--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ‘ৰকষ্টাৰ’ ছবিৰ জৰিয়তে হিন্দী ছবিত আত্মপ্ৰকাশ কৰে নাৰ্গিছ ফাখৰীয়ে। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে ‘মাদ্ৰাছ কেফে’, ‘মে তেৰা হিৰো’, ‘হাউছফুল’, ‘আজহাৰ’ আদি ছবিত দৰ্শকৰ হৃদয় চুৰি কৰিছিল। কিন্তু  তেওঁ নিজকে সদায় সাধাৰণ মানুহ বুলি গণ্য কৰি আহিছে। তাৰ বাবেই তেওঁ উদ্যোগটোত বিপদত পৰিবলগীয়া হৈছিল।

প্ৰথমবাৰৰ বাবে মায়ানগৰীত ভৰি দিলে, ঘৰ বিচাৰি থাকোঁতে তেওঁ অলৌকিক ঘটনাৰ সন্মুখীন হ’বলগীয়া হ’ল। ভাড়াঘৰ পালেও তাত থকা সকলো অদ্ভুত কিছু কাণ্ডৰ বাবে তেওঁ থাকিব নোৱাৰিলে।

নিউয়ৰ্কত জন্মগ্ৰহণ কৰা নাৰ্গিছৰ মুম্বাইত পূৰ্বৰ কোনো চিনাকি নাছিল। ‘ৰকষ্টাৰ’ৰ সফলতাৰ পিছত অভিনেত্ৰীগৰাকীয়ে ঘৰ বিচাৰিবলৈ আৰম্ভ কৰে। বান্দ্ৰাৰ অভিজাত এলেকাত এটা ফ্লেট ভাড়াত লৈছিল। অৱশ্যে সেই ফ্লেটটোত প্ৰৱেশ কৰাৰ পিছত ইটোৰ পিছত সিটোকৈ অস্বাভাৱিক ঘটনা সংঘটিত হ’বলৈ ধৰিলে অভিনেত্ৰীগৰাকীৰ লগত। নাৰ্গিছে ৰাতি শুব পৰা নাছিল, মাথোঁ দেখিছিল অদ্ভুত সপোন।

নাৰ্গিছৰ ভাষাত "মই সপোনত ছয় ফুট ওখ মানুহ এজনক দেখিছিলোঁ। সেইটোৱে মোক টানি লৈ যায় শ্মশানলৈ। তাত তেওঁ মাংস খায় আৰু মোকো জোৰকৈ খাবলৈ দিছিল। ৰাতিৰ পিছত ৰাতি এইটো সপোন দেখিছিলো।’’

অৱশ্যে অৱশেষত সেই ফ্লেটটো এৰি দিল্লীলৈ গুচি যায় অভিনেত্ৰীগৰাকী। সেই ফ্লেটতে নিজৰ আচবাববোৰ এৰি থৈ যায়। কিন্তু পিছত অভিনেত্ৰীগৰাকীয়ে জানিব পাৰিলে যে তেওঁৰ আলমাৰীত ছটা মৃত চৰাই উদ্ধাৰ কৰা হৈছে। কিন্তু এই সকলোবোৰ ঘটনা কিয় ঘটিছিল তাৰ কোনো ব্যাখ্যা নাৰ্গিছৰ হাতত নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?