--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শচীন টেণ্ডুলকাৰৰ অভিলেখ অতিক্ৰম কৰে ৰোহিত শৰ্মাই। বুধবাৰে দিল্লীত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ অধিনায়কে আইচিচি বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক শতাধিক শতক অৰ্জনৰ অভিলেখ কৰে।

উল্লেখ্য যে ৰোহিতে বিশ্বকাপত এতিয়ালৈকে সাতটাকৈ শতক অৰ্জন কৰিছে। ছটা শতকেৰে তেওঁৰ পাছতে আছে শচীন টেণ্ডুলকাৰ। আনহাতে, পাঁচটাকৈ শতক অৰ্জন কৰিছিল ছাংগাক্কাৰা আৰু ৰিকী পণ্টিঙে।

মাত্ৰ ৬৩টা ডেলিভাৰীৰ সন্মুখিন হৈ ১২টা চাৰি আৰু ৪টা ছয়ৰে শতকত উপনীত হয় ৰোহিতে। ৩৬ বছৰীয়া ৰোহিতে বিশ্বকাপৰ ইতিহাসত ১০০০ ৰান অতিক্ৰম কৰা সৰ্বাধিক দ্ৰুত বেটছমেন হিচাপেও পৰিগণিত হয়। মাত্ৰ ১৯ ইনিংছতে এই সীমাত উপনীত হয়। 

শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী আৰু বিৰাট কোহলীৰ পিছতে বিশ্বকাপত ১০০০ ৰান সংগ্ৰহ কৰা চতুৰ্থজন ভাৰতীয় হিচাপে পৰিগণিত হয় ৰোহিতে।

২০১৫ চনৰ সংস্কৰণত ৰোহিতে বিশ্বকাপৰ যাত্ৰা আৰম্ভ কৰিছিল, বাংলাদেশৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত শতকৰে ৩৩০ ৰান সংগ্ৰহ কৰিছিল। ২০১৯ চনৰ সংস্কৰণত পাঁচটাকৈ শতক অৰ্জন কৰে। সেইবাৰ ৰোহিতে ৬৪৮ ৰানেৰে প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপেও পৰিগণিত হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ