--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইমাহমানৰ জল্পনা-কল্পনাৰ অন্ত পৰিল মাত্ৰ। শ্বাহৰুখ নহয়, এইবাৰ ৰণবীৰ সিঙে ‘ডন ৩’ত ‘ডন’ৰ চৰিত্ৰত অভিনয় কৰিছে। ‘ডন’ হিচাপে তেওঁৰ প্ৰথম আভাস ইতিমধ্যে মুক্তি পাইছে। সেই আভাস পোহৰলৈ অহাৰ পৰাই ৰণবীৰ ইটোৰ পিছত সিটোকৈ সমালোচনাৰ সন্মুখীন হৈছে। তাৰ কাৰণো আছে। ‘ডন’ৰ প্ৰথম আভাসতে ৰণবীৰক একেবাৰে শেঁতা দেখা গৈছে। শ্বাহৰুখৰ ‘ডন’ চাই মনত যি উত্তেজনাৰ সৃষ্টি হৈছিল তাৰ ওচৰ চাপিব পৰা নাছিল ৰণবীৰৰ লুক।

চকুত ছানগ্লাছ, হাতত ৰিভলভাৰ আৰু ওঁঠৰ কোণত চিগাৰেট লৈও ৰণবীৰে সফল হ’ব নোৱাৰিলে। ফলত শ্বাহৰুখৰ অনুৰাগীসকলেও ছ’চিয়েল মিডিয়া পেজত ‘No SRK no don’ হেচটেগ লিখি নিজৰ ক্ষোভ আৰু হতাশা প্ৰকাশ কৰে। যোৱা কিছুদিন ধৰি অহৰহ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত অৱশেষত মুখ মেলিলে ভৱিষ্যতৰ ‘ডন’-এ।

‘ডন’ আৰু ‘ডন ২’ৰ সফলতাৰ পিছত শ্বাহৰুখ খানে ‘ডন ৩’লৈ ঘূৰি অহাৰ কথা আছিল। কিন্তু পিছত খবৰ আহিল, তেওঁ ছবিখনত অভিনয় কৰিবলৈ সন্মত নহ’ল। এতিয়া এই চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পোৱাটো ৰণবীৰৰ বাবে শৈশৱৰ এটা সপোন পূৰণ হৈছে।

বৃহস্পতিবাৰে ৰণবীৰে নিজৰ শৈশৱৰ কেইবাখনো ফটো নিজৰ ছ’চিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰি লিখিছে, “শৈশৱৰ পৰাই এই দিনটোৰ সপোন দেখি আহিছো... আজিও মনত আছে যেতিয়া মই সৰুতে হিন্দী চিনেমা চাইছিলো, অমিতাভ বচ্চন, শ্বাহৰুখৰ দৰে 'হিন্দী ছবিৰ নায়ক' হোৱাৰ ইচ্ছা হৈছিল৷ তেওঁলোক মোৰ প্ৰেৰণা। বিগ বি আৰু এছ আৰ কেয়ে আৰম্ভ কৰা উত্তৰাধিকাৰক আগুৱাই নিয়াটো মোৰ বাবে সপোন পূৰণৰ দৰেই। ফাৰহান আৰু ৰিতেশে মোৰ ওপৰত যি আস্থা ৰাখিছে, সেই আস্থা ঘূৰাই দিবলৈ মই যৎপৰোনাস্তি দিব বিচাৰো। আশাকৰোঁ দৰ্শকে মোকো নিজকে প্ৰমাণ কৰাৰ সুযোগ দিব।"

‘ডন ৩’ত ৰণবীৰৰ প্ৰথম লুকটো প্ৰথমতে নেটিজেনৰ এক বৃহৎ অংশই অপছন্দ কৰিছিল। তেওঁলোকে দাবী কৰে যে শ্বাহৰুখৰ ছবিখনত অন্ততঃ এটা কেমিঅ’ নাথাকিলে ছবিখন নাচাব। শুনা যায় যে নেটিজেনৰ প্ৰতিক্ৰিয়াত পৰিচালক ফাৰহানে বিশেষ আচৰিত হোৱা নাছিল। কিন্তু ৰণবীৰৰ দৰেই তেওঁ আশা কৰিছে যে লিগেচিক মনত ৰাখি ৰনবীৰৰ ‘ডন ৩’ক দৰ্শকে সুযোগ দিব। অহা বছৰৰ মাজভাগৰ পৰা আৰম্ভ হ’ব ‘ডন ৩’ৰ শ্বুটিং। ২০২৫ চনত মুক্তি পাব ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ