--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অক্ষয় কুমাৰৰ ওএমজি-২কলৈ এতিয়া সৃষ্টি হৈছে বিতৰ্ক। বহুতে ছবি খনৰ তীব্ৰ বিৰোধিতা কৰিছে। চলচ্চিত্ৰখন যৌন শিক্ষাৰ ওপৰত আধাৰিত বুলি কোৱা হৈছে। য'ত অক্ষয় কুমাৰে শিৱৰ চৰিত্ৰত অভিনয় কৰিছে। আগ্ৰাত, বজৰং দলৰ কৰ্মী আৰু মহাকাল মন্দিৰৰ পুৰোহিতসকলে ছবি খনকলৈ তীব্ৰ প্ৰতিবাদ কৰিছে আৰু অভিনেতা অক্ষয় কুমাৰৰ পুত্তলিকাও দাহ কৰিছে। 

তেওঁলোকে ঘোষণা কৰিছে  যে যিয়ে অভিনেতাজনক জোতাৰ মালা পিন্ধাব পাৰে আৰু চৰ মাৰিব পাৰে তেওঁক ১০ লাখ টকাৰ পুৰল্কাৰ দিয়া হ’ব। 

প্ৰতিবাদকাৰীসকলে অক্ষয় কুমাৰৰ পোষ্টাৰত ক'লা ৰং সানি দিছে। ৰাষ্ট্ৰীয় হিন্দু পৰিষদ ভাৰতৰ ৰাষ্ট্ৰীয় সভাপতি গোবিন্দ পৰাশৰে কয়, "যিয়ে  অক্ষয় কুমাৰক চৰ মাৰিব পাৰিব  তেওঁক  ১০ লাখ টকাৰ পুৰস্কাৰ দিয়া হ'ব।"

ছবি খনত  দেখুওৱা কিছুমান দৃশ্য সন্দৰ্ভত তেওঁ কয়, "ভোলে বাবাক যিধৰণে দেখুওৱা হৈছে, সেয়া অপমানজনক, তেওঁক লেতেৰা পানীৰে গা ধুৱাই দিয়া হৈছে।" তেওঁ লগতে কয় "হিন্দু ধৰ্মক অপমান কৰা লোকসকলৰ বাবে কোনো ধৰ্ম নাই।’’’ তেওঁ আৰু কয়  যে অক্ষয় কুমাৰ ভাৰতৰ নহয়, সেয়ে  তেওঁৰ নাগৰিকত্ব বাতিল কৰি তেওঁক  বিদেশলৈ পঠিয়াব লাগে। 

তেওঁ লগতে কয়, "যদি অক্ষয় কুমাৰ আগ্ৰা আৰু উত্তৰ প্ৰদেশলৈ আহে, তেন্তে তেওঁ মুখখন ক'লা কৰি জোতাৰ মালা পিন্ধিব লাগিব ।"

আধ্যাত্মিক নেতা সধগুৰুৱে ছবিখনৰ  উচ্চ প্ৰশংসা কৰিছে। 
২০১০ চনৰ "ৰোড টু সঙ্গম" চলচ্চিত্ৰৰ বাবে জনাজাত চলচ্চিত্ৰ নিৰ্মাতা অমিত ৰায়ে ছবিখন পৰিচালনা কৰিছে।

২০১২ চনত মুক্তি পোৱা "ওহ মাই গড" পৰিচালনা কৰিছিল উমেশ শুক্লাই আৰু ছবি খনত পৰেশ ৰাৱাল তথা  অক্ষয় কুমাৰে অভিনয় কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু