--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত জয়ৰ ধাৰা অব্যাহত ভাৰতৰ৷ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই নিজৰ শতকেৰে আফগানিস্তানৰ বিৰুদ্ধে ভাৰতক ৮ উইকেটত জয়লাভ কৰাত সহায়ক হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অ’পেন কৰিবলৈ অহা ৰোহিত শৰ্মাই ভাৰতৰ হৈ এদিনীয়া বিশ্বকাপত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়। কপিল দেৱৰ অভিলেখ ভংগ কৰি তেওঁ ৬৩টা বলত শতক সম্পূৰ্ণ কৰে। ভাৰতীয় অধিনায়কগৰাকীয়ে ১৬টা চাৰি আৰু ৫টা ছয়ৰ সহায়ত ৮৪টা বলত ১৩১ ৰানৰ ইনিংছ খেলিছিল। ৰোহিতে এদিনীয়া বিশ্বকাপত সৰ্বাধিক ৭টা শতক অৰ্জন কৰা খেলুৱৈ হিচাপেও পৰিগণিত হয়। আনহাতে আফগানিস্তানৰ হৈ ৰছিদ খানে সৰ্বাধিক ২ উইকেট দখল কৰে।

প্ৰথম খেলাৰ পাছত আফগানিস্তানে ৮ উইকেটত ২৭২ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই মাত্ৰ ৩৫ অভাৰত দুটা উইকেট হেৰুৱাই অতি সহজে লক্ষ্যত উপনীত হয়। ভাৰতৰ জয়ত সৰ্বাধিক অৱদান আগবঢ়াইছিল ৰোহিত শৰ্মা আৰু যশপ্ৰীত বুমৰাহ।

ৰোহিত শৰ্মা আৰু ঈশান কিষানে ২৭৩ ৰানৰ লক্ষ্য খেদি ভাৰতীয় দলটোক এক সুস্থিৰ আৰম্ভণি প্ৰদান কৰে। ভাৰতে মাত্ৰ ১১.৫ অভাৰত ১০০ ৰান সম্পূৰ্ণ কৰে। প্ৰথম উইকেটত ৰোহিত শৰ্মা আৰু ঈশান কিষানে ১৫৬ ৰান (১১২ বল) সংযোজন কৰে। ইয়াৰ পাছতে বিৰাট কোহলী আৰু শ্ৰেয়াছ আয়াৰৰ যুটিয়ে দলটোক জয়ৰ দুৱাৰমুখলৈ লৈ যায়। তিনি নম্বৰ স্থানত অহা বিৰাট কোহলিয়ে ৫৫ নট আউট আৰু চাৰি নম্বৰত বেটিং কৰা শ্ৰেয়ছ আয়াৰে ২৫ ৰান সংগ্ৰহ কৰে। কোহলীৰ ইনিংছত ৬টা চাৰি আৰু আয়াৰৰ ইনিংছত ১টা চাৰি আৰু ১টা ছয়।

আফগানিস্তানৰ হৈ মাত্ৰ ৰছিদ খানেহে ২টা উইকেট লাভ কৰে। এই সময়ছোৱাত ৰছিদে ৮ অভাৰত ৫৭ ৰান ব্যয় কৰে। বাকী সকলো বলাৰ খালী হাতে থাকিল। ৮.৫০ ইকনমিৰে ৪ অভাৰত ৩৪ ৰান দি দলটোৰ বাবে আজমাতুল্লাহ উমৰজাই আটাইতকৈ ব্যয়বহুল বলাৰ হিচাপে প্ৰমাণিত হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ