--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰৰ জানুৱাৰী মাহত ছৌদি আৰৱৰ আল নাছেৰ ক্লাবত যোগদান কৰিছিল ক্রিষ্টিয়ানো ৰোনাল্ডোৱে৷ তেতিয়াৰ পৰাই ইজনৰ পিছত সিজন বিখ্যাত ফুটবলাৰ সেই দেশলৈ গৈছে। সেই তালিকাত আছে নেইমাৰ, কৰিম বেনজেমা, এন’গোলো কান্টে। শেহতীয়াকৈ ছৌদি লীগত খেলা ফুটবলাৰৰ দৰমহাৰ তালিকা প্ৰকাশ পাইছে। দেখা গ’ল, ৰোনাল্ডোৰ দৰমহা দ্বিতীয় স্থানত থকা নেইমাৰৰ দৰমহাতকৈও দুগুণ বেছি।

শেহতীয়াকৈ ছৌদি লীগত খেলা ফুটবলাৰৰ দৰমহাৰ তালিকা ৰাজহুৱা কৰিছে এটা সংস্থাই। দেখা গৈছে যে ৰোনাল্ডোৱে আল নাছেৰৰ পৰা ২০ কোটি ইউৰো বা ১৮১৭ মিলিয়ন টকা বেছি উপাৰ্জন কৰে। নেইমাৰ আৰু বেনজেমা যৌথভাৱে দ্বিতীয় স্থানত আছে। দুয়োৰে দৰমহা ১০ কোটি ইউৰো বা ৯০৮ কোটি টকা।

তৃতীয় স্থানত আছে মানচেষ্টাৰ চিটিৰ প্ৰাক্তন ফুটবলাৰ ৰিয়াদ মাহৰেজ। তেওঁ ৫.২৫ কোটি ইউৰো বা ৪৭৭ কোটি টকা দৰমহা পায়। পঞ্চম স্থানত থকা ছাদিঅ’ মানেই ৪ কোটি ইউৰো বা ৩৬৩ কোটি টকাৰ দৰমহা লাভ কৰে।

ধনৰ ক্ষেত্ৰত বিশ্বত আধিপত্য প্ৰদৰ্শনৰ লক্ষ্যৰে আগবাঢ়িছে ছৌদি প্ৰিমিয়াৰ লীগ। বহু ফুটবলাৰে অহা ছিজনৰ বাবেও চৌদি ক্লাবৰ ওপৰত চকু ৰাখিছে। ইয়াৰ ভিতৰত আছে কেচেমিৰো, ইলছন, এলিছন বেকাৰ আৰু কেভিন দ্য ব্ৰুইন। এণ্টনিঅ’ ৰুডিগাৰক ৰিয়েল মাদ্রিদৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও তেওঁ নাকচ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ