--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ হাবিয়ে-বননিয়ে পোৱা এবিধ থলুৱা ফল হ’ল অমৰা। অমৰা প্রায় সকলো সময়তে পোৱা যায়। অমৰা শৰীৰৰ বাবে বহু উপকাৰী। অমৰাত প্রচুৰ পৰিমাণে ভিটামিন চি, আয়ৰণ, কেলচিয়াম আৰু আঁহ আছে, যিবোৰ শৰীৰৰ বাবে খুবেই দৰকাৰী। মুখত ৰুচি বৃদ্ধিসহ অসংখ্য গুণাগুণ আছে অমৰাৰ। অমৰাত প্রচুৰ ভিটামিন চি থকাত ইয়াক খালে স্কার্ভি ৰোগৰ পৰা বাচিব পৰা যায়। 

অমৰাৰ কেৱল ফলেই নহয়- ইয়াৰ পাত, গছৰ বাকলি, ফুল আৰু শিপাৰো অনেক গুণ আছে আৰু বিশ্বৰ নানান গৱেষণাগাৰত তাৰ সত্যতা প্ৰমাণিত হৈছে৷ইয়াৰ ফল আৰু পাতৰ গোন্ধ আমৰ গছ ফলৰ লগত মিল পোৱা যায়। হয়তো সেয়ে ইয়াক ‘বনৰীয়া আম’ বুলি কোৱা হয়। ইংৰাজীত অমৰাক Wild Mango বোলা হয়। আমৰ বৈজ্ঞানিক নাম হৈছে মেংগিফেৰা ইণ্ডিকা আৰু অমৰাৰ হৈছে স্পণ্ডিয়াছ মেংগিফেৰা।

অমৰাৰ আছে অনেক উপকাৰী গুণ। অমৰাৰ উপকাৰিতাৰ বিষয়ে জানো আহক।

১)বিভিন্ন প্রকাৰৰ ভাইৰেল ইনফেকচনৰ বিৰুদ্ধে যুঁজিব পাৰে অমৰাই। 

২)হজমতো ই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

৩)অমৰা ভিটামিন চিৰ ভাল উৎস। ভিটামিন চি এটি অত্যাৱশ্যকীয় ভিটামিন আৰু প্রাকৃতিক এন্টিঅক্সিডেন্ট। নিয়মিত অমৰা খালে বিভিন্ন ধৰণৰ অসুখৰ পৰা দূৰত থাকিব পৰা যায়।

৪)কেন্সাৰৰ দৰে মৰণ ৰোগৰ বিৰুদ্ধেও শৰীৰত প্রতিৰোধ ক্ষমতা গঢ়ি তোলে অমৰাই।

৫)ইয়াত প্রচুৰ ভিটামিন চি থকাত স্কার্ভি ৰোগ প্রতিৰোধত সহায় কৰে।

৬)কেলচিয়ামৰ ভাল উৎস অমৰা। ইয়াত পর্যাপ্ত পৰিমাণত কেলচিয়াম আছে, যিয়ে শিশুৰ দৈহিক গঠনত সহায় কৰে।

৭)অমৰাত প্রচুৰ ভিটামিন চি আছে যিয়ে ত্বক উজ্জ্বল কৰি ৰখাত সহায় কৰে।

৮)অমৰাত প্রচুৰ পৰিমাণে আয়ৰন থকাৰ কাৰণে ই ৰক্তহীনতা ৰোধত কার্যকৰী ভুমিকা পালন কৰি থাকে। লগতে হিমগ্লবিনৰ মাত্রা সঠিক পর্যায়ত ৰাখে।

৯)অমৰাত পেকটিন জাতীয় ফাইবাৰ আছে, যিয়ে বদহজম আৰু কোষ্ঠকাঠিন্য দূৰ কৰে। 

১০)অমৰাত প্রচুৰ এন্টিঅক্সিডেন্ট থাকে যি কলেস্টেৰলৰ মাত্রা কমায়। সেয়ে অমৰা খালে সার্বিক হৃদস্বাস্থ্যৰ বাবেই উপকাৰী।

১১)ইয়াৰ উপৰি অসুস্থ ব্যক্তিসকলৰ মুখৰ স্বাদ ঘূৰাই আনে অমৰাই।

১২)ইয়াৰ ফল (কেচাঁ) চকলিয়াই উঠি সেই খিনি ২৫ মিলি লিটাৰ পানীত তিয়াই ৰাখি তাত অলপ নিমখ আৰু চেনি মিহলাই একেৰাহে দিনে ২-৩ বাৰকৈ ৪-৫ দিন খালে গ্ৰহণী ৰোগ ভাল হয়।

১৩)অমৰাই প্ৰস্ৰাৱৰ চলাচল সুচল কৰে আৰু পৰিমাণ বঢ়ায়।

১৪)বহু পুৰণি কাহ আৰু ডিঙিৰ বিষৰ অমৰাৰ চিকিৎসাত উপশম ঘটে।

১৫)ডায়েবেটিজ আৰু থাইৰয়েডৰ অসুখৰ চিকিৎসা লৈ থকা ৰোগীৰ বাবেও অমৰা নিৰাপদ৷ অমৰাত কেলৰি কম, এন্টিঅক্সিডেন্ট লাগতিয়াল ভিটামিন আৰু যথেষ্ট ফাইবাৰ আছে বাবে এই দুই অৱস্থাতো নিৰ্ভয়ে খাব পাৰে৷

 
উল্লেখ্য যে কেঁচা অমৰাৰ জোল আৰু আচাৰ কৰি খালে যথেষ্ট তৃপ্তি পোৱা যায়। পকা অমৰা আকৌ জোল আৰু চাটনি(পিটিকা) কৰি খোৱাৰ বাবে অতি উপযোগী। অমৰাৰে ৰন্ধা মাছৰ জোলৰ সোৱাদ অতি অনুপম। অমৰাৰ টক খাবলৈও অতি সোৱাদ। দাইলত দিও অমৰা খাব পাৰি। এইবিধ ফল পকি মাটিত সৰি থাকিলেও খাওঁতাৰ অভাৱ। অমৰা যেন কিছু পৰিমাণে উপেক্ষিত। অমৰা খোৱাৰ সুযোগ পালেই খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক।প্ৰকৃতিয়ে দিয়া এই অমূল্য বৰদানসমূহক আমি সদব্যৱহাৰ কৰা উচিত৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ