--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকুৰৰ সৈতে হয়তো তেওঁৰ কিবা কথাত শত্ৰুতা হৈছিল। সেয়ে গাড়ীৰে আহি ২০ টাকৈ পথৰ কুকুৰ গুলীয়াই হত্যা কৰিলে লোকজনে। এজন অচিনাক্ত ব্যক্তিয়ে তেলেংগানাত পথৰ কুকুৰৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত ২০ টাকৈ কুকুৰৰ মৃত্যু ঘটে। ইয়াৰ পিছতে লোকজনে গাড়ীৰে ঘটনাস্থলীৰ পৰা পলাই যায়। ঘটনাটো তেলেংগানাৰ পোন্নাকাল গাঁৱত সংঘটিত হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু  এটা গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি এজন অচিনাক্ত ব্যক্তিয়ে ২০ টা পথৰ কুকুৰক গুলীয়াই হত্যা কৰাৰ আঁৰত কি কাৰণ থাকিব পাৰে সেয়া জানিব পৰা হোৱা নাই। আৰক্ষীয়ে গাওঁবাসীৰ পৰা খবৰ পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈছিল। তাৰ পিছত ২০ টা কুকুৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আন পাঁচটা  কুকুৰক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে। 

কুকুৰৰ হত্যাকৰা লোকজনৰ  সন্ধান ইতিমধ্যে আৰম্ভ হৈছে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে, যাৰ ভিতৰত আছে ধাৰা ৪২৯ (পশু হত্যা আৰু অঙ্গহানি) ধাৰাও। পঞ্চায়তৰ  অভিযোগৰ ভিত্তিত অস্ত্ৰ আইনৰ অধীনত আন এটা গোচৰো ৰুজু কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ