--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তেজনাত নিজকে ধৰি ৰাখিব নোৱাৰিছিল লিয়নেল মেছিয়ে। বিপক্ষ দলৰ প্ৰশিক্ষকৰ সন্মুখত থিয় হৈ উল্লাস কৰিছিল। সেয়া তেওঁ ভুল কৰিছিল বুলি ভাবে। সেই ঘটনাৰ বাবে মেছিয়ে এতিয়াও অনুশোচনা কৰিছে।

কাটাৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিছিল। ইতিমধ্যে সেই মেচৰ আগতেই গৰম বাঢ়ি আহিছিল। ই খেলৰ সময়সীমাৰ ক্লাইমেক্সত উপনীত হয়। ফুটবলাৰসকলৰ মাজত বাৰে ধাক্কা ধাক্কি লাগে। তেনেতে মেছিয়ে এটা গ’ল দিয়ে আৰু ডাচ প্ৰশিক্ষক লুই ভান হেলৰ সন্মুখত থিয় হৈ কাণৰ কাষত হাত থৈ বিশেষ ধৰণে উল্লাস কৰে।

সেই ঘটনাৰ বিষয়ে এবছৰৰ পিছত মেছিয়ে মুখ মেলিলে। তেওঁ ক’লে, “যেতিয়া মই উল্লাস কৰি আছিলো, তেতিয়াই মই ভাবিছিলো যে মই কিবা ভুল কৰিছো। মই এজন মূৰ্খ কাৰণ তেওঁলোকৰ হাতত তেতিয়াও গ’ল দিয়াৰ সুযোগ আছিল। গতিকে তেওঁলোকক খং উঠাই ভুল কৰিলোঁ। সেইটোৱেই হ'ল।''

খেলৰ শেষ মুহূৰ্তত নেদাৰলেণ্ডে সমতা স্থাপন কৰাত মেছিয়ে নিজৰ ওপৰত খং উঠে। তেওঁ কয়, “যেতিয়া তেওঁলোকে দ্বিতীয়টো গ’ল দিছিল, তেতিয়া মোৰ নিজৰ ওপৰত খং উঠিছিল। এনে লাগিল যেন খেলৰ মাজত মই উল্লাস নকৰিলেই ভাল হ’লহেঁতেন।’’

উল্লেখ্য যে বিশ্বকাপত আৰ্জেণ্টিনা-নেদাৰলেণ্ডৰ খেলখন আৰম্ভ হোৱাৰ আগতেই উত্তপ্ত হৈ পৰিছিল। সংবাদমেলত ভান হালে দাবী কৰে যে তেওঁ মেছিক ৰখাবলৈ সকলো পৰিকল্পনা কৰিছিল। অৱশ্যে খেলপথাৰত ২-০ গ’লত আগবাঢ়ি যায় আৰ্জেণ্টিনা। মেছিয়ে এটা গ’ল দিয়ে। শেষত নেদাৰলেণ্ডে দুটা গ’ল ঘূৰায়। খেলৰ পিছতো ফুটবলাৰ আৰু দুয়োটা দলৰ সহায়ক কৰ্মচাৰীৰ মাজত আলোচনা চলি থাকিল। ভাল হালৰ দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে মেছিয়ে। ৰেফাৰীৰ বিৰুদ্ধেও লিঅ’ই মুখ মেলিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক