--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দেশ,এক আইন,এই প্ৰসংগই এতিয়া দেশৰ সৰ্বধৰ্মৰ লোকৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷এচামে এই একক দেৱানী বিধিক সমৰ্থন কৰাৰ বিপৰীতে আন এচামে ইয়াৰ বিৰোধিতা কৰিছে৷ ইউনিফৰ্ম চিভিল কোড (ইউচিচি) কাৰ্যকৰী হোৱাৰ উপক্ৰম হোৱাৰ লগে লগে কেৰালাৰ প্ৰধান মুছলমান সংগঠনৰ প্ৰতিনিধিয়ে প্ৰস্তাৱিত আইনখনৰ বিৰুদ্ধে আইনী আৰু ৰাজনৈতিকভাৱে “যুদ্ধ” কৰাৰ সিদ্ধান্ত লৈছে।

ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আই ইউ এম এল)ৰ নেতৃত্বত গঠিত সংগঠনকেইটাই মতামত প্ৰকাশ কৰিছে যে যদি ইউ চি চি কাৰ্যকৰী হয় তেন্তে ইয়াৰ প্ৰভাৱ কেৱল মুছলমানৰ ওপৰত নহয়, আন লোকৰ ওপৰতো পৰিব।

আই ইউ এম এলৰ জ্যেষ্ঠ নেতা তথা বিধায়ক পি কে কুনহালিকুট্টীয়ে অভিযোগ কৰে যে ইউ চি চিক সাম্প্ৰদায়িক দিশত মানুহক বিভাজিত কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে।সভাত কেৰালা জামিয়াথুল উলামাৰ দুটা ফৈদ, কেৰালা নদবাথুল মুজাহিদীন, জামাত-ই-ইছলামী হিন্দ, মুছলিম এডুকেচন ছ’চাইটি, আৰু মুছলিম চাৰ্ভিচ ছ’চাইটিৰ ফৈদ আদিও উপস্থিত থাকে।

ইফালে, বুধবাৰে কংগ্ৰেছৰ কেৰালা ইউনিটৰ বৈঠক অনুষ্ঠিত হ’ব আৰু ইউনিফৰ্ম চিভিল কোড (ইউচিচি) সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। সভাত সকলো বিধায়ক, সাংসদ, জিলা সভাপতি আৰু শীৰ্ষ বিষয়ববীয়াই অংশগ্ৰহণ কৰিব।ইয়াৰ পূৰ্বে দেওবাৰে কেৰালা বিধানসভাৰ বিৰোধী দলৰ নেতা ভি ডি সথিছানে বিজেপিয়ে মানুহক বিভাজিত কৰিবলৈ ইউচিচি আনিছে বুলি অভিযোগ উত্থাপন কৰি কয় যে বৰ্তমান ইউচিচিৰ কোনো প্ৰয়োজন নাই।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ