--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অখিল গগৈৰ বাবে এটা সকাহৰ খৱৰ৷উচ্চতম ন্যায়ালয়ৰ মজিয়াত অখিল গগৈয়ে লাভ কৰিলে জামিন৷ মঙলবাৰে উচ্চতম ন্যায়ালয়ে ২০১৯ চনত প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত অসমৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে নিয়ায়ে দাখিল কৰা গোচৰত জামিন প্ৰদান কৰে৷

২০ মাৰ্চত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে নেতাগৰাকীয়ে কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায় সংৰক্ষিত কৰি ৰাখিছিল। বাৰ এণ্ড বেঞ্চৰ বাতৰি অনুসৰি, ফেব্ৰুৱাৰী মাহত বিচাৰপীঠে এই বিষয়ত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ (এন আই এ)ৰ সঁহাৰি বিচাৰিছিল।

জাৰি কৰা জাননীখন কেৱল এই প্ৰশ্নটোৰ সৈতে জড়িত আছিল যে তেওঁৰ বিচাৰ সমাপ্ত নোহোৱালৈকে গগৈক জামিন দিব পৰা যাব নেকি? কাৰ্য্যবিধিৰ সময়ত জ্যেষ্ঠ অধিবক্তা হুজেফা আহমদীয়ে গগৈৰ হৈ যুক্তি আগবঢ়ায় যে ডিচচাৰ্জ আদেশৰ পিছত জামিনত বাহিৰত থকাৰ সময়ত তেওঁৰ স্বাধীনতাৰ অপব্যৱহাৰৰ কোনো অভিযোগ নাই।

নিয়াৰ হৈ  জেনেৰেল তুষাৰ মেহতাই ইয়াৰ উত্তৰত কয় যে গগৈয়ে যুদ্ধ প্ৰশিক্ষণৰ বাবে কেডাৰ পঠোৱাৰ অভিযোগ উত্থাপন হোৱা চি পি আই (মাওবাদী) কোনো ৰাজনৈতিক দল নহয়। ইয়াৰ উপৰিও অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীয়ে অধিবক্তা কানু আগৰৱালাৰ সহায়ত জোৰ দি কয় যে ইউএপিএৰ অধীনত উত্থাপিত অভিযোগ শান্তিপূৰ্ণ বন্ধৰ সৈতে জড়িত নহয় বৰঞ্চ সন্ত্ৰাসবাদী পদ্ধতি ব্যৱহাৰ কৰা আৰু নিৰ্বাচিত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ অধিক গুৰুতৰ অপৰাধৰ বাবেহে অখিলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল৷

গগৈৰ লগতে আন তিনিজনৰ বিৰুদ্ধে ডিচেম্বৰ ২০১৯ৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু ভাষণ দিয়াৰ লগতে মাওবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগসমূহৰ ভিতৰত আছিল ভাৰতীয় দণ্ডবিধিৰ অধীনত ইউএপিএ আৰু ৰাষ্ট্ৰদ্ৰোহৰ বিধান (ধাৰা ১২৪এ), ধৰ্মীয় গোটসমূহৰ মাজত শত্ৰুতাক প্ৰসাৰিত কৰা (ধাৰা ১৫৩এ), আৰু ১৫৩বি (ৰাষ্ট্ৰীয় সংহতিৰ বিৰুদ্ধে বিবৃতি)।

২০২১ চনৰ জুলাই মাহত গুৱাহাটীৰ বিশেষ নিয়াৰ আদালতে গগৈৰ বিৰুদ্ধে থকা সকলো অভিযোগৰ পৰা মুক্ত কৰি তেওঁৰ ভাষণে হিংসাৰ উচটনি নিদিয়ে বুলি উল্লেখ কৰি তাৰ পৰিৱৰ্তে মানুহক হিংসাৰ আশ্ৰয় নলবলৈ আহ্বান জনায়।












FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু