--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এনে বহুতো কাহিনী আছে যি আমাক এক মূহূৰ্তৰ বাবে হ’লেও  ভাবিবলৈ বাধ্য কৰে ৷ আৰু নিমিষতে হৃদয় স্পৰ্শ কৰি যায়। একেধৰণৰ হৃদয়স্পৰ্শী কাহিনী ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে অক্সফৰ্ড বিশ্ব বিদ্যালয়ৰ স্নাতক জুহি কৌৰে। জুহিৰ কাহিনীয়ে যথেষ্ট চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত৷ এই কাহিনীটোত, জুহিয়ে তেওঁৰ ককাদেউতাকৰ  সংগ্ৰামৰ কাহিনী উপস্থাপন কৰিছিল৷ 

১৯৪৭ চনত ভাৰতক এখন স্বাধীন দেশ হিচাপে ঘোষণা কৰা হৈছিল৷  কিন্তু সকলোৱে সপোন দেখাৰ দৰে এই স্বাধীনতাই  সকলোৰে জীৱন পৰিৱৰ্তন কৰিব পৰা নাছিল।জুহি কৌৰে লিখা প’ষ্টটোৰ নায়ক আছিল এটি মহাৰাষ্ট্ৰৰ শিশু৷  শিশুটি আছিল   মহাৰাষ্ট্ৰৰ এখন সৰু গাৱৰ নিম্নবৰ্ণৰ এটি পৰিয়ালৰ । শিশুটি  স্কুললৈ যোৱাৰ বয়সত তেওঁৰ পৰিয়াল তেওঁ বিদ্যালয়লৈ যোৱাৰ বিৰুদ্ধে আছিল। ইয়াৰ দুটা মুখ্য কাৰণ আছিল – প্ৰথম কাৰণটো আছিল যে তেওঁৰ বয়স চাৰি বছৰতকৈ অধিক আছিল আৰু জ্যেষ্ঠ পুত্ৰ হিচাপে, তেওঁ খেতিপথাৰত কাম কৰাৰ প্ৰয়োজন আছিল। খেতিপথাৰত কাম কৰিয়েই শিশুটিয়ে পৰিয়ালটোক পোহপাল দিছিল৷ একে সময়তে  তেওঁৰ পৰিয়ালে  বিদ্যালয়ৰ আন শিশু আৰু শিক্ষকে তেওঁৰ সৈতে বেয়া  ব্যৱহাৰ কৰিব তাক লৈয়ো চিন্তিত হৈছিল৷  

জুহিয়ে লিখিছে যে  সেই শিশুটি অৰ্থাৎ তেওঁৰ ককায়কে দুয়োটা কাম কৰাৰ পথ বাছি লৈছিল।  তেওঁ পুৱা তিনি  বজাতে পথাৰৰ কামলৈ গৈছিল৷ পথাৰৰ কাম কৰি তেওঁ স্কুলৰ দ্বিতীয় চিফ্টত  পঢ়িবলৈ আৰম্ভ কৰিছিল৷  কিন্তু তেওঁ অনুমান কৰিবই পৰা নাছিল যে তেওঁৰ পিতৃ-মাতৃৰ ভয় সঁচা প্ৰমাণিত  হ'ব।  প্ৰায় ডেৰ কিলোমিটাৰ খোজ কাঢ়ি যোৱাৰ পিছতো তেওঁক শ্ৰেণীত বহিবলৈ দিয়া হোৱা নাছিল। 

জুহিয়ে তেওঁৰ  কাহিনীত লিখিছিল যে, এই প্ৰত্যাহ্বানসমূহ থকা স্বত্বেও  ককাদেউতাকে যুঁজিবলৈ এৰি দিয়া নাছিল।  উচ্চ জাতিৰ লোকসকলে দুৰ্ব্যৱহাৰ কৰাৰ বাবে  তেওঁ অনুসূচীত জাতিৰ শিক্ষাৰ্থীৰ পৰা পুৰণি কিতাপ ধাৰ লৈ পঢ়িবলৈ আৰম্ভ  কৰিছিল। তেওঁ  ৰাতি চাকিৰ পোহৰত অধ্যয়ন কৰিছিল। বিদ্যালয়খনত উচ্চ বৰ্ণৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ভাবুকি, শিক্ষকৰ দ্বাৰা বৈষম্য আৰু শ্ৰেণীকোঠাৰ ভিতৰত বহিবলৈ নিদিয়া স্বত্বেও তেওঁ নিজৰ  সংকল্প পাহৰি যোৱা নাছিল৷ দৃঢ় মনৰ হোৱাৰ বাবেই  তেওঁ বিদ্যালয়ৰ আন শিক্ষাৰ্থীসকলক চেৰ পেলাই আগুৱাই যাবলৈ সক্ষম হৈছিল৷ 

জুহিকো তেওঁ  শিক্ষাৰ গুৰুত্ব বুজাইছিল। জুহিয়ে  অক্সফৰ্ডৰ পৰা  ডিগ্ৰী পোৱাৰ পিছত ককাদেউতাক ইমানেই উৎসাহিত হৈছিল যে  চুবুৰীত বাস  কৰা প্ৰতিজন পাচলি বিক্ৰেতা আৰু দোকানৰ মালিকক এই খবৰটো কৈছিল। 

অৱশ্যে, আজি জুহিৰ সৈতে তেওঁৰ ককাদেউতাক নাই৷  এবছৰ আগতে তেওঁৰ মৃত্যু হৈছিল। এই সন্দৰ্ভত জুহিয়ে লিখিছিল যে, “ তেওঁ মোৰ অক্সফৰ্ডস্নাতক সমাৰোহত উপস্থিত থাকিব নোৱাৰিলে ৷  কিন্তু মই জানো যে তেওঁ নিশ্চয় মোৰ ফালে মৰমেৰে চাই আছে। ”

 এটা সময় আছিল যেতিয়া জুহিৰ ককাদেউতাকক শ্ৰেণীত বহিবলৈও অনুমতি দিয়া হোৱা নাছিল আৰু আজি  তেওঁৰ নাতিনীয়ে পৃথিৱীৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ হলত খোজ কাঢ়ি আছে। জুহিয়ে কয় যে ,মই তেওঁৰ বাবে বহুত গৌৰৱান্বিত। জুহিৰ এই পোষ্টটো বহুলোকে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে  আৰু সকলোৱে  তেওঁৰ ককাদেউতাকৰ  সংগ্ৰামক প্ৰশংসা কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement