--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত উদ্ধাৰ হৈছে ৪১ হাজাৰ বছৰীয়া উটপক্ষীৰ বাহ। এইটোৱেই হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি উটপক্ষীৰ বাহ। এম এছ ইউ, বাডোদৰা, গুজৰাটৰ বিজ্ঞানীসকলৰ লগতে জাৰ্মানী, অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ সহকৰ্মীসকলে অন্ধ্ৰ প্ৰদেশৰ প্ৰকাশম জিলাত এই আৱিষ্কাৰ কৰিছে। এই বাহটোত ৯ৰ পৰা ১১টা কণী পোৱা গৈছিল। এই আৱিষ্কাৰে ভাৰতত কিয় বিশাল প্ৰাণী বিলুপ্ত হ’ল সেই কথা জানিবলৈ সহায়ক হ’ব।

১x১.৫ মিটাৰ এলেকাত বিস্তৃত হৈ থকা এই বাহটোত প্ৰায় ৩৫০০টা উটপক্ষীৰ কণীৰ টুকুৰা পোৱা গৈছিল। দক্ষিণ ভাৰতত উটপক্ষীৰ উপস্থিতিৰ এইটোৱেই প্ৰথম প্ৰমাণ। ইয়াৰ পূৰ্বে ৰাজস্থানৰ কাটোটিৰ পৰা উটপক্ষীৰ কণীৰ আটাইতকৈ পুৰণি টুকুৰা পোৱা গৈছিল, যিবোৰ ৬০ হাজাৰ বছৰ পুৰণি আছিল। সাধাৰণতে উটপক্ষীৰ বাহ ৯-১০ ফুট বহল আৰু এটা সময়ত ৩০-৪০টা কণী ৰাখিব পাৰে।

এম এছ ইউৰ পুৰাতত্ত্ব আৰু প্ৰাচীন ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক দেৱৰা অনিল কুমাৰে ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা এই প্ৰকল্পৰ কাম কৰি আছে। তেওঁ কয় যে আটাইতকৈ পুৰণি উটপক্ষীৰ কণীৰ খণ্ডবোৰ হিমালয়ৰ ভাৰতীয় অংশৰ শিৱলিক পাহাৰত পোৱা গৈছে। এইবোৰ ২০ লাখ বছৰৰো অধিক পুৰণি। দৈত্যকায় প্ৰাণী মানে যিবোৰ প্ৰাণীৰ ওজন ৪০ কিলোগ্ৰামতকৈ অধিক। ইয়াৰ ভিতৰত ঘোঁৰা, হাতী, গৰু আৰু হিপ’পটেমছ অন্যতম। প্ৰায় ৪০ হাজাৰ বছৰ আগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তত এই বিশাল প্ৰাণীবোৰৰ কিছুমান বিলুপ্ত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু