--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ আৰু অধিক উত্তাল হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি৷মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ নেতৃত্বত এন চি পি ফৈদে বুধবাৰৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত নিৰ্বাচন আয়োগৰ কাষ চাপিব পৰা বিকল্পৰ ওপৰত চিন্তা-চৰ্চা কৰিছে। আনকি শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পিয়ে নিৰ্বাচনী সংস্থাটোৰ ওচৰত সতৰ্কবাণী দাখিল কৰাৰ সময়ত এই কথা প্ৰকাশ কৰিছে।

এটা সূত্ৰই জনোৱা মতে, দলৰ নাম আৰু প্ৰতীকক লৈ অজিত পাৱাৰ ফৈদে দাবী উত্থাপন কৰাৰ সম্ভাৱনা আছে।শাৰদ পাৱাৰ ফৈদে দলৰ নাম আৰু প্ৰতীক সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে নিৰ্বাচন আয়োগৰ ওচৰত তেওঁলোকৰ কথা শুনিবলৈ অনুৰোধ জনাই সতৰ্কবাণী দাখিল কৰিছে।

উল্লেখ্য যে অজিত পাৱাৰ আৰু আঠজন বিধায়কে দলৰ প্ৰতিষ্ঠাপক শাৰদ পাৱাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ২ জুলাইত একনাথ সিন্দে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰত যোগদান কৰাৰ পিছত এনচিপি উলম্বভাৱে বিভাজিত হয়।

দলটোৰ গৰিষ্ঠসংখ্যক বিধায়কৰ সমৰ্থন আছে বুলি প্ৰমাণ কৰাৰ উদ্দেশ্যে আজি দুয়োটা ফৈদে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব। এন চি পিৰ মহাৰাষ্ট্ৰ বিধানসভাত ৫৩ জন বিধায়ক আছে। সম্প্ৰতি অজিত পাৱাৰৰ লগত ২৪জন বিধায়ক আৰু ১৪জন বিধায়কে শাৰদ পাৱাৰক সমৰ্থন কৰিছে।

শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পিয়ে সকলো বিধায়কক হুইপ জাৰি কৰি মুম্বাইত এখন গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকিবলৈ কোৱাৰ বিপৰীতে অজিত পাৱাৰ ফৈদে বৰ্তমানৰ তথা প্ৰাক্তন সকলো বিধায়ক, সংসদৰ সদস্য, বিষয়ববীয়া তথা কাৰ্য্যকৰী সমিতিৰ সদস্যক বান্দ্ৰাত অনুষ্ঠিত হ’বলগীয়া এখন বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ