--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অমিতাভ বচ্ছনৰ বাসগৃহত দিৱালী উদযাপনৰ ফটো তুলিবলৈ গৈ নিৰাপত্তাৰক্ষীৰ হাতত প্ৰহৃত হ’ল এগৰাকী পাপাৰাজ্জী। সমস্ত ঘটনাৰ ভিডিঅ’ পাপাৰাজ্জীজনে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

উল্লেখ্য যে প্ৰতি বছৰে বিগ বি অমিতাভে উলহ মালহেৰে দিৱালী উদযাপন কৰি আহিছে। কিন্তু কভিড মহামাৰীৰ বাবে যোৱা বছৰকেইটা সেমেকা আছিল।

মহামাৰীৰ পাছত পুনৰ স্বাভাৱিক জীৱনযাত্ৰা আৰম্ভ হৈছে। সেয়ে সোমবাৰে নিজৰ বাসগৃহত আড়ম্বৰপূৰ্ণভাৱে দিৱালী মানে বচ্ছন পৰিয়ালে।

দিৱালীত অতিথি হিচাপে উপস্থিতি আছিল গৌৰী খান, কৰণ জোহৰ, অনুপম খেৰকে ধৰি বলিউডৰ বহুতো তাৰকা।

কিন্তু কোনো এজন তাৰকা অতিথিয়েই অনুষ্ঠানটোৰ ছৱি নুতুলিলে। সকলোৱে গাড়ীৰ পৰা নামিয় চিধাই ভিতৰলৈ গৈছিল। গাড়ীৰ পৰা নমা অৱস্থাত কেইবাজনো অতিথি পাপাৰাজ্জীৰ কেমেৰাত ধৰা পৰিছিল। তেনে সময়তে গণ্ডগোলীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

এজন পাপাৰাজ্জী বচ্ছনৰ বাসগৃহলৈ সোমাই যায়। তাৰপাছতে নিৰাপত্তাৰক্ষীয়ে গটা মাৰি উলিয়াই দিয়ে তেওঁক। ছৱি তোলা নিষেধ আছিল, কিন্তু পাপাৰাজ্জীজনে সেয়া অমান্য কৰিছিল।

 

সমগ্ৰ ঘটনাটো পাপাৰাজ্জীজনে কেমেৰাত ৰেকৰ্ড কৰি ৰাখিছিল। সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে বচ্ছন পত্নী জয়াইও পাপাৰাজ্জীজনক ৰঙা চকু দেখুৱাইছে।

 

উল্লেখ্য যে ইয়াৰ বাবেও পাপাৰাজ্জীক ৰঙা চকু দেখুৱাই আহিছে জয়া বচ্ছনে। শেহতীয়াকৈ জয়াই কৈছিল যে তেওঁক কোনোবাই ফটো তুলিলে তেওঁৰ অতি খং উঠে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক