক্তিৰ উৎস। ইয়াত প্ৰচুৰ কেলছিয়াম, ভিটামিন-চি, ভিটামিন-কে আৰু আইৰন থাকে। ব্ৰুকলিত প্ৰচুৰ ফাইবাৰ থকাৰ বিপৰীতে কেল’ৰি যথেষ্ট কম। সেয়ে, ওজন কমোৱাত ই বিশেষভাৱে সহায় কৰে।

পালেংশাকঃ সেউজীয়া এই পাচলিত বিভিন্ন পুষ্টিগুণেৰে ভৰপূৰ। ইয়াত প্ৰচুৰ পৰিমানে আইৰন,পটাছিয়াম আৰু ফাইবাৰ থাকে। পালেংশাকত কেল’ৰিৰ পৰিমান অত্যন্ত কম।পালেংশাক কেবল ওজন কমোৱাতে নহয়, ই লগতে টাইপ-২ডায়েবেটিছ, হাৰ্টৰ ৰোগ আৰু যিকোনো কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।

কেপছিকামঃ কেপছিকামত ভিটামিন-চি, ডায়েট্ৰি ফাইবাৰ, ভিটামিন-ই, বি-৬ৰে সমৃদ্ধ আৰু ই ফলিক যুক্ত। এই পাচলিত পানীৰ পৰিমানো বেছি থাকে। কেপছিকামে শৰীৰৰ মেটাবলিজমৰ হাৰ বৃদ্ধি কৰাৰ লগতেএ ওজন কমোৱাত সহায় কৰে।

বিলাহীঃ বিলাহীত প্ৰচুৰ পৰিমানে এন্টিঅক্সিডেন্ট লাইক’পিন থাকে। বিলাহীয়ে ওজন কমোৱাত সহায় কৰে। লগতে নিয়মীয়াকৈ বিলাহী খালে বহু ক্ৰনিক ৰোগৰ পৰা মুক্তি পোৱা যায়। তৰকাৰী বা চালাদ যিধৰণেই খাওক ই আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ