--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে প্ৰসিদ্ধ ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামিৰ নাম৷ ভাৰতৰ এদিনীয়া বিশ্বকাপৰ অন্যতম নায়ক পেচাৰ মহম্মদ ছামিৰ নাম এইবাৰৰ অৰ্জুন বঁটাৰ বাবে পৰামৰ্শ দিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে।

৩৩ বছৰীয়া ছামিয়ে এদিনীয়া বিশ্বকাপত এক দৃষ্টিনন্দন প্ৰদৰ্শন দেখুৱাইছিল, য’ত ভাৰতে ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ দ্বিতীয় স্থান দখল কৰিছিল। ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, প্ৰথমে দেশৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মানৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে বিচিচিআইয়ে ক্ৰীড়া মন্ত্ৰালয়ক বিশেষ অনুৰোধ জনাইছিল যে ছামিৰ নাম অন্তৰ্ভুক্ত কৰা হওক।

মাত্ৰ ৭টা ইনিংছত ২৪টা উইকেট দখল কৰি বিশ্বকাপৰ আগশাৰীৰ উইকেট দখলকাৰী আছিল ছামি।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ আগন্তুক দুখন মেচৰ টেষ্ট শৃংখলাত ছামিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে,প্ৰথমখন টেষ্ট ২৬ ডিচেম্বৰৰ পৰা চেঞ্চুৰিয়ানত আৰম্ভ হ’ব৷তাৰ পাছত ৩ জানুৱাৰীৰ পৰা কেপ টাউনত দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব।

উল্লেখ্য যে অৰ্জুন বঁটাৰ বাবে নিৰ্মাণ কৰা সমিতিৰ নেতৃত্ব দিব উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ এম খানউইলকাৰে। তেওঁৰ বাহিৰেও এই কমিটীত ছয়গৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আছে। হকী খেলুৱৈ ধনৰাজ পিল্লাই, প্ৰাক্তন পেডেলাৰ কমলেশ মেহতা, প্ৰাক্তন বক্সাৰ অখিল কুমাৰ, মহিলা শ্বুটাৰ তথা বৰ্তমানৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক শুমা শ্বিৰুৰ, প্ৰাক্তন ক্ৰিকেটাৰ অঞ্জুম চোপ্ৰা, বেডমিণ্টন খেলুৱৈ ত্ৰিপ্টী মুৰ্গুণ্ডে আৰু পাৱাৰলিফ্টাৰ ফাৰ্মান পাছাও এই পেনেলৰ অংশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক