--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন ক্ৰিকেট বাজিত ডেৰ কোটি টকা হাৰিলে এজন ইঞ্জিনীয়াৰে। ইঞ্জিনীয়াৰগৰাকীৰ পত্নীয়ে কৰিলে আত্মহত্যা। ছুইচাইড নোটত ১৩ জন লোকৰ নাম লিখি থৈ গৈছে পত্নীয়ে। স্বামীয়ে যিসকল লোকৰ পৰা ধন ধাৰলৈ লৈছিল তেওঁলোকে হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে। 

ছুইচাইড নোটৰ ভিত্তিত আৰক্ষীয়ে ১৩জন লোকৰ বিৰুদ্ধে আই পি চিৰ ৩০৬ ধাৰাত গোচৰ ৰুজু কৰিছে। ১৩জনৰ ভিতৰত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে।

এই গোচৰটো কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাৰ হোছাদুৰ্গাৰ, য’ত ক্ষুদ্ৰ জলসিঞ্চন বিভাগত কৰ্মৰত দৰ্শন বালু নামৰ এজন সহকাৰী অভিযন্তাই সোনকালে ধনী হোৱাৰ প্ৰয়াসত ক্ৰিকেট বাজিত প্ৰায় ডেৰ কোটি টকা হাৰিলে আৰু যেতিয়া তেওঁ ধন ঘূৰাই দিব নোৱাৰিলে ঋণদাতাসকলে তেওঁক হাৰাশাস্তি কৰিছিল। ঋণদাতাসকলে তেওঁৰ ঘৰলৈ আহি তেওঁৰ পত্নীকো হাৰাশাস্তি কৰিবলৈ ধৰিলে। এই কথাত বিৰক্ত হৈ দৰ্শন বালুৰ পত্নী ৰঞ্জিতাই আত্মহত্যা কৰে।

আৰক্ষীৰ মতে, ছুইচাইড নোটত ২৪ বছৰীয়া ৰঞ্জিতাই অভিযোগ কৰিছে যে যিসকল লোকৰ পৰা তেওঁৰ স্বামীয়ে ঋণ লৈছিল তেওঁলোকে প্ৰায়ে তেওঁলোকৰ ঘৰলৈ আহি তেওঁক হাৰাশাস্তি কৰিছিল। এই কথাত বিৰক্ত হৈ তেওঁ এই ভয়ংকৰ পদক্ষেপটো ল’লে। আৰক্ষীৰ মতে, ঋণদাতাসকলে ধন পৰিশোধ নকৰিলে সমগ্ৰ পৰিয়ালটোক বদনাম কৰাৰ হুংকাৰ দিছিল। এই কথাত ৰঞ্জিতাই ভয় খাই ১৯ মাৰ্চত আত্মহত্যা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ