--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৭৫ চনৰ ২৪ জানুৱাৰী। ছবিগৃহত মুক্তি পালে যশ চোপ্ৰাৰ এখন হিন্দী ছবি। অভিনয় কৰিছে শশী কাপুৰ, অমিতাভ বচ্চন, পাৰবীন ববি, নীতু সিং, নিৰুপা ৰায়। চেলিম খান আৰু জাভেদ আখতাৰৰ সংলাপ। ছৱিখনৰ ‘মেৰে পাছ মা হায়’ সংলাপটো দৰ্শকৰ ওঁঠে ওঁঠে বিয়পি পৰিল।

দুজন ভাতৃৰ কেমিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি একচনলৈকে একোৰে অভাৱ নাছিল ছৱিখনত। মুক্তিৰ পিছত ছবিখনে কেৱল ভাৰতীয় দৰ্শকৰ হৃদয় জয় কৰাই নহয়, বিদেশৰ বিভিন্ন প্ৰান্ততো ইয়াৰ প্ৰভাৱ পৰিছিল।

ছৱিখনৰ নাম- 'দীৱাৰ’। যশৰ পৰিচালনাত নিৰ্মিত ‘দীৱাৰ’ ছবিখনে সত্তৰ-আশীৰ দশকত বিদেশী চলচ্চিত্ৰ জগতত এক নতুন ধাৰাৰ জন্ম দিছিল। ১৯৭৫ চনত মুক্তি পোৱা ‘দীৱাৰ’ ছবিখনত অভিনয় কৰি অমিতাভে বলীউডত ‘এংগ্ৰী ইয়ং মেন’ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। কেৱল ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলেই নহয়, বিদেশী পৰিচালকসকলেও ছবিখন দেখি আপ্লুত হৈছিল।

‘দীৱাৰ’ৰ জৰিয়তে যশে প্ৰমাণ কৰিলে যে দুজন ডাঙৰ নায়কৰ সৈতে একচন ধাৰাৰ ছবি নিৰ্মাণ কৰিব পৰা যায়। বিশেষকৈ হংকঙৰ পৰিচালকে এই চলচ্চিত্ৰ ধাৰাটোৰ আধাৰত নতুন ছবি নিৰ্মাণ কৰিবলৈ চিন্তা কৰিছিল। আনকি হংকঙৰ শ্ব’ ব্ৰাদাৰ্ছৰ এটা জনপ্ৰিয় প্ৰডাকচন হাউছে ‘দীৱাৰ’ ছবিখনৰ অধিকাৰ ক্ৰয় কৰিছিল।


যশৰ ছবিখন মুক্তি পোৱাৰ চাৰি বছৰৰ পাছত ১৯৭৯ চনত হংকঙত মুক্তি লাভ কৰে ‘দ্য ব্রাদাৰ্ছ’ ছবিখন। এই ছবিখনত অভিনয় কৰিছিল ডেনি লী আৰু টনি লিউ নামৰ দুগৰাকী জনপ্ৰিয় হংকং তাৰকাই। সূত্ৰ অনুসৰি ‘দ্য ব্ৰাদাৰ্ছ’ৰ প্ৰতিটো দৃশ্যই ‘দীৱাৰ’ৰ পৰা একে ধৰণে শ্বুটিং কৰা হৈছে। আনকি ‘দীৱাৰ’ ছবিৰ কিছুমান জনপ্ৰিয় সংলাপও হিন্দীৰ পৰা কেণ্টনীজলৈ ৰূপান্তৰিত কৰা হৈছিল।

আশীৰ দশকত ‘দ্য ব্রাদাৰ্ছ’ ছবিখনে হংকঙৰ চলচ্চিত্ৰ জগতত একচন ধাৰাটোৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। এই ছবিখন মুক্তি পোৱাৰ পিছত দৰ্শকে ‘দীৱাৰ’ ছবিখনৰ বিষয়েও জানিব পাৰিব। হংকঙৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে এই নতুন ধাৰাটোক ‘হিৰ’ইক ব্লাডশ্বেড’ নামেৰে নামাকৰণ কৰে।

১৯৮৬ চনত হংকঙত ‘এ বেটাৰ টুম’ৰ’ নামৰ ‘হিৰ’ইক ব্লাডশ্বেড’ ধাৰাৰ এখন ছবি মুক্তি পায়। ছবিখনত অভিনয় কৰিছিল টি লুং, লেছলি চেউং আৰু চ’ ৱুন-ফেটে। ‘এ বেটাৰ টুমৰো’ ছবিখনে বিশ্বত প্ৰশংসা লাভ কৰিছিল। আনকি হলিউডৰ চলচ্চিত্ৰ উদ্যোগতো ইয়াৰ প্ৰভাৱ পৰে। ১৯৯৯ চনত মুক্তি পোৱা ‘দ্য মেট্ৰিক্স’ আৰু ২০১৪ চনত মুক্তি পোৱা ‘জন উইক’ ছবি দুখনৰ চিত্ৰনাট্য আচলতে ‘এ বেটাৰ টুম’ৰ’ ছবিখনৰ পৰাই অনুপ্ৰাণিত হৈছিল।

আনকি ২০১১ চনত মুক্তি পোৱা কোৰিয়ান ছবি ‘দ্য ৰেইড: ৰিডেম্পচন’ও ‘এ বেটাৰ টুম’ৰ’ৰ দৰেই ‘হিৰ’ইক ব্লাডশ্বেড’ ধাৰাত আছে। সঞ্জয় গুপ্তাৰ পৰিচালিত এখন ছবি ১৯৯৪ চনত বলিউডত মুক্তি লাভ কৰে। ‘আতিশ: ফিল দ্য ফায়াৰ’ নামৰ এই ছবিখন ‘এ বেটাৰ টুম’ৰ’’ৰ পৰা অনুপ্ৰাণিত। ছবিখনত অভিনয় কৰিছিল সঞ্জয় দত্ত আৰু আদিত্য পাঞ্চোলীয়ে।

কিন্তু আমোদজনক কথাটো হ’ল ‘এ বেটাৰ টুমৰো’ ছবিখনকো সম্পূৰ্ণ ‘অৰিজিনেল’ বুলি ক’ব নোৱাৰি। ১৯৬৭ চনত মুক্তি পোৱা ‘দ্য ষ্ট’ৰী অৱ এ ডিচচাৰ্জড প্ৰিজনাৰ’ আৰু ১৯৭৯ চনত মুক্তি পোৱা ‘দ্য ব্ৰাদাৰ্ছ’ৰ চিত্ৰনাট্যৰ সংযুক্ত প্ৰচেষ্টা ‘এ বেটাৰ টুম’ৰ’।

‘দীৱাৰ’ মুক্তি পোৱাৰ পাছত অমিতাভ, পাৰবীন আৰু চেলিম-জাভেদৰ যুটিয়ে এফালে নিজৰ কেৰিয়াৰৰ শীৰ্ষত উপনীত হয়, আনফালে সমগ্ৰ দেশ আৰু বিদেশত একচন ধাৰাবাহিক ছবিৰ সংখ্যা বৃদ্ধি পালে।

১৯৯২ চনত ‘হাৰ্ড বয়ল্ড’ ছবিৰ চিত্ৰনাট্যৰ পৰা ‘মহৰা’ নামৰ হিন্দী ছবিখন নিৰ্মাণ কৰা হয়। আনকি ‘হাৰ্ড বয়ল্ড’ ছবিখনৰ এটা একচন দৃশ্য ১৯৯৭ চনত মুক্তি পোৱা ‘শপত’ ছবিখনতো চিত্ৰিত কৰা হৈছিল। ১৯৮৭ চনত মুক্তি পোৱা ‘চিটি অন ফায়াৰ’ ছবিৰ পৰা অনুপ্ৰাণিত হৈ ১৯৯২ চনত নিৰ্মাণ কৰা ‘ৰিজাৰ্ভাৰ ডগছ’ ছবিখন। আকৌ ২০০২ চনত ‘ৰিজাৰ্ভাৰ ডগছ’ৰ পুনৰ্নিৰ্মাণ কৰা হয়। বলিউডৰ ‘কাঁটে’ ছবিখন আচলতে ‘ৰিজাৰ্ভাৰ ডগছ’ৰ চিত্ৰনাট্যৰ দ্বাৰা প্ৰভাৱিত হৈছে।

২০০০ চনত ববি দেওল আৰু ৰাণী মুখোপাধ্যায়ক গুড্ডু ধনোয়াৰ ছবি ‘ভিচ্চু’ত অভিনয় কৰা দেখা গৈছিল। যদিও এই ছবিখনে বহু প্ৰশংসা লাভ কৰিছিল, তথাপিও এই ছবিখন আচলতে ১৯৯৪ চনত মুক্তি পোৱা ‘লিয়ন: দ্য প্ৰফেচনেল’ৰ পুনৰ্নিৰ্মাণ।

বলিউডৰ সূত্ৰৰ মতে, কেৱল হংকঙৰ চলচ্চিত্ৰ নিৰ্মাতাসকলেই নহয়, ‘দীৱাৰ’ ছবিখনৰ পুনৰ্নিৰ্মাণ অনেকে কৰিছে। ১৯৭৬ চনত ‘মগাডু’ শীৰ্ষক এখন তেলেগু ছবি, ১৯৮১ চনত ‘থি’ শীৰ্ষক এখন তামিল ছবি আৰু ১৯৮৩ চনত ‘নাথী মুথাল নাথী ভাৰে’ ছবি আটাইকেইখনেই আছিল ‘দীৱাৰ’ৰ পুনৰ্নিৰ্মাণ।

আনকি ‘দীৱাৰ’ৰ অনুকৰণ হিচাপে ১৯৭৮ চনত পাৰ্চী ভাষাৰ এখন ছবি ‘কুছে-য়ে-জুনুব’ও মুক্তি পাইছিল আৰু ১৯৮৫ চনত ‘আচিলাৰিন কোকুগু’ নামৰ এখন তুৰ্কী ভাষাৰ ছবি মুক্তি পাইছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement