--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত জয়ৰ ধাৰা অব্যাহত ভাৰতৰ৷ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই নিজৰ শতকেৰে আফগানিস্তানৰ বিৰুদ্ধে ভাৰতক ৮ উইকেটত জয়লাভ কৰাত সহায়ক হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অ’পেন কৰিবলৈ অহা ৰোহিত শৰ্মাই ভাৰতৰ হৈ এদিনীয়া বিশ্বকাপত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়। কপিল দেৱৰ অভিলেখ ভংগ কৰি তেওঁ ৬৩টা বলত শতক সম্পূৰ্ণ কৰে। ভাৰতীয় অধিনায়কগৰাকীয়ে ১৬টা চাৰি আৰু ৫টা ছয়ৰ সহায়ত ৮৪টা বলত ১৩১ ৰানৰ ইনিংছ খেলিছিল। ৰোহিতে এদিনীয়া বিশ্বকাপত সৰ্বাধিক ৭টা শতক অৰ্জন কৰা খেলুৱৈ হিচাপেও পৰিগণিত হয়। আনহাতে আফগানিস্তানৰ হৈ ৰছিদ খানে সৰ্বাধিক ২ উইকেট দখল কৰে।

প্ৰথম খেলাৰ পাছত আফগানিস্তানে ৮ উইকেটত ২৭২ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই মাত্ৰ ৩৫ অভাৰত দুটা উইকেট হেৰুৱাই অতি সহজে লক্ষ্যত উপনীত হয়। ভাৰতৰ জয়ত সৰ্বাধিক অৱদান আগবঢ়াইছিল ৰোহিত শৰ্মা আৰু যশপ্ৰীত বুমৰাহ।

ৰোহিত শৰ্মা আৰু ঈশান কিষানে ২৭৩ ৰানৰ লক্ষ্য খেদি ভাৰতীয় দলটোক এক সুস্থিৰ আৰম্ভণি প্ৰদান কৰে। ভাৰতে মাত্ৰ ১১.৫ অভাৰত ১০০ ৰান সম্পূৰ্ণ কৰে। প্ৰথম উইকেটত ৰোহিত শৰ্মা আৰু ঈশান কিষানে ১৫৬ ৰান (১১২ বল) সংযোজন কৰে। ইয়াৰ পাছতে বিৰাট কোহলী আৰু শ্ৰেয়াছ আয়াৰৰ যুটিয়ে দলটোক জয়ৰ দুৱাৰমুখলৈ লৈ যায়। তিনি নম্বৰ স্থানত অহা বিৰাট কোহলিয়ে ৫৫ নট আউট আৰু চাৰি নম্বৰত বেটিং কৰা শ্ৰেয়ছ আয়াৰে ২৫ ৰান সংগ্ৰহ কৰে। কোহলীৰ ইনিংছত ৬টা চাৰি আৰু আয়াৰৰ ইনিংছত ১টা চাৰি আৰু ১টা ছয়।

আফগানিস্তানৰ হৈ মাত্ৰ ৰছিদ খানেহে ২টা উইকেট লাভ কৰে। এই সময়ছোৱাত ৰছিদে ৮ অভাৰত ৫৭ ৰান ব্যয় কৰে। বাকী সকলো বলাৰ খালী হাতে থাকিল। ৮.৫০ ইকনমিৰে ৪ অভাৰত ৩৪ ৰান দি দলটোৰ বাবে আজমাতুল্লাহ উমৰজাই আটাইতকৈ ব্যয়বহুল বলাৰ হিচাপে প্ৰমাণিত হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু