--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰী সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ে  অৰবিন্দ কেজৰিৱালক ছবাৰ মাতি পঠিয়াইছে। অৱশ্যে  দিল্লীৰ মুখ্যমন্ত্ৰীয়ে পাঁচবাৰ ইডিৰ চমনক অবৈধ বুলি অভিহিত কৰি ইজিৰ সন্মুখত  উপস্থিত হোৱাৰ পৰা বিৰত আছিল।  তেওঁ অৱশ্যে  শনিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দিল্লীৰ এখন আদালতত হাজিৰ হয়। আদালতত সোঁশৰীৰে উপস্থিত থাকিব নোৱাৰাৰ কাৰণ হিচাবে তেওঁ আস্থা ভোটৰ কথা উল্লেখ কৰে। 

আদালতে কেজৰিৱালৰ বিৰুদ্ধে থকা গোচৰৰ  শুনানিৰ পৰৱৰ্তী তাৰিখ ১৬ মাৰ্চ নিৰ্ধাৰণ কৰিছে।বুধবাৰে দিল্লীৰ সুৰা কেলেংকাৰী সন্দৰ্ভত ইডিয়ে  কেজৰিৱালক  ষষ্ঠবাৰৰ বাবে মাতি পঠিয়াইছিল। তেওঁক ১৯ ফেব্ৰুৱাৰীত ইডিৰ সন্মুখত হাজিৰ হ'বলৈ কোৱা হৈছিল। যোৱা সপ্তাহতৰাউজ এভিনিউ আদালতে দিল্লীৰ মুখ্যমন্ত্ৰীক বাৰে বাৰে  চমন জাৰি কৰাৰ পিছতো তেওঁ কিয় ইডিৰ সন্মুখত উপস্থিত হোৱা নাই সেই বিষয়ত প্ৰশ্ন কৰিছিল।  তেওঁক শনিবাৰে আদালতত  ব্যক্তিগতভাৱে উপস্থিত হ'বলৈ কোৱা হৈছিল।  কিন্তু কেজৰিৱালে  আস্থা ভোটৰ কথা উল্লেখ কৰি ভিডিঅ' কনফাৰেন্সৰ যোগেদিহে আদালতত উপস্থিত থাকে।  

কেজৰিৱালে পূৰ্বেও  পাঁচবাৰ ইডিৰ চমনৰ সঁহাৰি দিয়া নাছিল।ফলত  তেওঁৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা বৃদ্ধি পাইছিল। এনে ঘটনাক্ৰমৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুক্ৰবাৰে দিল্লী বিধানসভাত আস্থা ভোটৰ প্ৰস্তাৱ দিছিল। এই প্ৰস্তাৱটো  আজি বিধানসভাত আলোচনা কৰা হ'ব। উল্লেখ্য  যোৱা মাহত  কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে তেওঁৰ দলৰ কেইবা জনো  বিধায়কক বিজেপিয়ে  "ক্ৰয়" কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ দাবী কৰিছিল যে বিজেপিয়ে আপৰ বিধায়কসকলক উৎকোচ আগবঢ়াইছে। কেজৰিৱালে এইবুলিও কৈছিল যে তেনেদৰে ধন আগবঢ়োৱাৰ প্ৰস্তাৱ "ৰেকৰ্ড" কৰা হৈছে। কেজৰিৱালে কৈছিল "বিজেপিয়ে আমাৰ দলৰ সাতজন বিধায়কক ক্ৰয় কৰাৰ  বাবে ২৫ কোটি টকা আগবঢ়াইছে। আনহাতে ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক ছবাৰ চমন জাৰি কৰিছে। 

পূৰ্বে তেওঁ পাঁচবাৰ চমন জাৰিৰ পিছতো ইডিৰ সন্মুখত উপস্থিত হোৱা নাছিল। । কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে কেজৰিৱালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ন্যায়াধীশে কেজৰিৱালক ব্যক্তিগতভাৱে আদালতলৈ আহিবলৈ আৰু তেওঁ কিয় ইডিৰ চমন এৰাই চলিছে সেয়া বাখ্যা  কৰিবলৈ নিৰ্দেশ দিছিল। বুধবাৰে, ইডিয়ে পুনৰ কেজৰিৱাললৈ জাননী জাৰি কৰিছিল। কেজৰিৱালক  ১৯ ফেব্ৰুৱাৰীত ইডিৰ  সন্মুখত উপস্থিত হ'বলৈ কোৱা হৈছে। মন কৰিব লগীয়া যে ৭০ খন আসন থকা  দিল্লী বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ 'যাদুকৰী সংখ্যা' হৈছে ৩৬। আপৰ ৬২ জন বিধায়ক আছে। বিজেপিৰ মাত্ৰ আঠজন বিধায়ক  আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক