--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দেশ,এক আইন,এই প্ৰসংগই এতিয়া দেশৰ সৰ্বধৰ্মৰ লোকৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷এচামে এই একক দেৱানী বিধিক সমৰ্থন কৰাৰ বিপৰীতে আন এচামে ইয়াৰ বিৰোধিতা কৰিছে৷ ইউনিফৰ্ম চিভিল কোড (ইউচিচি) কাৰ্যকৰী হোৱাৰ উপক্ৰম হোৱাৰ লগে লগে কেৰালাৰ প্ৰধান মুছলমান সংগঠনৰ প্ৰতিনিধিয়ে প্ৰস্তাৱিত আইনখনৰ বিৰুদ্ধে আইনী আৰু ৰাজনৈতিকভাৱে “যুদ্ধ” কৰাৰ সিদ্ধান্ত লৈছে।

ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আই ইউ এম এল)ৰ নেতৃত্বত গঠিত সংগঠনকেইটাই মতামত প্ৰকাশ কৰিছে যে যদি ইউ চি চি কাৰ্যকৰী হয় তেন্তে ইয়াৰ প্ৰভাৱ কেৱল মুছলমানৰ ওপৰত নহয়, আন লোকৰ ওপৰতো পৰিব।

আই ইউ এম এলৰ জ্যেষ্ঠ নেতা তথা বিধায়ক পি কে কুনহালিকুট্টীয়ে অভিযোগ কৰে যে ইউ চি চিক সাম্প্ৰদায়িক দিশত মানুহক বিভাজিত কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে।সভাত কেৰালা জামিয়াথুল উলামাৰ দুটা ফৈদ, কেৰালা নদবাথুল মুজাহিদীন, জামাত-ই-ইছলামী হিন্দ, মুছলিম এডুকেচন ছ’চাইটি, আৰু মুছলিম চাৰ্ভিচ ছ’চাইটিৰ ফৈদ আদিও উপস্থিত থাকে।

ইফালে, বুধবাৰে কংগ্ৰেছৰ কেৰালা ইউনিটৰ বৈঠক অনুষ্ঠিত হ’ব আৰু ইউনিফৰ্ম চিভিল কোড (ইউচিচি) সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। সভাত সকলো বিধায়ক, সাংসদ, জিলা সভাপতি আৰু শীৰ্ষ বিষয়ববীয়াই অংশগ্ৰহণ কৰিব।ইয়াৰ পূৰ্বে দেওবাৰে কেৰালা বিধানসভাৰ বিৰোধী দলৰ নেতা ভি ডি সথিছানে বিজেপিয়ে মানুহক বিভাজিত কৰিবলৈ ইউচিচি আনিছে বুলি অভিযোগ উত্থাপন কৰি কয় যে বৰ্তমান ইউচিচিৰ কোনো প্ৰয়োজন নাই।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু