--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ হাবিয়ে-বননিয়ে পোৱা এবিধ থলুৱা ফল হ’ল অমৰা। অমৰা প্রায় সকলো সময়তে পোৱা যায়। অমৰা শৰীৰৰ বাবে বহু উপকাৰী। অমৰাত প্রচুৰ পৰিমাণে ভিটামিন চি, আয়ৰণ, কেলচিয়াম আৰু আঁহ আছে, যিবোৰ শৰীৰৰ বাবে খুবেই দৰকাৰী। মুখত ৰুচি বৃদ্ধিসহ অসংখ্য গুণাগুণ আছে অমৰাৰ। অমৰাত প্রচুৰ ভিটামিন চি থকাত ইয়াক খালে স্কার্ভি ৰোগৰ পৰা বাচিব পৰা যায়। 

অমৰাৰ কেৱল ফলেই নহয়- ইয়াৰ পাত, গছৰ বাকলি, ফুল আৰু শিপাৰো অনেক গুণ আছে আৰু বিশ্বৰ নানান গৱেষণাগাৰত তাৰ সত্যতা প্ৰমাণিত হৈছে৷ইয়াৰ ফল আৰু পাতৰ গোন্ধ আমৰ গছ ফলৰ লগত মিল পোৱা যায়। হয়তো সেয়ে ইয়াক ‘বনৰীয়া আম’ বুলি কোৱা হয়। ইংৰাজীত অমৰাক Wild Mango বোলা হয়। আমৰ বৈজ্ঞানিক নাম হৈছে মেংগিফেৰা ইণ্ডিকা আৰু অমৰাৰ হৈছে স্পণ্ডিয়াছ মেংগিফেৰা।

অমৰাৰ আছে অনেক উপকাৰী গুণ। অমৰাৰ উপকাৰিতাৰ বিষয়ে জানো আহক।

১)বিভিন্ন প্রকাৰৰ ভাইৰেল ইনফেকচনৰ বিৰুদ্ধে যুঁজিব পাৰে অমৰাই। 

২)হজমতো ই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

৩)অমৰা ভিটামিন চিৰ ভাল উৎস। ভিটামিন চি এটি অত্যাৱশ্যকীয় ভিটামিন আৰু প্রাকৃতিক এন্টিঅক্সিডেন্ট। নিয়মিত অমৰা খালে বিভিন্ন ধৰণৰ অসুখৰ পৰা দূৰত থাকিব পৰা যায়।

৪)কেন্সাৰৰ দৰে মৰণ ৰোগৰ বিৰুদ্ধেও শৰীৰত প্রতিৰোধ ক্ষমতা গঢ়ি তোলে অমৰাই।

৫)ইয়াত প্রচুৰ ভিটামিন চি থকাত স্কার্ভি ৰোগ প্রতিৰোধত সহায় কৰে।

৬)কেলচিয়ামৰ ভাল উৎস অমৰা। ইয়াত পর্যাপ্ত পৰিমাণত কেলচিয়াম আছে, যিয়ে শিশুৰ দৈহিক গঠনত সহায় কৰে।

৭)অমৰাত প্রচুৰ ভিটামিন চি আছে যিয়ে ত্বক উজ্জ্বল কৰি ৰখাত সহায় কৰে।

৮)অমৰাত প্রচুৰ পৰিমাণে আয়ৰন থকাৰ কাৰণে ই ৰক্তহীনতা ৰোধত কার্যকৰী ভুমিকা পালন কৰি থাকে। লগতে হিমগ্লবিনৰ মাত্রা সঠিক পর্যায়ত ৰাখে।

৯)অমৰাত পেকটিন জাতীয় ফাইবাৰ আছে, যিয়ে বদহজম আৰু কোষ্ঠকাঠিন্য দূৰ কৰে। 

১০)অমৰাত প্রচুৰ এন্টিঅক্সিডেন্ট থাকে যি কলেস্টেৰলৰ মাত্রা কমায়। সেয়ে অমৰা খালে সার্বিক হৃদস্বাস্থ্যৰ বাবেই উপকাৰী।

১১)ইয়াৰ উপৰি অসুস্থ ব্যক্তিসকলৰ মুখৰ স্বাদ ঘূৰাই আনে অমৰাই।

১২)ইয়াৰ ফল (কেচাঁ) চকলিয়াই উঠি সেই খিনি ২৫ মিলি লিটাৰ পানীত তিয়াই ৰাখি তাত অলপ নিমখ আৰু চেনি মিহলাই একেৰাহে দিনে ২-৩ বাৰকৈ ৪-৫ দিন খালে গ্ৰহণী ৰোগ ভাল হয়।

১৩)অমৰাই প্ৰস্ৰাৱৰ চলাচল সুচল কৰে আৰু পৰিমাণ বঢ়ায়।

১৪)বহু পুৰণি কাহ আৰু ডিঙিৰ বিষৰ অমৰাৰ চিকিৎসাত উপশম ঘটে।

১৫)ডায়েবেটিজ আৰু থাইৰয়েডৰ অসুখৰ চিকিৎসা লৈ থকা ৰোগীৰ বাবেও অমৰা নিৰাপদ৷ অমৰাত কেলৰি কম, এন্টিঅক্সিডেন্ট লাগতিয়াল ভিটামিন আৰু যথেষ্ট ফাইবাৰ আছে বাবে এই দুই অৱস্থাতো নিৰ্ভয়ে খাব পাৰে৷

 
উল্লেখ্য যে কেঁচা অমৰাৰ জোল আৰু আচাৰ কৰি খালে যথেষ্ট তৃপ্তি পোৱা যায়। পকা অমৰা আকৌ জোল আৰু চাটনি(পিটিকা) কৰি খোৱাৰ বাবে অতি উপযোগী। অমৰাৰে ৰন্ধা মাছৰ জোলৰ সোৱাদ অতি অনুপম। অমৰাৰ টক খাবলৈও অতি সোৱাদ। দাইলত দিও অমৰা খাব পাৰি। এইবিধ ফল পকি মাটিত সৰি থাকিলেও খাওঁতাৰ অভাৱ। অমৰা যেন কিছু পৰিমাণে উপেক্ষিত। অমৰা খোৱাৰ সুযোগ পালেই খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক।প্ৰকৃতিয়ে দিয়া এই অমূল্য বৰদানসমূহক আমি সদব্যৱহাৰ কৰা উচিত৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক