--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অমিতাভ বচ্ছনৰ বাসগৃহত দিৱালী উদযাপনৰ ফটো তুলিবলৈ গৈ নিৰাপত্তাৰক্ষীৰ হাতত প্ৰহৃত হ’ল এগৰাকী পাপাৰাজ্জী। সমস্ত ঘটনাৰ ভিডিঅ’ পাপাৰাজ্জীজনে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

উল্লেখ্য যে প্ৰতি বছৰে বিগ বি অমিতাভে উলহ মালহেৰে দিৱালী উদযাপন কৰি আহিছে। কিন্তু কভিড মহামাৰীৰ বাবে যোৱা বছৰকেইটা সেমেকা আছিল।

মহামাৰীৰ পাছত পুনৰ স্বাভাৱিক জীৱনযাত্ৰা আৰম্ভ হৈছে। সেয়ে সোমবাৰে নিজৰ বাসগৃহত আড়ম্বৰপূৰ্ণভাৱে দিৱালী মানে বচ্ছন পৰিয়ালে।

দিৱালীত অতিথি হিচাপে উপস্থিতি আছিল গৌৰী খান, কৰণ জোহৰ, অনুপম খেৰকে ধৰি বলিউডৰ বহুতো তাৰকা।

কিন্তু কোনো এজন তাৰকা অতিথিয়েই অনুষ্ঠানটোৰ ছৱি নুতুলিলে। সকলোৱে গাড়ীৰ পৰা নামিয় চিধাই ভিতৰলৈ গৈছিল। গাড়ীৰ পৰা নমা অৱস্থাত কেইবাজনো অতিথি পাপাৰাজ্জীৰ কেমেৰাত ধৰা পৰিছিল। তেনে সময়তে গণ্ডগোলীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

এজন পাপাৰাজ্জী বচ্ছনৰ বাসগৃহলৈ সোমাই যায়। তাৰপাছতে নিৰাপত্তাৰক্ষীয়ে গটা মাৰি উলিয়াই দিয়ে তেওঁক। ছৱি তোলা নিষেধ আছিল, কিন্তু পাপাৰাজ্জীজনে সেয়া অমান্য কৰিছিল।

 

সমগ্ৰ ঘটনাটো পাপাৰাজ্জীজনে কেমেৰাত ৰেকৰ্ড কৰি ৰাখিছিল। সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে বচ্ছন পত্নী জয়াইও পাপাৰাজ্জীজনক ৰঙা চকু দেখুৱাইছে।

 

উল্লেখ্য যে ইয়াৰ বাবেও পাপাৰাজ্জীক ৰঙা চকু দেখুৱাই আহিছে জয়া বচ্ছনে। শেহতীয়াকৈ জয়াই কৈছিল যে তেওঁক কোনোবাই ফটো তুলিলে তেওঁৰ অতি খং উঠে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী