--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অখিল গগৈৰ বাবে এটা সকাহৰ খৱৰ৷উচ্চতম ন্যায়ালয়ৰ মজিয়াত অখিল গগৈয়ে লাভ কৰিলে জামিন৷ মঙলবাৰে উচ্চতম ন্যায়ালয়ে ২০১৯ চনত প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত অসমৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে নিয়ায়ে দাখিল কৰা গোচৰত জামিন প্ৰদান কৰে৷

২০ মাৰ্চত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে নেতাগৰাকীয়ে কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায় সংৰক্ষিত কৰি ৰাখিছিল। বাৰ এণ্ড বেঞ্চৰ বাতৰি অনুসৰি, ফেব্ৰুৱাৰী মাহত বিচাৰপীঠে এই বিষয়ত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ (এন আই এ)ৰ সঁহাৰি বিচাৰিছিল।

জাৰি কৰা জাননীখন কেৱল এই প্ৰশ্নটোৰ সৈতে জড়িত আছিল যে তেওঁৰ বিচাৰ সমাপ্ত নোহোৱালৈকে গগৈক জামিন দিব পৰা যাব নেকি? কাৰ্য্যবিধিৰ সময়ত জ্যেষ্ঠ অধিবক্তা হুজেফা আহমদীয়ে গগৈৰ হৈ যুক্তি আগবঢ়ায় যে ডিচচাৰ্জ আদেশৰ পিছত জামিনত বাহিৰত থকাৰ সময়ত তেওঁৰ স্বাধীনতাৰ অপব্যৱহাৰৰ কোনো অভিযোগ নাই।

নিয়াৰ হৈ  জেনেৰেল তুষাৰ মেহতাই ইয়াৰ উত্তৰত কয় যে গগৈয়ে যুদ্ধ প্ৰশিক্ষণৰ বাবে কেডাৰ পঠোৱাৰ অভিযোগ উত্থাপন হোৱা চি পি আই (মাওবাদী) কোনো ৰাজনৈতিক দল নহয়। ইয়াৰ উপৰিও অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীয়ে অধিবক্তা কানু আগৰৱালাৰ সহায়ত জোৰ দি কয় যে ইউএপিএৰ অধীনত উত্থাপিত অভিযোগ শান্তিপূৰ্ণ বন্ধৰ সৈতে জড়িত নহয় বৰঞ্চ সন্ত্ৰাসবাদী পদ্ধতি ব্যৱহাৰ কৰা আৰু নিৰ্বাচিত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ অধিক গুৰুতৰ অপৰাধৰ বাবেহে অখিলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল৷

গগৈৰ লগতে আন তিনিজনৰ বিৰুদ্ধে ডিচেম্বৰ ২০১৯ৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু ভাষণ দিয়াৰ লগতে মাওবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগসমূহৰ ভিতৰত আছিল ভাৰতীয় দণ্ডবিধিৰ অধীনত ইউএপিএ আৰু ৰাষ্ট্ৰদ্ৰোহৰ বিধান (ধাৰা ১২৪এ), ধৰ্মীয় গোটসমূহৰ মাজত শত্ৰুতাক প্ৰসাৰিত কৰা (ধাৰা ১৫৩এ), আৰু ১৫৩বি (ৰাষ্ট্ৰীয় সংহতিৰ বিৰুদ্ধে বিবৃতি)।

২০২১ চনৰ জুলাই মাহত গুৱাহাটীৰ বিশেষ নিয়াৰ আদালতে গগৈৰ বিৰুদ্ধে থকা সকলো অভিযোগৰ পৰা মুক্ত কৰি তেওঁৰ ভাষণে হিংসাৰ উচটনি নিদিয়ে বুলি উল্লেখ কৰি তাৰ পৰিৱৰ্তে মানুহক হিংসাৰ আশ্ৰয় নলবলৈ আহ্বান জনায়।












FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ