--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ সংবাদ শিৰোনামত ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চন৷ ঐশ্বৰ্য-অভিষেকৰ বিবাহ বিচ্ছেদ সম্পৰ্কীয় নতুন খবৰে পুনৰ লাভ কৰিছে চৰ্চা৷ পুনৰ গুঞ্জন উঠিছে যে বিচ্ছেদৰ দিশে আগবাঢ়িছে ঐশ্বৰ্য আৰু অভিষেক! 

ঐশ্বৰ্য ৰায় বচ্চন কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলাসকলৰ মাজৰ এগৰাকী। দেশে-বিদেশে আছে তেওঁৰ সীমাহীন অনুৰাগী৷ কেৱল দৈহিক সৌন্দৰ্যৰ বাবেই নহয়, অভিনয় প্ৰতিভাৰেই ঐশ্বৰ্যই বলীউডত উলিয়াই লৈছে এখন নিজাপি জগত৷ হাম দিল দে চুকে চানম, গুৰু, যোধা আকবৰ, প্ৰৰোচিত আৰু আন বহুতো চিনেমাত প্ৰাণৱন্ত অভিনয়েৰে দৰ্শকৰ হৃদয় জিনিছে ঐশ্বৰ্যই৷ 

মাজে-সময়ে উৰাবাতৰি ওলাই যে বচ্চন পৰিয়ালৰ এই দম্পতীৰ মাজত সকলো ঠিকে চলি থকা নাই আৰু তেওঁলোকে বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়িছে। অৱশ্যে, যিমানেই উৰাবাতৰি ওলাইছে, সিমানেই তেওঁলোকে একেলগে থকাটো প্ৰতিষ্ঠা কৰিবলৈ জোৰ দিবলগীয়া হৈছে৷ 

পূৰ্বৱৰ্তী এটা সাক্ষাৎকাৰৰ সময়ত, অভিনেত্ৰীগৰাকীয়ে আনকি অভিষেকৰ সন্মান প্ৰদৰ্শন কৰি তেওঁক 'শ্ৰেষ্ঠ স্বামী' বুলি অভিহিত কৰিছিল৷ আৰু তেনেদৰে তেওঁলোকৰ বিবাহ বিচ্ছেদ সম্পৰ্কীয় সকলো অনুমান আঁতৰাই ৰাখিছিল। আনকি শেহতীয়াকৈ আৰাধ্যাৰ জন্মদিন উদযাপনৰ সময়তো এই দম্পতীয়ে তেওঁলোকৰ কন্যাক সংগ দিছিল৷ 

ঐশ্বৰ্য আৰু অভিষেকক অলপতে আৰাধ্যাৰ সৈতে কাবাডী খেলৰ বাবেও একেলগে দেখা গৈছিল। 

পূৰ্বৰ এটা সাক্ষাৎকাৰত অভিষেকে উৰাবাতৰিক নস্যাৎ কৰি কৈছিল, ঐশ্বৰ্যই জানে মই তেওঁক কিমান ভাল পাওঁ আৰু মই জানো যে তেওঁ মোক কিমান ভাল পায়৷ লগতে কৈছিল যে তেওঁৰ জীৱন সংবাদ মাধ্যমৰ কথাৰ দ্বাৰা নিৰ্ধাৰিত নহয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক