--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীৰ খুৰাক ৱাই এছ ভাস্কৰ ৰেড্ডীক চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছে,প্ৰাক্তন সাংসদ বিবেকানন্দ ৰেড্ডী হত্যাকাণ্ডৰ গোচৰত ভাস্কৰ ৰেড্ডীক গ্ৰেপ্তাৰ কৰা হৈছে। ভাস্কৰ ৰেড্ডীক গ্ৰেপ্তাৰ কৰা ঘটনাটো চিবিআইয়ে ৪৮ ঘণ্টাৰ ভিতৰত কৰা দ্বিতীয়টো গ্ৰেপ্তাৰ। ইয়াৰ পূৰ্বে তদন্তকাৰী সংস্থাটোৱে কুড্ডাপাহৰ সাংসদ ৱাই এছ অবিনাশ ৰেড্ডীৰ ঘনিষ্ঠ সহযোগী গজ্জালা উদয় কুমাৰক গ্ৰেপ্তাৰ কৰিছিল।

ৰাজ্য বিধানসভা নিৰ্বাচনৰ কেইসপ্তাহমান পূৰ্বে ২০১৯ চনৰ ১৫ মাৰ্চৰ নিশা পুলিভেণ্ডুলাস্থিত বিবেকানন্দ ৰেড্ডীৰ বাসগৃহত তেওঁক হত্যা কৰা হৈছিল। হত্যাকাণ্ডৰ সময়ত তেওঁ ঘৰত অকলে আছিল। এই গোচৰৰ প্ৰাৰম্ভিক তদন্ত ৰাজ্যিক অপৰাধ তদন্ত বিভাগৰ বিশেষ তদন্তকাৰী দলে (SIT) চলাই আছিল যদিও ২০২০ চনৰ জুলাই মাহত এই গোচৰটো চিবিআইক গতাই দিয়া হয়।

ৱাই এছ ভাস্কৰ ৰেড্ডীৰ বিৰুদ্ধে ১২০ (বি) (ষড়যন্ত্ৰ), ৩০২ (হত্যা), ২০১ (প্ৰমাণৰ নষ্ট কৰা) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। চিবিআইৰ অভিযোগনামা অনুসৰি বিবেকানন্দ ৰেড্ডীয়ে কদাপা লোকসভাৰ বৰ্তমানৰ অবিনাশ ৰেড্ডীৰ সলনি নিজৰ জেষ্ঠ ভগ্নী ৱাই এছ শৰ্মিলা (মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ ভগ্নী) বা ৱাই এছ বিজয়াম্মা (জগন মোহন ৰেড্ডীৰ মাতৃ)ৰ বাবে সংসদীয় নিৰ্বাচনৰ টিকট বিচাৰিছে বুলি অভিযোগ উত্থাপন হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু