--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তেজনাত নিজকে ধৰি ৰাখিব নোৱাৰিছিল লিয়নেল মেছিয়ে। বিপক্ষ দলৰ প্ৰশিক্ষকৰ সন্মুখত থিয় হৈ উল্লাস কৰিছিল। সেয়া তেওঁ ভুল কৰিছিল বুলি ভাবে। সেই ঘটনাৰ বাবে মেছিয়ে এতিয়াও অনুশোচনা কৰিছে।

কাটাৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিছিল। ইতিমধ্যে সেই মেচৰ আগতেই গৰম বাঢ়ি আহিছিল। ই খেলৰ সময়সীমাৰ ক্লাইমেক্সত উপনীত হয়। ফুটবলাৰসকলৰ মাজত বাৰে ধাক্কা ধাক্কি লাগে। তেনেতে মেছিয়ে এটা গ’ল দিয়ে আৰু ডাচ প্ৰশিক্ষক লুই ভান হেলৰ সন্মুখত থিয় হৈ কাণৰ কাষত হাত থৈ বিশেষ ধৰণে উল্লাস কৰে।

সেই ঘটনাৰ বিষয়ে এবছৰৰ পিছত মেছিয়ে মুখ মেলিলে। তেওঁ ক’লে, “যেতিয়া মই উল্লাস কৰি আছিলো, তেতিয়াই মই ভাবিছিলো যে মই কিবা ভুল কৰিছো। মই এজন মূৰ্খ কাৰণ তেওঁলোকৰ হাতত তেতিয়াও গ’ল দিয়াৰ সুযোগ আছিল। গতিকে তেওঁলোকক খং উঠাই ভুল কৰিলোঁ। সেইটোৱেই হ'ল।''

খেলৰ শেষ মুহূৰ্তত নেদাৰলেণ্ডে সমতা স্থাপন কৰাত মেছিয়ে নিজৰ ওপৰত খং উঠে। তেওঁ কয়, “যেতিয়া তেওঁলোকে দ্বিতীয়টো গ’ল দিছিল, তেতিয়া মোৰ নিজৰ ওপৰত খং উঠিছিল। এনে লাগিল যেন খেলৰ মাজত মই উল্লাস নকৰিলেই ভাল হ’লহেঁতেন।’’

উল্লেখ্য যে বিশ্বকাপত আৰ্জেণ্টিনা-নেদাৰলেণ্ডৰ খেলখন আৰম্ভ হোৱাৰ আগতেই উত্তপ্ত হৈ পৰিছিল। সংবাদমেলত ভান হালে দাবী কৰে যে তেওঁ মেছিক ৰখাবলৈ সকলো পৰিকল্পনা কৰিছিল। অৱশ্যে খেলপথাৰত ২-০ গ’লত আগবাঢ়ি যায় আৰ্জেণ্টিনা। মেছিয়ে এটা গ’ল দিয়ে। শেষত নেদাৰলেণ্ডে দুটা গ’ল ঘূৰায়। খেলৰ পিছতো ফুটবলাৰ আৰু দুয়োটা দলৰ সহায়ক কৰ্মচাৰীৰ মাজত আলোচনা চলি থাকিল। ভাল হালৰ দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে মেছিয়ে। ৰেফাৰীৰ বিৰুদ্ধেও লিঅ’ই মুখ মেলিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু