--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযকৃতই আমাৰ দেহৰ বাবে বহু  দৰকাৰী কাম সম্পন্ন কৰে। । সেয়ে  যকৃত সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয় কথা।   যকৃতক কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি সেই বিষয়ত সচেতন হোৱাটোও সেয়ে দৰকাৰী কথা।যকৃত হৈছে আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অঙ্গবোৰৰ ভিতৰৰে এটা। ইয়াৰ পৰাই পিত্তৰস নিৰ্গত হয়। যি ৰসে খাদ্য হজম কৰাত সহায় কৰে। আকৌ তেজত থকা অতিৰিক্ত গ্লুকোজ যকৃতত গ্লাইকোজেন হিচাপে সঞ্চিত হয় ।

প্ৰয়োজনত এই গ্লাইকোজেনে ৰক্ত শৰ্কৰাৰ স্তৰ সঠিক কৰি ৰখাত সহায় কৰে। মানৱ শৰীৰৰ যকৃতত লোহিত ৰক্ত কণিকাৰ হিমোগ্লোবিন ভাঙি যায় আৰু বিলিৰুবিন তথা বাইলিভাৰ্ডিন আদি সৃষ্টি হয়।যকৃতৰ কামত সামান্য হেৰফেৰ হ’লেই তেজত বিলিৰুবিনৰ মাত্ৰা বাঢ়ি যাব পাৰে। ফলত জণ্ডিছৰ লক্ষণে দেখা দিব পাৰে। যকৃতক স্বাস্থ্যৱান কৰি ৰাখিবলৈ যকৃতৰ উপযোগী খাদ্য খাব লাগে। যকৃতৰ উপযোগী খাদ্য খালো চৰ্বিযুক্ত যকৃত বা যকৃতৰ চিৰোচিছৰ দৰে সমস্যাৰ ভয় কমি যায়।খাদ্য বিশেষজ্ঞসকলে যকৃতৰ বাবে উপকাৰী খাদ্যৰ কথা কৈ আহিছে। তেনে কেইবিধমান খাদ্য হৈছে-

নহৰু – নহৰুৱে যকৃতৰ এনজাইম সক্ৰিয় কৰে আৰু শৰীৰৰ আৱৰ্জনা উলিয়াই দিয়াত সহায় কৰে। নহৰুত যথেষ্ট পৰিমাণৰ ছেলেনিয়াম থাকে, যি যকৃত বা যকৃতক এণ্টিঅক্সিডেণ্ট যোগান ধৰে। ইয়াৰ উপৰি কেঁচা নহৰুৱে ৰক্তচাপ আৰু কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাতো সহায় কৰে।

গ্ৰীণ টি – শৰীৰটো সঠিক ৰাখিবলৈ গ্ৰীণ টি খোৱা ভাল। পুষ্টিবিদসকলৰ মতে ভাবে যে প্ৰতিদিনে একাপ গ্ৰীণ টি পান কৰিলে যকৃত সুস্থ হৈ থকাৰ লগতে শৰীৰে এণ্টিঅক্সিডেণ্ট লাভ কৰে।

মাছ – সাগৰীয় মাছৰ লগতে থলুৱাভাবে পোৱা ৰৌ আদি মাছত যথেষ্ট অমেগা-৩ থাকে। অমেগা-৩য়ে যকৃত ভালে ৰখাত সহায় কৰে। গতিকে চালমন, চাৰ্ডিন, টুনা, ট্ৰাউট, ৰৌ মাছ আদি খোৱাটো যকৃতৰ বাবে ভাল। অমেগা-৩ য়ে যকৃতত ডিটক্স অৰ্থাৎ বিষাক্ত পদাৰ্থ বৰ্জন কৰা উপাদান হিচাবে কাম কৰে।

বীট – বীট শৰীৰৰ বাবে অতি উপকাৰী। ই তেজ পৰিষ্কাৰ কৰে। বীটে যকৃত ভালে ৰখাতো সহায় কৰে। বীটৰ ৰসত যথেষ্ট নাইট্ৰেট আৰু বিটালিন থাকে। ই হৃদয়কো ভাল ৰাখে।

শাক-পাচলি – বহুলোকে পাচলি খাবলৈ নিবিচাৰে। কিন্তু দেহৰ আন অংগ আৰু যকৃতৰ কথা ভাবিয়েই পাচলি আদি খাব লাগে। মাছ, মাংসৰ কণীৰ সৈতে পাচলিয়ে আমাৰ শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। নিৰামিষভোজীসকলেও প্ৰচুৰ পাচলি খাব লাগে বুলি খাদ্য বিশেষজ্ঞসকলে কৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি