--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অযোধ্যাৰ বিশাল ৰাম মন্দিৰৰ আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব৷ আৰম্ভ হৈছে পূজা-পাতল প্ৰক্ৰিয়া৷ আৰু মাত্ৰ কিছুপল বাকী৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ আজি দেশ স্তব্ধপ্ৰায় হৈ পৰিছে৷

ইফালে, ৰাম মন্দিৰৰ বাবে বিশ্বৰ দেশৰ পৰা প্ৰেৰণ কৰা হৈছে উপহাৰ সামগ্ৰী৷ আফগানিস্তানকে ধৰি সমগ্ৰ বিশ্বৰ পৰা শ্ৰীৰাম মন্দিৰৰ বাবে উপহাৰ আহি আছে। সংবাদ সংস্থা এএনআইৰ প্ৰতিবেদন অনুসৰি, বিশ্ব হিন্দু পৰিষদৰ সভাপতি আলোক কুমাৰে কাশ্মীৰ, তামিলনাডু আৰু আফগানিস্তানৰ পৰা লাভ কৰা উপহাৰশ্ৰী ৰাম মন্দিৰৰ যজমান অনিল মিশ্ৰক প্ৰদান কৰিছে।

আলোক কুমাৰে দাবী কৰিছে যে শ্ৰীৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাত মুছলমান সম্প্ৰদায়েও সুখানুভূতি লাভ কৰিছে৷ তেওঁ কয়, কাশ্মীৰৰ মুছলমান ভাই-ভনীসকলে মোক লগ কৰিবলৈ আহিছিল আৰু ৰাম মন্দিৰ নিৰ্মাণত আনন্দ প্ৰকাশ কৰিছিল আৰু কৈছিল যে যদিও আমি বিভিন্ন ধৰ্মত বিশ্বাস কৰোঁ, আমাৰ পূৰ্বপুৰুষ একে। তেওঁ জৈৱিকভাৱে উৎপাদিত ২ কিলোগ্ৰাম বিশুদ্ধ কেশৰ হস্তান্তৰ কৰিছিল।

আলোক কুমাৰে লগতে কৈছে যে বিশ্বৰ আন দেশৰ উপৰি আফগানিস্তানৰ পৰা বিশেষ উপহাৰ লাভ কৰা হৈছে। স্থানীয় ভাষাত ‘কুভা’ বুলি কোৱা বিখ্যাত নদী কাবুলৰ পানী শ্ৰীৰাম মন্দিৰত ভগৱান ৰামৰ অভিষেকৰ বাবে উপহাৰ হিচাপে গ্ৰহণ কৰা হৈছে। আলোক কুমাৰে কয়, তামিলনাডুৰ ৰেচম নিৰ্মাতাসকলে শ্ৰীৰাম মন্দিৰৰ ছবিৰে বোৱা ৰেচমৰ চাদৰ এখন প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক