--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অযোধ্যাৰ বিশাল ৰাম মন্দিৰৰ আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব৷ আৰম্ভ হৈছে পূজা-পাতল প্ৰক্ৰিয়া৷ আৰু মাত্ৰ কিছুপল বাকী৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ আজি দেশ স্তব্ধপ্ৰায় হৈ পৰিছে৷

ইফালে, ৰাম মন্দিৰৰ বাবে বিশ্বৰ দেশৰ পৰা প্ৰেৰণ কৰা হৈছে উপহাৰ সামগ্ৰী৷ আফগানিস্তানকে ধৰি সমগ্ৰ বিশ্বৰ পৰা শ্ৰীৰাম মন্দিৰৰ বাবে উপহাৰ আহি আছে। সংবাদ সংস্থা এএনআইৰ প্ৰতিবেদন অনুসৰি, বিশ্ব হিন্দু পৰিষদৰ সভাপতি আলোক কুমাৰে কাশ্মীৰ, তামিলনাডু আৰু আফগানিস্তানৰ পৰা লাভ কৰা উপহাৰশ্ৰী ৰাম মন্দিৰৰ যজমান অনিল মিশ্ৰক প্ৰদান কৰিছে।

আলোক কুমাৰে দাবী কৰিছে যে শ্ৰীৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাত মুছলমান সম্প্ৰদায়েও সুখানুভূতি লাভ কৰিছে৷ তেওঁ কয়, কাশ্মীৰৰ মুছলমান ভাই-ভনীসকলে মোক লগ কৰিবলৈ আহিছিল আৰু ৰাম মন্দিৰ নিৰ্মাণত আনন্দ প্ৰকাশ কৰিছিল আৰু কৈছিল যে যদিও আমি বিভিন্ন ধৰ্মত বিশ্বাস কৰোঁ, আমাৰ পূৰ্বপুৰুষ একে। তেওঁ জৈৱিকভাৱে উৎপাদিত ২ কিলোগ্ৰাম বিশুদ্ধ কেশৰ হস্তান্তৰ কৰিছিল।

আলোক কুমাৰে লগতে কৈছে যে বিশ্বৰ আন দেশৰ উপৰি আফগানিস্তানৰ পৰা বিশেষ উপহাৰ লাভ কৰা হৈছে। স্থানীয় ভাষাত ‘কুভা’ বুলি কোৱা বিখ্যাত নদী কাবুলৰ পানী শ্ৰীৰাম মন্দিৰত ভগৱান ৰামৰ অভিষেকৰ বাবে উপহাৰ হিচাপে গ্ৰহণ কৰা হৈছে। আলোক কুমাৰে কয়, তামিলনাডুৰ ৰেচম নিৰ্মাতাসকলে শ্ৰীৰাম মন্দিৰৰ ছবিৰে বোৱা ৰেচমৰ চাদৰ এখন প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু