--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে প্ৰসিদ্ধ ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামিৰ নাম৷ ভাৰতৰ এদিনীয়া বিশ্বকাপৰ অন্যতম নায়ক পেচাৰ মহম্মদ ছামিৰ নাম এইবাৰৰ অৰ্জুন বঁটাৰ বাবে পৰামৰ্শ দিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে।

৩৩ বছৰীয়া ছামিয়ে এদিনীয়া বিশ্বকাপত এক দৃষ্টিনন্দন প্ৰদৰ্শন দেখুৱাইছিল, য’ত ভাৰতে ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ দ্বিতীয় স্থান দখল কৰিছিল। ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, প্ৰথমে দেশৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মানৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে বিচিচিআইয়ে ক্ৰীড়া মন্ত্ৰালয়ক বিশেষ অনুৰোধ জনাইছিল যে ছামিৰ নাম অন্তৰ্ভুক্ত কৰা হওক।

মাত্ৰ ৭টা ইনিংছত ২৪টা উইকেট দখল কৰি বিশ্বকাপৰ আগশাৰীৰ উইকেট দখলকাৰী আছিল ছামি।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ আগন্তুক দুখন মেচৰ টেষ্ট শৃংখলাত ছামিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে,প্ৰথমখন টেষ্ট ২৬ ডিচেম্বৰৰ পৰা চেঞ্চুৰিয়ানত আৰম্ভ হ’ব৷তাৰ পাছত ৩ জানুৱাৰীৰ পৰা কেপ টাউনত দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব।

উল্লেখ্য যে অৰ্জুন বঁটাৰ বাবে নিৰ্মাণ কৰা সমিতিৰ নেতৃত্ব দিব উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ এম খানউইলকাৰে। তেওঁৰ বাহিৰেও এই কমিটীত ছয়গৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আছে। হকী খেলুৱৈ ধনৰাজ পিল্লাই, প্ৰাক্তন পেডেলাৰ কমলেশ মেহতা, প্ৰাক্তন বক্সাৰ অখিল কুমাৰ, মহিলা শ্বুটাৰ তথা বৰ্তমানৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক শুমা শ্বিৰুৰ, প্ৰাক্তন ক্ৰিকেটাৰ অঞ্জুম চোপ্ৰা, বেডমিণ্টন খেলুৱৈ ত্ৰিপ্টী মুৰ্গুণ্ডে আৰু পাৱাৰলিফ্টাৰ ফাৰ্মান পাছাও এই পেনেলৰ অংশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু