--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰৰ বৃদ্ধিৰ বাবে খাদ্য খোৱাটো অতি প্ৰয়োজনীয় কথা৷ সঠিক মাত্ৰাত সঠিক পুষ্টিদায়ক আহাৰ নাখালে আমাৰ শৰীৰটো ভালদৰে বাঢ়িব নোৱাৰে৷ বহুতে দেহৰ উচ্চতা কম হোৱা বাবেও মনতে অসন্তুোষ কৰা দেখা যায়৷ দৰাচলতে কেতবোৰ বিশেষ খাদ্য শৰীৰৰ বৃদ্ধিৰ বাবে ইতি প্ৰয়োজনীয়৷ এনে খাদ্য শিশু অৱস্থাৰে পৰাই খালে দেহৰ উচ্চতা আদি সঠিক ভাবে বাঢ়িব পাৰে৷শৰীৰৰ উচ্চতা বৃদ্ধিত সহায় কৰা কেইবিধমান আহাৰ এনেধৰণৰ

১. গাখীৰ:
গাখীৰে আমাৰ দেহক পুষ্টি প্ৰদান কৰাৰ লগতে নানান ৰোগৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ শৰীৰৰ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে৷
গাখীৰে শৰীৰৰ উচ্চতা বৃদ্ধিতো বিশেষ ভূমিকা পালন কৰে। গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়ামৰ থাকে। শৰীৰৰ বৃদ্ধিৰ বাবে কেলচিয়ামৰ অতি প্ৰয়োজন৷কেলচিয়ামৰ উপৰিও গাখীৰত ভিটামিন-এ যথেষ্ট পৰিমানে পোৱা যায়। গাখীৰত থকা প্ৰটিনে শৰীৰৰ কোষসমূহৰ বৃদ্ধিত সহায় কৰে।দৈনিক দুইৰ পৰা তিনি গিলাছ গাখীৰ খাব পাৰিলে দেহৰ বৃদ্ধি দ্ৰুত হ’ব৷

২.কণী:
দেহৰ বৃদ্ধিত সহায় কৰে কণীয়েও৷দেহ গঠনৰ বাবে কণী অতি প্ৰয়োজনীয় খাদ্য। কণীত অতি বেছি পৰিমানে প্ৰ’টিন থাকে৷ ফলত কণীয়ে কোষৰ বৃদ্ধিত সহায় কৰে। দৈনিক দুটাকৈ কণী খাব পাৰি শৰীৰৰ উচ্চতা বৃদ্ধিত সহায়ক হ’ব৷

৩.কুকুৰাৰ মাংস:
দেহৰ সঠিক বিকাশৰ বাবে মাংসৰো প্ৰয়োজন হয়৷বিশেষকৈ কুকুৰাৰ মাংসত বহু প্ৰ’টিন থাকে আৰুএই প্ৰ’টিনে শৰীৰৰ পেশীসমূহৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। কুকুৰাৰ মাংসই সেয়ে দেহৰ উচ্চতা বৃদ্ধিত সহায় কৰিব পাৰে৷ তদুপৰি ই দেহক প্ৰয়োজনীয় প্ৰ’টিনৰো যোগান ধৰিব পাৰে৷

৪ শাক-পাচলি আৰু ফল-মূল:
শাক-পাচলি আৰু ফল-মূলে দেহৰ বৃদ্ধিত সহায় কৰে৷ সেয়ে নিতৌ কমেও এবিধ হ’লেও ফল খোৱাৰ অভ্যাস কৰিব লাগে৷
শাক-পাচলি আৰু ফল-মূলে শৰীৰৰ স্বাস্থ্যৱান কৰিৰাখে। গাজৰ, ৰঙালাও, বীন,অমিতা, মিঠা আলু আদি পাচলিয়ে শৰীৰৰ উচ্চতা বৃদ্ধিত সহায় কৰে। এই সমূহ পাচলিত যথেষ্ট পৰিমানে ভিটামিন-চি আৰু আন খনিজ পদাৰ্থ পোৱা যায়৷সেয়ে নিয়মিত উল খোৱাটো অভ্যাস হিচাবে গঢ় দিব লাগে৷ ফল মানে যে বজাৰৰ পৰা কিনি অনা দামী ফল হ’ব লাগিব তেনে কোনো কথা নাই৷ সহজতে পোৱা বতৰৰ ফল-মূলতো সমানেই উপকাৰিতা পোৱা যায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে