--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ‘ৰকষ্টাৰ’ ছবিৰ জৰিয়তে হিন্দী ছবিত আত্মপ্ৰকাশ কৰে নাৰ্গিছ ফাখৰীয়ে। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে ‘মাদ্ৰাছ কেফে’, ‘মে তেৰা হিৰো’, ‘হাউছফুল’, ‘আজহাৰ’ আদি ছবিত দৰ্শকৰ হৃদয় চুৰি কৰিছিল। কিন্তু  তেওঁ নিজকে সদায় সাধাৰণ মানুহ বুলি গণ্য কৰি আহিছে। তাৰ বাবেই তেওঁ উদ্যোগটোত বিপদত পৰিবলগীয়া হৈছিল।

প্ৰথমবাৰৰ বাবে মায়ানগৰীত ভৰি দিলে, ঘৰ বিচাৰি থাকোঁতে তেওঁ অলৌকিক ঘটনাৰ সন্মুখীন হ’বলগীয়া হ’ল। ভাড়াঘৰ পালেও তাত থকা সকলো অদ্ভুত কিছু কাণ্ডৰ বাবে তেওঁ থাকিব নোৱাৰিলে।

নিউয়ৰ্কত জন্মগ্ৰহণ কৰা নাৰ্গিছৰ মুম্বাইত পূৰ্বৰ কোনো চিনাকি নাছিল। ‘ৰকষ্টাৰ’ৰ সফলতাৰ পিছত অভিনেত্ৰীগৰাকীয়ে ঘৰ বিচাৰিবলৈ আৰম্ভ কৰে। বান্দ্ৰাৰ অভিজাত এলেকাত এটা ফ্লেট ভাড়াত লৈছিল। অৱশ্যে সেই ফ্লেটটোত প্ৰৱেশ কৰাৰ পিছত ইটোৰ পিছত সিটোকৈ অস্বাভাৱিক ঘটনা সংঘটিত হ’বলৈ ধৰিলে অভিনেত্ৰীগৰাকীৰ লগত। নাৰ্গিছে ৰাতি শুব পৰা নাছিল, মাথোঁ দেখিছিল অদ্ভুত সপোন।

নাৰ্গিছৰ ভাষাত "মই সপোনত ছয় ফুট ওখ মানুহ এজনক দেখিছিলোঁ। সেইটোৱে মোক টানি লৈ যায় শ্মশানলৈ। তাত তেওঁ মাংস খায় আৰু মোকো জোৰকৈ খাবলৈ দিছিল। ৰাতিৰ পিছত ৰাতি এইটো সপোন দেখিছিলো।’’

অৱশ্যে অৱশেষত সেই ফ্লেটটো এৰি দিল্লীলৈ গুচি যায় অভিনেত্ৰীগৰাকী। সেই ফ্লেটতে নিজৰ আচবাববোৰ এৰি থৈ যায়। কিন্তু পিছত অভিনেত্ৰীগৰাকীয়ে জানিব পাৰিলে যে তেওঁৰ আলমাৰীত ছটা মৃত চৰাই উদ্ধাৰ কৰা হৈছে। কিন্তু এই সকলোবোৰ ঘটনা কিয় ঘটিছিল তাৰ কোনো ব্যাখ্যা নাৰ্গিছৰ হাতত নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ