--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অক্ষয় কুমাৰৰ ওএমজি-২কলৈ এতিয়া সৃষ্টি হৈছে বিতৰ্ক। বহুতে ছবি খনৰ তীব্ৰ বিৰোধিতা কৰিছে। চলচ্চিত্ৰখন যৌন শিক্ষাৰ ওপৰত আধাৰিত বুলি কোৱা হৈছে। য'ত অক্ষয় কুমাৰে শিৱৰ চৰিত্ৰত অভিনয় কৰিছে। আগ্ৰাত, বজৰং দলৰ কৰ্মী আৰু মহাকাল মন্দিৰৰ পুৰোহিতসকলে ছবি খনকলৈ তীব্ৰ প্ৰতিবাদ কৰিছে আৰু অভিনেতা অক্ষয় কুমাৰৰ পুত্তলিকাও দাহ কৰিছে। 

তেওঁলোকে ঘোষণা কৰিছে  যে যিয়ে অভিনেতাজনক জোতাৰ মালা পিন্ধাব পাৰে আৰু চৰ মাৰিব পাৰে তেওঁক ১০ লাখ টকাৰ পুৰল্কাৰ দিয়া হ’ব। 

প্ৰতিবাদকাৰীসকলে অক্ষয় কুমাৰৰ পোষ্টাৰত ক'লা ৰং সানি দিছে। ৰাষ্ট্ৰীয় হিন্দু পৰিষদ ভাৰতৰ ৰাষ্ট্ৰীয় সভাপতি গোবিন্দ পৰাশৰে কয়, "যিয়ে  অক্ষয় কুমাৰক চৰ মাৰিব পাৰিব  তেওঁক  ১০ লাখ টকাৰ পুৰস্কাৰ দিয়া হ'ব।"

ছবি খনত  দেখুওৱা কিছুমান দৃশ্য সন্দৰ্ভত তেওঁ কয়, "ভোলে বাবাক যিধৰণে দেখুওৱা হৈছে, সেয়া অপমানজনক, তেওঁক লেতেৰা পানীৰে গা ধুৱাই দিয়া হৈছে।" তেওঁ লগতে কয় "হিন্দু ধৰ্মক অপমান কৰা লোকসকলৰ বাবে কোনো ধৰ্ম নাই।’’’ তেওঁ আৰু কয়  যে অক্ষয় কুমাৰ ভাৰতৰ নহয়, সেয়ে  তেওঁৰ নাগৰিকত্ব বাতিল কৰি তেওঁক  বিদেশলৈ পঠিয়াব লাগে। 

তেওঁ লগতে কয়, "যদি অক্ষয় কুমাৰ আগ্ৰা আৰু উত্তৰ প্ৰদেশলৈ আহে, তেন্তে তেওঁ মুখখন ক'লা কৰি জোতাৰ মালা পিন্ধিব লাগিব ।"

আধ্যাত্মিক নেতা সধগুৰুৱে ছবিখনৰ  উচ্চ প্ৰশংসা কৰিছে। 
২০১০ চনৰ "ৰোড টু সঙ্গম" চলচ্চিত্ৰৰ বাবে জনাজাত চলচ্চিত্ৰ নিৰ্মাতা অমিত ৰায়ে ছবিখন পৰিচালনা কৰিছে।

২০১২ চনত মুক্তি পোৱা "ওহ মাই গড" পৰিচালনা কৰিছিল উমেশ শুক্লাই আৰু ছবি খনত পৰেশ ৰাৱাল তথা  অক্ষয় কুমাৰে অভিনয় কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ