--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীৰ খুৰাক ৱাই এছ ভাস্কৰ ৰেড্ডীক চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছে,প্ৰাক্তন সাংসদ বিবেকানন্দ ৰেড্ডী হত্যাকাণ্ডৰ গোচৰত ভাস্কৰ ৰেড্ডীক গ্ৰেপ্তাৰ কৰা হৈছে। ভাস্কৰ ৰেড্ডীক গ্ৰেপ্তাৰ কৰা ঘটনাটো চিবিআইয়ে ৪৮ ঘণ্টাৰ ভিতৰত কৰা দ্বিতীয়টো গ্ৰেপ্তাৰ। ইয়াৰ পূৰ্বে তদন্তকাৰী সংস্থাটোৱে কুড্ডাপাহৰ সাংসদ ৱাই এছ অবিনাশ ৰেড্ডীৰ ঘনিষ্ঠ সহযোগী গজ্জালা উদয় কুমাৰক গ্ৰেপ্তাৰ কৰিছিল।

ৰাজ্য বিধানসভা নিৰ্বাচনৰ কেইসপ্তাহমান পূৰ্বে ২০১৯ চনৰ ১৫ মাৰ্চৰ নিশা পুলিভেণ্ডুলাস্থিত বিবেকানন্দ ৰেড্ডীৰ বাসগৃহত তেওঁক হত্যা কৰা হৈছিল। হত্যাকাণ্ডৰ সময়ত তেওঁ ঘৰত অকলে আছিল। এই গোচৰৰ প্ৰাৰম্ভিক তদন্ত ৰাজ্যিক অপৰাধ তদন্ত বিভাগৰ বিশেষ তদন্তকাৰী দলে (SIT) চলাই আছিল যদিও ২০২০ চনৰ জুলাই মাহত এই গোচৰটো চিবিআইক গতাই দিয়া হয়।

ৱাই এছ ভাস্কৰ ৰেড্ডীৰ বিৰুদ্ধে ১২০ (বি) (ষড়যন্ত্ৰ), ৩০২ (হত্যা), ২০১ (প্ৰমাণৰ নষ্ট কৰা) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। চিবিআইৰ অভিযোগনামা অনুসৰি বিবেকানন্দ ৰেড্ডীয়ে কদাপা লোকসভাৰ বৰ্তমানৰ অবিনাশ ৰেড্ডীৰ সলনি নিজৰ জেষ্ঠ ভগ্নী ৱাই এছ শৰ্মিলা (মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ ভগ্নী) বা ৱাই এছ বিজয়াম্মা (জগন মোহন ৰেড্ডীৰ মাতৃ)ৰ বাবে সংসদীয় নিৰ্বাচনৰ টিকট বিচাৰিছে বুলি অভিযোগ উত্থাপন হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক