--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰৰ বৃদ্ধিৰ বাবে খাদ্য খোৱাটো অতি প্ৰয়োজনীয় কথা৷ সঠিক মাত্ৰাত সঠিক পুষ্টিদায়ক আহাৰ নাখালে আমাৰ শৰীৰটো ভালদৰে বাঢ়িব নোৱাৰে৷ বহুতে দেহৰ উচ্চতা কম হোৱা বাবেও মনতে অসন্তুোষ কৰা দেখা যায়৷ দৰাচলতে কেতবোৰ বিশেষ খাদ্য শৰীৰৰ বৃদ্ধিৰ বাবে ইতি প্ৰয়োজনীয়৷ এনে খাদ্য শিশু অৱস্থাৰে পৰাই খালে দেহৰ উচ্চতা আদি সঠিক ভাবে বাঢ়িব পাৰে৷শৰীৰৰ উচ্চতা বৃদ্ধিত সহায় কৰা কেইবিধমান আহাৰ এনেধৰণৰ

১. গাখীৰ:
গাখীৰে আমাৰ দেহক পুষ্টি প্ৰদান কৰাৰ লগতে নানান ৰোগৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ শৰীৰৰ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে৷
গাখীৰে শৰীৰৰ উচ্চতা বৃদ্ধিতো বিশেষ ভূমিকা পালন কৰে। গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়ামৰ থাকে। শৰীৰৰ বৃদ্ধিৰ বাবে কেলচিয়ামৰ অতি প্ৰয়োজন৷কেলচিয়ামৰ উপৰিও গাখীৰত ভিটামিন-এ যথেষ্ট পৰিমানে পোৱা যায়। গাখীৰত থকা প্ৰটিনে শৰীৰৰ কোষসমূহৰ বৃদ্ধিত সহায় কৰে।দৈনিক দুইৰ পৰা তিনি গিলাছ গাখীৰ খাব পাৰিলে দেহৰ বৃদ্ধি দ্ৰুত হ’ব৷

২.কণী:
দেহৰ বৃদ্ধিত সহায় কৰে কণীয়েও৷দেহ গঠনৰ বাবে কণী অতি প্ৰয়োজনীয় খাদ্য। কণীত অতি বেছি পৰিমানে প্ৰ’টিন থাকে৷ ফলত কণীয়ে কোষৰ বৃদ্ধিত সহায় কৰে। দৈনিক দুটাকৈ কণী খাব পাৰি শৰীৰৰ উচ্চতা বৃদ্ধিত সহায়ক হ’ব৷

৩.কুকুৰাৰ মাংস:
দেহৰ সঠিক বিকাশৰ বাবে মাংসৰো প্ৰয়োজন হয়৷বিশেষকৈ কুকুৰাৰ মাংসত বহু প্ৰ’টিন থাকে আৰুএই প্ৰ’টিনে শৰীৰৰ পেশীসমূহৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। কুকুৰাৰ মাংসই সেয়ে দেহৰ উচ্চতা বৃদ্ধিত সহায় কৰিব পাৰে৷ তদুপৰি ই দেহক প্ৰয়োজনীয় প্ৰ’টিনৰো যোগান ধৰিব পাৰে৷

৪ শাক-পাচলি আৰু ফল-মূল:
শাক-পাচলি আৰু ফল-মূলে দেহৰ বৃদ্ধিত সহায় কৰে৷ সেয়ে নিতৌ কমেও এবিধ হ’লেও ফল খোৱাৰ অভ্যাস কৰিব লাগে৷
শাক-পাচলি আৰু ফল-মূলে শৰীৰৰ স্বাস্থ্যৱান কৰিৰাখে। গাজৰ, ৰঙালাও, বীন,অমিতা, মিঠা আলু আদি পাচলিয়ে শৰীৰৰ উচ্চতা বৃদ্ধিত সহায় কৰে। এই সমূহ পাচলিত যথেষ্ট পৰিমানে ভিটামিন-চি আৰু আন খনিজ পদাৰ্থ পোৱা যায়৷সেয়ে নিয়মিত উল খোৱাটো অভ্যাস হিচাবে গঢ় দিব লাগে৷ ফল মানে যে বজাৰৰ পৰা কিনি অনা দামী ফল হ’ব লাগিব তেনে কোনো কথা নাই৷ সহজতে পোৱা বতৰৰ ফল-মূলতো সমানেই উপকাৰিতা পোৱা যায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ