--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমে ৫ টকীয়া টুথপেষ্টৰ বিজ্ঞাপনত অংশ লৈছিল কৃতি শ্বেননে। সেয়াই আৰম্ভণি। মানুহে প্ৰথম দেখিছিল কৃতি শ্বেননক। বিজ্ঞাপনটোত প্ৰেমিকৰ সৈতে কলেজৰ কেন্টিনত বহি ৫ টকীয়া মূদ্ৰা এটা লৈ হাঁহি মাৰিছিল কৃতিয়ে।

মডেলিঙৰ জৰিয়তেই কৃতিৰ কেৰিয়াৰ আৰম্ভ হৈছিল। প্ৰথমতে তেওঁ সৰু সৰু বিজ্ঞাপনত কাম কৰিছিল। বিজ্ঞাপনৰ জৰিয়তে কৃতিয়ে নিজৰ অভিনয় প্ৰতিভা আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছত তেওঁ লাইট, কেমেৰা, একচনৰ জগতখনত খোজ দিলে।

২০১৪ চনত অভিনয় জগতত প্ৰৱেশ কৰিছিল কৃতিয়ে। বহুতে বিশ্বাস কৰে যে, সেই সময়ত তেওঁৰ প্ৰথম কাম আছিল নৱাগত টাইগাৰ শ্ৰফৰ বিপৰীতে ‘হিৰোপন্তি’ ছবিখনত। কিন্তু ডাঙৰ পৰ্দাত তেওঁৰ আত্মপ্ৰকাশ হিন্দী ভাষাত নহয়, তেলেগু ভাষাতহে হৈছিল।

২০১৪ চনত প্ৰথমবাৰৰ বাবে দেখা গৈছিল তেলেগু চাইক’লজিকেল একচন থ্ৰিলাৰ 'নেনোক্কাদিন’ত। সেই ছবিখনৰ শ্বুটিঙৰ সময়ত তেওঁ ‘হিৰোপন্তী’ ছবিখনত চহী কৰিছিল।

ইয়াৰ পিছত কৃতিয়ে ‘দিলৱালে’, ‘ৰাবতা’, ‘বেৰেইলী কি বৰফী’, ‘লুকাশ্বুপি’ ছবিত কাম কৰিছিল। বক্স অফিচত ছবিকেইখনে দৰ্শনীয় সফলতা লাভ নকৰিলেও অভিনেত্ৰীগৰাকীয়ে দৰ্শকৰ হৃদয়ত স্থান দখল কৰিছে।


'বেৰেইলী কী বৰফী’ ছবিত ৰাজকুমাৰ ৰাওৰ বিপৰীতে কৃতিৰ অভিনয়ে বহু প্ৰশংসা লাভ কৰে। সুশান্ত সিং ৰাজপুতৰ সৈতে ‘ৰাবতা’ ছবিত কাম কৰিছিল, যাৰ বাবে দৰ্শকে ছবিখন মনত পেলাব।

২০২১ চনটো কৃতিৰ অভিনয় জীৱনৰ টাৰ্নিং পইণ্ট। ‘নেটফ্লিক্স’ আৰু ‘জিঅ’ চিনেমা’ৰ পৰ্দাত মুক্তি পাইছিল ‘মিমি’। কৃতিয়ে ছবিখনক জনপ্ৰিয় কৰি তুলিছিল। অভিনেতা পংকজ ত্ৰিপাঠীয়ে তেওঁক সংগ দিছিল। ছৱিখনত তাইৰ চেৰ’গেট মাতৃ চৰিত্ৰ ৰূপায়ন কৰিছিল। চৰিত্ৰটোক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ তাই ১৫ কিলোগ্ৰাম ওজন বৃদ্ধি কৰিছিল।

‘মিমি’ চিনেমাৰ ‘পৰম সুন্দৰী’ গীতটো এতিয়াও দৰ্শকৰ মুখত আছে। সেই গীতৰ ছন্দত কৃতিৰ নৃত্য বহুদিনলৈ মনত থাকিব। কিন্তু গ্লেমাৰৰ জগতখনত কৃতিৰ আৰম্ভণি কেনে আছিল? বহুতে হয়তো নাজানে, মডেলিং কৰি থাকোঁতে চকুলো টুকিব লগা হৈছিল অভিনেত্ৰীগৰাকীয়ে।

এটা সাক্ষাৎকাৰত কৃতিয়ে প্ৰথমবাৰৰ বাবে ফেশ্বন শ্ব’ত খোজ কঢ়াৰ কথা মনত পেলাইছিল। তাত তেওঁ কয় যে ৰেম্পত খোজ কাঢ়ি যোৱাৰ সময়ত তেওঁ হাই হিল পিন্ধিব লগা হৈছিল। কৃতিয়ে ক’লে, “প্ৰথমবাৰ ৰেম্পত খোজ কাঢ়ি যোৱাৰ সময়ত মই বৰ বিভ্ৰান্ত হৈছিলো। সেই দিনটো মোৰ বৰ ভালকৈ মনত আছে। যিধৰণে মোক খোজকাঢ়িবলৈ কোৱা হৈছিল, মই পৰা নাছিলো। ঘৰলৈ উভতি অহাৰ পথত অটোত বহি কান্দিছিলো।’’

১৯৯০ চনৰ ২৭ জুলাইত দিল্লীত জন্মগ্ৰহণ কৰিছিল কৃতিয়ে। প্ৰথমতে অভিনয়ৰ প্ৰতি তেওঁৰ আকৰ্ষণ নাছিল। তেওঁ অভিযন্তা হ’ব বিচাৰিছিল। দিল্লীৰ জয়পি ইনষ্টিটিউট অৱ ইনফৰ্মেশ্যন টেকন’লজিৰ পৰা বিটেক কৰিছিল।

কলেজত পঢ়ি থাকোঁতে কৃতিয়ে মডেলিং কৰা আৰম্ভ কৰিলে। দন্ত চিকিৎসাৰ বিজ্ঞাপন এটা কৰাৰ প্ৰথম সুযোগ পাইছিল। প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত থিয় হৈ তেওঁ বুজি পাইছিল যে তেওঁ অভিনয়ত আটাইতকৈ সাৱলীল। কেমেৰাৰ লেন্সখনে তেওঁক ৰোমাঞ্চিত কৰি তুলিলে।

কৃতিৰ নিজা ফেশ্বন ব্ৰেণ্ড আছে। নামটো হৈছে ‘মিছ টেকেন’। এই ব্ৰেণ্ডৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে নিজৰ ষ্টাইল প্ৰদৰ্শন কৰিব বিচাৰিছে। পশ্চিমীয়া ষ্টাইলৰ সাজ-পোছাকক ভাৰতীয় মহিলাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তুলিব বিচাৰে।

ইখনৰ পিছত সিখন ছবিৰ এক ব্যস্ত ৰুটিন, তথাপিও কৃতিয়ে আজৰি সময়ত তেওঁ বহী আৰু কলমৰ আশ্ৰয় লয়। সৰুৰে পৰা কবিতা লিখাৰ প্ৰতি তেওঁৰ আকৰ্ষণ।

বলীউডত কৃতিৰ কোনো পূৰ্ব চিনাকি নাছিল। তেওঁ নিজৰ প্ৰতিভাৰে হিন্দী চিনেমা জগতত নিজৰ স্থান দখল কৰিছে। ৱেব ছিৰিজতো পৰ্দাত কৃতি সমানেই শক্তিশালী। দৰ্শক কৃতিক লৈ আগ্ৰহী হৈ পৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement