--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণী চিনেমাৰ লেডী চুপাৰষ্টাৰ নয়নতৰা। কেইবাখনো অতি জনপ্ৰিয় চিনেমাৰে অভিনেত্ৰীগৰাকীয়ে দেশজুৰি খ্যাতি অৰ্জন কৰিছে। 'জৱান’ৰ জৰিয়তে বলিউডত পদাৰ্পন কৰিলে নয়নতৰাই।

ছবিৰ বাহিৰেও তেওঁক বহু বিখ্যাত কোম্পানীৰ বিজ্ঞাপনত অভিনয় কৰা দেখা যায়। বিজ্ঞাপন প্ৰচাৰৰ বাবে ৫ কোটি টকা উপাৰ্জন কৰে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি নয়নতাৰাই প্ৰতিখন ছবিত ১০ কোটি টকা পৰ্যন্ত উপাৰ্জন কৰে।

নয়ন্তৰাৰ সম্পত্তিৰ মূল্য ২০ লাখ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ১৭৬ কোটি টকা)। হায়দৰাবাদৰ বঞ্জৰা পাহাৰত দুটা বিলাসী ঘৰৰ মালিক অভিনেত্ৰীগৰাকী। প্ৰতিটো ঘৰৰ মূল্য কমেও ১৫ কোটি টকা। দক্ষিণৰ চলচ্চিত্ৰ জগতৰ অধিকাংশ তাৰকা এই অঞ্চলতে বাস কৰে।

ইয়াৰ বাহিৰেও চেন্নাইত দুটা চাৰিটা শোৱা কোঠাৰ ঘৰ আছে। এই ঘৰ দুটাৰ মুঠ মূল্য ১০০ কোটি টকা। অভিনেত্ৰীগৰাকীয়ে ব্যক্তিগত জেট এখনো ক্ৰয় কৰিছিল। এই জেটখন ব্যৱহাৰ কৰি তেওঁ চেন্নাইৰ পৰা হায়দৰাবাদ আৰু কোচিলৈ যাত্ৰা কৰিছিল।

বিখ্যাত ব্ৰেণ্ডৰ দামী গাড়ীও সংগ্ৰহ কৰি ভাল পায় অভিনেত্ৰীগৰাকীয়ে। নয়নতাৰাৰ হাতত আছে ১ কোটি ৭৬ লাখ টকাৰ BMW 7 series গাড়ী। অভিনেত্ৰীগৰাকীৰ ৮৮ লাখ টকাৰ মাৰ্চিডিজ জিএলএছ ৩৫০ডি মডেলৰ গাড়ীও আছে। নয়ন্তৰাৰ সংগ্ৰহত আছে ৭৪ লাখ ৫০ হাজাৰ টকাৰ BMW 5 series গাড়ী। অভিনেত্ৰীগৰাকীৰ গেৰেজত আছে ফৰ্ড এণ্ডেভাৰ আৰু টয়োটা ইনোভা ক্ৰীষ্টা মডেলৰ দামী গাড়ী।

নয়ন্তৰাইও খুলিছে প্ৰসাধন সামগ্ৰীৰ কোম্পানী। এই ব্যৱসায় তেওঁ যৌথভাৱে কৰে। বিভিন্ন ধৰণৰ লিপ বাম অনলাইনত উপলব্ধ। নয়ন্তৰাই ৰেষ্টুৰেণ্ট আৰু তেল কোম্পানীতো বিনিয়োগ কৰিছে। তাৰ পৰাই তেওঁ প্ৰতিমাহে ডাঙৰ ডাঙৰ টকা উপাৰ্জন কৰে। তেওঁৰ এটা প্ৰডাকচন কোম্পানীও আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু