--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইমাহমানৰ জল্পনা-কল্পনাৰ অন্ত পৰিল মাত্ৰ। শ্বাহৰুখ নহয়, এইবাৰ ৰণবীৰ সিঙে ‘ডন ৩’ত ‘ডন’ৰ চৰিত্ৰত অভিনয় কৰিছে। ‘ডন’ হিচাপে তেওঁৰ প্ৰথম আভাস ইতিমধ্যে মুক্তি পাইছে। সেই আভাস পোহৰলৈ অহাৰ পৰাই ৰণবীৰ ইটোৰ পিছত সিটোকৈ সমালোচনাৰ সন্মুখীন হৈছে। তাৰ কাৰণো আছে। ‘ডন’ৰ প্ৰথম আভাসতে ৰণবীৰক একেবাৰে শেঁতা দেখা গৈছে। শ্বাহৰুখৰ ‘ডন’ চাই মনত যি উত্তেজনাৰ সৃষ্টি হৈছিল তাৰ ওচৰ চাপিব পৰা নাছিল ৰণবীৰৰ লুক।

চকুত ছানগ্লাছ, হাতত ৰিভলভাৰ আৰু ওঁঠৰ কোণত চিগাৰেট লৈও ৰণবীৰে সফল হ’ব নোৱাৰিলে। ফলত শ্বাহৰুখৰ অনুৰাগীসকলেও ছ’চিয়েল মিডিয়া পেজত ‘No SRK no don’ হেচটেগ লিখি নিজৰ ক্ষোভ আৰু হতাশা প্ৰকাশ কৰে। যোৱা কিছুদিন ধৰি অহৰহ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত অৱশেষত মুখ মেলিলে ভৱিষ্যতৰ ‘ডন’-এ।

‘ডন’ আৰু ‘ডন ২’ৰ সফলতাৰ পিছত শ্বাহৰুখ খানে ‘ডন ৩’লৈ ঘূৰি অহাৰ কথা আছিল। কিন্তু পিছত খবৰ আহিল, তেওঁ ছবিখনত অভিনয় কৰিবলৈ সন্মত নহ’ল। এতিয়া এই চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পোৱাটো ৰণবীৰৰ বাবে শৈশৱৰ এটা সপোন পূৰণ হৈছে।

বৃহস্পতিবাৰে ৰণবীৰে নিজৰ শৈশৱৰ কেইবাখনো ফটো নিজৰ ছ’চিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰি লিখিছে, “শৈশৱৰ পৰাই এই দিনটোৰ সপোন দেখি আহিছো... আজিও মনত আছে যেতিয়া মই সৰুতে হিন্দী চিনেমা চাইছিলো, অমিতাভ বচ্চন, শ্বাহৰুখৰ দৰে 'হিন্দী ছবিৰ নায়ক' হোৱাৰ ইচ্ছা হৈছিল৷ তেওঁলোক মোৰ প্ৰেৰণা। বিগ বি আৰু এছ আৰ কেয়ে আৰম্ভ কৰা উত্তৰাধিকাৰক আগুৱাই নিয়াটো মোৰ বাবে সপোন পূৰণৰ দৰেই। ফাৰহান আৰু ৰিতেশে মোৰ ওপৰত যি আস্থা ৰাখিছে, সেই আস্থা ঘূৰাই দিবলৈ মই যৎপৰোনাস্তি দিব বিচাৰো। আশাকৰোঁ দৰ্শকে মোকো নিজকে প্ৰমাণ কৰাৰ সুযোগ দিব।"

‘ডন ৩’ত ৰণবীৰৰ প্ৰথম লুকটো প্ৰথমতে নেটিজেনৰ এক বৃহৎ অংশই অপছন্দ কৰিছিল। তেওঁলোকে দাবী কৰে যে শ্বাহৰুখৰ ছবিখনত অন্ততঃ এটা কেমিঅ’ নাথাকিলে ছবিখন নাচাব। শুনা যায় যে নেটিজেনৰ প্ৰতিক্ৰিয়াত পৰিচালক ফাৰহানে বিশেষ আচৰিত হোৱা নাছিল। কিন্তু ৰণবীৰৰ দৰেই তেওঁ আশা কৰিছে যে লিগেচিক মনত ৰাখি ৰনবীৰৰ ‘ডন ৩’ক দৰ্শকে সুযোগ দিব। অহা বছৰৰ মাজভাগৰ পৰা আৰম্ভ হ’ব ‘ডন ৩’ৰ শ্বুটিং। ২০২৫ চনত মুক্তি পাব ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু