--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শচীন টেণ্ডুলকাৰৰ অভিলেখ অতিক্ৰম কৰে ৰোহিত শৰ্মাই। বুধবাৰে দিল্লীত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ অধিনায়কে আইচিচি বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক শতাধিক শতক অৰ্জনৰ অভিলেখ কৰে।

উল্লেখ্য যে ৰোহিতে বিশ্বকাপত এতিয়ালৈকে সাতটাকৈ শতক অৰ্জন কৰিছে। ছটা শতকেৰে তেওঁৰ পাছতে আছে শচীন টেণ্ডুলকাৰ। আনহাতে, পাঁচটাকৈ শতক অৰ্জন কৰিছিল ছাংগাক্কাৰা আৰু ৰিকী পণ্টিঙে।

মাত্ৰ ৬৩টা ডেলিভাৰীৰ সন্মুখিন হৈ ১২টা চাৰি আৰু ৪টা ছয়ৰে শতকত উপনীত হয় ৰোহিতে। ৩৬ বছৰীয়া ৰোহিতে বিশ্বকাপৰ ইতিহাসত ১০০০ ৰান অতিক্ৰম কৰা সৰ্বাধিক দ্ৰুত বেটছমেন হিচাপেও পৰিগণিত হয়। মাত্ৰ ১৯ ইনিংছতে এই সীমাত উপনীত হয়। 

শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী আৰু বিৰাট কোহলীৰ পিছতে বিশ্বকাপত ১০০০ ৰান সংগ্ৰহ কৰা চতুৰ্থজন ভাৰতীয় হিচাপে পৰিগণিত হয় ৰোহিতে।

২০১৫ চনৰ সংস্কৰণত ৰোহিতে বিশ্বকাপৰ যাত্ৰা আৰম্ভ কৰিছিল, বাংলাদেশৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত শতকৰে ৩৩০ ৰান সংগ্ৰহ কৰিছিল। ২০১৯ চনৰ সংস্কৰণত পাঁচটাকৈ শতক অৰ্জন কৰে। সেইবাৰ ৰোহিতে ৬৪৮ ৰানেৰে প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপেও পৰিগণিত হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু