--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অত্যধিক মোবাইল ফোন টিপি থকাৰ বাবেই চকু দুটা অন্ধ হোৱাৰ পৰা অলপৰ বাবেহে বাচিল এগৰাকী যুৱতী। হায়দৰাবাদৰ এগৰাকী যুৱতীৰ এনেকুৱা এটা বাতৰি শিৰোনামালৈ আহিছে।

চকু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰে শেহতীয়াকৈ এই বিষয়ে টুইট কৰিছে। টুইটটো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ডাঃ সুধীৰে টুইটটোত ৩০ বছৰীয়া মঞ্জু নামৰ যুৱতীগৰাকীৰ দুখৰ কাহিনী সদৰী কৰিছে।

এটা সন্তানৰ মাতৃ মঞ্জু স্মাৰ্টফোনৰ প্ৰতি আসক্ত আছিল। তেওঁ ভাৰ্চুৱেল পৃথিৱীত নিশা পিছত নিশা উজাগৰে কটাইছিল। বাথৰুমতো লগত ৰাখিছিল ফোনটো। হঠাতে এদিন তেওঁৰ চকুত অস্বস্তি অনুভৱ হৈছিল। কিবা এটা বস্তুৰ পিনে চালে, সেই দৃশ্যটোৰ উপৰিও বিভিন্ন ৰূপৰ আকৃতি দেখা পায়। মাজে মাজে পোহৰৰ ঝলকনি দেখিবলৈ পাইছিল। কিন্তু বাস্তৱত সেইটো হোৱা নাছিল

পৰৱৰ্তী পৰ্যায়ত, মঞ্জুৰ ভিজনত কিছুমান ক’লা পেটাৰ্ণ দেখা যায়। অন্তিম পৰ্যায়ত যি ঘটে তাক অস্থায়ী অন্ধত্ব বুলি কোৱা হয়। কেতিয়াবা পোহৰৰ পৃথিৱীখন কেই ছেকেণ্ডৰ বাবে ক’লা হৈ পৰিছিল। মঞ্জু স্বাভাৱিকতে চিন্তিত হৈ পৰে।

এই অৱস্থাত তেওঁ চকু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰৰ ওচৰলৈ গৈছিল। এক টুইটযোগে সুধীৰে কয় যে তেওঁ সকলো কথা জনাৰ পিছত মঞ্জুক কোনো ঔষধ দিয়া নাছিল। তাৰ পৰিৱৰ্তে স্মাৰ্টফোনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ উপদেশ দিয়ে।

চিকিৎসক সুধীৰৰ এই পৰামৰ্শ অনুসৰিয়ে মঞ্জু লাহে লাহে সুস্থ হৈ আহিছে। সুধীৰে কয় যে মঞ্জুৰ সৈতে যি ঘটিছিল সেয়া সকলোৰে ক্ষেত্ৰত হ’ব পাৰে। সেইকাৰণে তেওঁ গোটেই ঘটনাটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

দেশৰ সচেতন নাগৰিকসকলক চিকিৎসকগৰাকীৰ পৰামৰ্শ হৈছে- “ডিজিটেল সঁজুলিৰ স্ক্ৰীণখন বেছি সময় চোৱা পৰিহাৰ কৰক। ইয়াৰ কাৰণ হৈছে ই আপোনাৰ দৃষ্টিশক্তিৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। আপুনি আনকি অন্ধও হ’ব পাৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক