--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ হাতত দেওবাৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পৰাজয় মানি ল'লে নিউজিলেণ্ডৰ অধিনায়ক মিচেল ছাণ্টনাৰে। প্ৰতিযোগিতাখনৰ খিতাপ যুঁজত পৰাজয়ৰ বাবে কোনো অজুহাত থিয় কৰিব খোজা নাই অধিনায়কগৰাকীয়ে। অৱশ্যে, ছাণ্টনাবে পৰাজয়ৰ কাৰণ হিচাপে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাক চিহ্নিত কৰে। 

ৰোহিতৰ দুৰ্দান্ত বেটিঙে দুয়োটা দলৰ মাজত পাৰ্থক্য আনি দিলে বুলি স্বীকাৰ কৰে কিৱি অধিনায়ক ছাণ্টনাৰে। ৰোহিতে ৮৩টা বলত গোটোৱা সাৱলীল ৭৬ ৰানৰ সহায়ত ভাৰতে দেওবাৰে হোৱা ফাইনেলত ২৫২ ৰানৰ লক্ষ্য অতিক্ৰম কৰে। ৰোহিতৰ আকর্ষণীয় অর্ধ শতৰানৰ বাবেই খেল তেওঁলোকৰ হাতৰ পৰা ভাৰতৰ হাতলৈ গুচি যোৱা বুলি ভাবে ছাণ্টনাৰে। 

ছাণ্টনাৰে কয়, 'মোৰ মতে ৰোহিতৰ ইনিংছটোৰ বাবেই আমি জয়ৰ পৰা বঞ্চিত হ'লোঁ। ভাৰতীয় দলে অৱশ্যে ডুবাইৰ পৰিৱেশ-পৰিস্থিতি ভালদৰেই বুজিব পাৰিছিল। - লগতে ভাৰতে খুব ভাল ক্রিকেট খেলিলে।' 

ভাৰতৰ হাতত খিতাপৰ যুঁজত পৰাজিত হ'লেও দলৰ প্ৰদর্শনক লৈ যথেষ্ট গর্বিত নিউজিলেণ্ডৰ অধিনায়ক ছাণ্টনাৰ। সেই প্ৰসংগত ছাণ্টনাৰে কয়, 'ফাইনেলত আমি যথেষ্ট শক্তিশালী দল এটাৰ বিৰুদ্ধে খেলিলোঁ। মেচখনত বিভিন্ন সময়ত খেলৰ ধৰণ সলনি কৰিবলগীয়া হৈছিল। সেয়া দেখা পাই মই যথেষ্ট সুখী। তাৰ মাজতে দুই-তিনিটা কাৰণৰ বাবে খেল আমাৰ হাতৰ পৰা ওলাই যায়।

উৎস- দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ