--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অত্যধিক মোবাইল ফোন টিপি থকাৰ বাবেই চকু দুটা অন্ধ হোৱাৰ পৰা অলপৰ বাবেহে বাচিল এগৰাকী যুৱতী। হায়দৰাবাদৰ এগৰাকী যুৱতীৰ এনেকুৱা এটা বাতৰি শিৰোনামালৈ আহিছে।

চকু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰে শেহতীয়াকৈ এই বিষয়ে টুইট কৰিছে। টুইটটো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ডাঃ সুধীৰে টুইটটোত ৩০ বছৰীয়া মঞ্জু নামৰ যুৱতীগৰাকীৰ দুখৰ কাহিনী সদৰী কৰিছে।

এটা সন্তানৰ মাতৃ মঞ্জু স্মাৰ্টফোনৰ প্ৰতি আসক্ত আছিল। তেওঁ ভাৰ্চুৱেল পৃথিৱীত নিশা পিছত নিশা উজাগৰে কটাইছিল। বাথৰুমতো লগত ৰাখিছিল ফোনটো। হঠাতে এদিন তেওঁৰ চকুত অস্বস্তি অনুভৱ হৈছিল। কিবা এটা বস্তুৰ পিনে চালে, সেই দৃশ্যটোৰ উপৰিও বিভিন্ন ৰূপৰ আকৃতি দেখা পায়। মাজে মাজে পোহৰৰ ঝলকনি দেখিবলৈ পাইছিল। কিন্তু বাস্তৱত সেইটো হোৱা নাছিল

পৰৱৰ্তী পৰ্যায়ত, মঞ্জুৰ ভিজনত কিছুমান ক’লা পেটাৰ্ণ দেখা যায়। অন্তিম পৰ্যায়ত যি ঘটে তাক অস্থায়ী অন্ধত্ব বুলি কোৱা হয়। কেতিয়াবা পোহৰৰ পৃথিৱীখন কেই ছেকেণ্ডৰ বাবে ক’লা হৈ পৰিছিল। মঞ্জু স্বাভাৱিকতে চিন্তিত হৈ পৰে।

এই অৱস্থাত তেওঁ চকু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰৰ ওচৰলৈ গৈছিল। এক টুইটযোগে সুধীৰে কয় যে তেওঁ সকলো কথা জনাৰ পিছত মঞ্জুক কোনো ঔষধ দিয়া নাছিল। তাৰ পৰিৱৰ্তে স্মাৰ্টফোনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ উপদেশ দিয়ে।

চিকিৎসক সুধীৰৰ এই পৰামৰ্শ অনুসৰিয়ে মঞ্জু লাহে লাহে সুস্থ হৈ আহিছে। সুধীৰে কয় যে মঞ্জুৰ সৈতে যি ঘটিছিল সেয়া সকলোৰে ক্ষেত্ৰত হ’ব পাৰে। সেইকাৰণে তেওঁ গোটেই ঘটনাটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

দেশৰ সচেতন নাগৰিকসকলক চিকিৎসকগৰাকীৰ পৰামৰ্শ হৈছে- “ডিজিটেল সঁজুলিৰ স্ক্ৰীণখন বেছি সময় চোৱা পৰিহাৰ কৰক। ইয়াৰ কাৰণ হৈছে ই আপোনাৰ দৃষ্টিশক্তিৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। আপুনি আনকি অন্ধও হ’ব পাৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু