--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ষ্ট্ৰোক  মাৰাত্মক  হ’ব পাৰে৷ ষ্ট্ৰোক এতিয়া সমগ্ৰ বিশ্বতে এক ভয়াৱহ সমস্যা হৈ দেখা দিছে৷ অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী (এনপি-এনচিডি)ৰ আধাৰতত ভাৰতত ষ্ট্ৰোক প্ৰতিৰোধৰ বাবে যাৱতীয় বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত এক উল্লেখযোগ্য সফলতা হৈছে ইণ্ডিয়া হাইপাৰটেনচন কণ্ট্ৰোল ইনিছিয়েটিভ (আইএইচচিআই), যিয়ে ২ নিযুতৰো অধিক ৰোগীক ডিজিটেলভাৱে নিৰীক্ষণ কৰাৰ বাবে প্ৰযুক্তি-চালিত উদ্ভাৱন ব্যৱহাৰ কৰি আছে।  

বিশ্ব ষ্ট্ৰোক সংগঠনৰ নিৰ্বাচিত সভাপতি অধ্যাপক জয়াৰাজ পাণ্ডিয়ানে কয় যে ষ্ট্ৰোক বৃদ্ধিৰ কাৰকবোৰ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে।

কানাডাৰ কেলগাৰীত নিউৰোলজিষ্ট আৰু ষ্ট্ৰোক ফেলো ,  "দক্ষিণ-পূব এছিয়াৰ ষ্ট্ৰোক চিষ্টেমচ অফ কেয়াৰ" নামৰ কাকতখনৰ মুখ্য লেখক ডাঃ আইভি চেবাষ্টিয়ানে স্বাস্থ্যসেৱা প্ৰণালীৰ উন্নতিকৰণৰ জড়িয়তে ষ্ট্ৰোক প্ৰতিৰোধৰ বিষয়ত গুৰুত্ব দিছে। 
 ষ্ট্ৰোকক বহুতে  হৃদ ৰোগত আক্ৰান্ত হোৱা বুলি  ভাবে। কিন্তু দুয়োটা  সম্পূৰ্ণ বেলেগ।

ষ্ট্ৰোকে মুখ্যতঃ মানুহৰ মগজুত আঘাত কৰে। ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ তথ্য অনুসৰিযেতিয়া মগজুৰ যিকোনো অংশলৈ তেজৰ যোগান বন্ধ  হয় আৰু মগজুৰ কোষবোৰ মৰি যায় তেতিয়াই ষ্ট্ৰোক হয়।
 সাধাৰণতে ৬০  বছৰৰ অধিক বয়সৰ ৰোগীৰ ষ্ট্ৰোকৰ আশংকা অধিক হয়।  কিন্তু শেহতীয়াকৈ যুৱ আৰু আনকি শিশুও ষ্ট্ৰোকত আক্ৰান্ত হোৱা দেখা গৈছে।

অৱশ্যে, অধ্যয়নে  দেখুৱাইছে যে পুৰুষৰ ষ্ট্ৰোকৰ আশংকা মহিলাতকৈ অধিক।

তিনি প্ৰকাৰৰ ষ্ট্ৰোক আছে। মৃদু ষ্ট্ৰোক, ইস্কিমিক ষ্ট্ৰোক আৰু হেমৰেজিক ষ্ট্ৰোক।

মৃদু ষ্ট্ৰোকত ৰোগীৰ মগজুলৈ তেজৰ যোগান অস্থায়ীভাৱে বন্ধ  হয় আৰু পুনৰ আৰম্ভ  হয়। এইটো মূলতঃ এটা ডাঙৰ ষ্ট্ৰোকৰ পূৰ্ব লক্ষণ।

ইস্কিমিক ষ্ট্ৰোকত মগজু আৰু শৰীৰৰ অন্যান্য অংশত ৰক্ত নলীত তেজ গোট মাৰে।

হেমৰেজিক ষ্ট্ৰোকত মগজুৰ ৰক্তনলীবোৰ ফাটি যায় আৰু ৰক্তক্ষৰণ হয়।

ষ্ট্ৰোকে মগজুৰ কিমান ক্ষতি কৰিব সেয়া নিৰ্ভৰ কৰে মগজুত ই ক'ত হয় আৰু ই কিমান ঠাই আৱৰি থাকে তাৰ ওপৰত।

 ষ্ট্ৰোকৰ কিছুমান সাধাৰণ  লক্ষণ হৈছে:

হঠাতে হাত, ভৰি বা শৰীৰৰ যিকোনো অংশ অৱশ হৈ পৰা।  হাত দাঙিব নোৱাৰা হোৱা।
চকুৰে অস্পষ্ট/আন্ধাৰ দেখা।
কথা কোৱাত অসুবিধা পোৱা ।
বস্তু গিলিবলৈ টান পোৱা ।
জিভা জঠৰ হোৱা, মুখ বেঁকা হৈ পৰা।
শৰীৰৰ ভাৰসাম্য হেৰুওৱা, নিয়ন্ত্ৰণ হেৰুওৱা আৰু জ্ঞান হেৰুওৱা। 
হঠাতে, কেইছেকেণ্ডৰ ভিতৰতে  তীব্ৰ মূৰৰ বিষ অনুভৱ কৰা।
ওকালি অহা, বমি হোৱা, চিজাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ